মৰাণ–মটকৰ ৰাজত্ব আৰু মোৱামৰীয়া বিদ্ৰোহ

শ্ৰীকুমাৰ দহোতীয়া, টঙনা, কাকপথাৰ |
১৭৬৯ খ্ৰীঃৰ মোৱামৰীয়া বিদ্ৰোহ অসম বুৰঞ্জীত এক অতি উল্লেখযোগ্য ঐতিহাসিক ঘটনা । ১২৫৩ খ্ৰীঃৰ পৰা নিৰবিচ্ছিন্নভাৱে চলি অহা চাওলুং চুকাফাৰ প্ৰতিষ্ঠিত আহোম ৰাজ্যত প্ৰথম ভাঙোনৰ ভূমিকম্প সৃষ্টি কৰা মোৱামৰীয়া বিদ্ৰোহে স্ব-ৰূপত জিলিকি উঠি পৰবৰ্তিকালত অসমৰ প্ৰথম গণ-জাগৰণ হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় । অসমত গণ বিদ্ৰোহৰ সূচনা কৰা বিদ্ৰোহী মোৱামৰীয়া সকল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ অন্তৰ্গত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ প্ৰতিষ্ঠিত মায়ামৰা সত্ৰৰ শিষ্য আছিল । এওঁলোকৰ ভিতৰত আহোম, কছাৰী, চুতীয়া, কৈৱৰ্ত আদিৰ একাংশ থকাৰ উপৰিও কিছুসংখ্যক বৰ্ণহিন্দুৰ লোক আছিল । কিন্তু মায়ামৰা সত্ৰৰ সৰহ সংখ্যক শিষ্য আছিল অসমৰ অন্যতম প্ৰধান ভূমিপুত্ৰ মৰাণ জনজাতিৰ লোক আৰু তেওঁলোকেই মায়ামৰা ধৰ্মীয় অথবা অন্যান্য কাৰ্যত ভূমিকা গ্ৰহণ কৰিছিল । মৰাণসকল হাতীধৰা, চিকাৰ কৰা, খেতি-বাতি কৰা অথবা কমাৰ, খনিকৰ, হিলৈধাৰী, তাঁতি, যুদ্ধৰ নাও আৰু ধেনুসজা আদি সকলো বৃত্তিত পাৰ্গত থকা বাবে তেওঁলোকৰ জৰিয়তে মায়ামৰা সত্ৰ সমৃদ্ধিশালী আৰু শক্তিশালী হৈ সকলোৰে ঈৰ্ষণীয় হৈ পৰিছিল । আহোম ৰাজ্য প্ৰতিষ্ঠাপক চাওলুং চুকাফাই মৰাণসকলৰ তেনে স্বভাৱ জাত গুণৰ বাবেই তেওঁলোকৰ সক্ৰিয় সহযোগিতাকে মূলধন হিচাবে লৈ আহোম ৰাজতন্ত্ৰৰ অৰ্থনৈতিক ভেটিতো গঢ়ি তোলাৰ নহয় — শক্তিশালী আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল । এনেহেন শক্তিশালী আৰু কৰ্মঠ মৰাণ জাতিক চুকাফাৰ পৰৱর্তী ৰজাসকলে ৰাজনৈতিক অৱহেলা আৰু অৱজ্ঞা কৰাৰ ফলস্বৰূপে বিশেষকৈ শিৱসিংহ ৰজাৰ দিনত (১৭১৪-১৭৪৪ খ্ৰীঃ) বৰৰজা ফুলেশ্বৰীয়ে দূৰ্গা পূজাৰ প্ৰসাদ-নিৰ্মালি আৰু বলিৰ তেজেৰে কপালত ফোঁট লবলৈ বাধ্য কৰি মোৱামৰীয়া মহন্তক চৰম ধৰ্মীয় অপমান কৰাটোৱেই স্বৰূপাৰ্থত ৰাজবিদ্ৰোহৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিল । ৰাজকীয় এনে অন্যায় কাৰ্যই মৰাণসকল মাজত ৰাজতন্ত্ৰ বিৰোধী মনোভাৱ দুগুণে বঢ়াই তুলিলে । অন্যহাতে মোৱামৰীয়া শিষ্যৰ সংখ্যা দিনে দিনে বাঢ়ি যোৱাত মৰাণৰ নেতাসকলে ৰাজতন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাৰ সাহস পাইছিল । যিহেতুকে মোৱামৰীয়া ধৰ্মৰ ‘এক দেৱ এক সেৱ এক বিনে নাই কেৱ’ অৰ্থাৎ এক ঈশ্বৰ সেৱা ধৰ্মলৈ জাতিভেদ নিৰ্বিশেষে অগনণ লোকৰ সোঁত বয় । তদুপৰি মায়ামৰা সত্ৰত উচ্চ-নীচ ভাৱ আপোন-পৰ আদি ভিন্নভাৱ নথকাত তাৰ বিপৰীতে মানৱীয় গুণেহে প্ৰাধান্য পোৱাত মায়ামৰা সত্ৰ হাজাৰ হাজাৰ শিষ্যৰে পাৰাপাৰ হৈ পৰিছিল । মায়ামৰা সত্ৰই সেই সময়ৰ পিছ পৰা জাতি-জনজাতিক শিষ্যত্ব প্ৰদান কৰি আনকি ব্ৰাহ্মণ, কায়স্থ, কলিতাসকলৰ সৈতেও সমব্যৱহাৰ কৰি সম আসন প্ৰদান কৰি সকলো অসমবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছিল । সকলো মোৱামৰীয়া শিষ্যই একেলগে মিলাপ্ৰীতিৰে মায়ামৰা সত্ৰৰ কাম-কাজ এক ভগৱান বা হৰিনাম স্মৰণ কৰিয়েই সম্পন্ন কৰিছিল । এনেকৈয়ে মোৱামৰীয়া সত্ৰ-সংস্কৃতিত থকা সহজ-সৰল ঈশ্বৰ সেৱা আৰু প্ৰকৃত গণতান্ত্ৰিক ভাৱধাৰাৰ বিশিষ্টতাৰ বাবে সংগঠিত হোৱাৰ এখন সবল আৰু নিৰ্ভৰশীল মঞ্চ বিচাৰি পায় । তাৰ বিপৰীতে শাক্ত শৈৱবাদ আৰু পিছৰফালে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দ্বাৰা মোৱামৰীয়া প্ৰতিদ্বন্দ্বী সত্ৰৰ পৃষ্ঠপোষকতা কৰাৰ ৰজাঘৰৰ চকুত মোৱামৰীয়াসকলৰ চকুৰ কুটা দাঁতৰ শূল হৈ উঠাৰ ফলস্বৰূপে মোৱামৰীয়াসকলৰ বিশেষকৈ মৰাণসকল ওপৰত ৰাজকীয় অত্যাচাৰ বৃদ্ধি পাই গৈ থাকে । বিদ্ৰোহে তাত্ক্ষণিক চূড়ান্ত ৰূপ ললে ৰজাঘৰত হাতী যোগানৰ ঘটনাক কেন্দ্ৰ কৰি । এবাৰ মৰাণ নেতা ৰাঘৱ মৰাণ আৰু নাহৰে ৰজাঘৰত হাতী যোগান ধৰিবলৈ আহি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দ্বাৰা বৰ বেয়াকৈ অপমানিত হয় । নাহৰ আৰু ৰাঘৱে এই চৰম অপমান আৰু শাৰীৰিক নিৰ্যাতনৰ কথা তেওঁলোকৰ গুৰু মোৱামৰীয়া মহন্তক জনোৱাত মোৱামৰীয়া মহন্তই নিজৰ শিষ্যৰ ওপৰত কৰা এনে অপমানৰ পোটক তুলিবলৈ দৃঢ় প্ৰতিজ্ঞ হ’ল । অৱশেষত মোৱামৰীয়া মহন্ত অষ্টভুজদেৱৰ পুত্ৰ গাগিনি বায়নৰ আহ্বানত ৮ লাখ মোৱামৰীয়া যোৰহাটৰ মালৌ পথাৰত সমবেত হয় আৰু মোৱামৰীয়া মহন্তৰ আজ্ঞা সাপেক্ষে আহোম ৰজাৰ বিৰুদ্ধে মহা বিদ্ৰোহৰ পাতনি মেলে । কাল সংহতিৰ মায়ামৰা মহন্তৰ আহ্বান আৰু পৰোক্ষ নেতৃত্বত নিপীড়িক, শোষিত, লাঞ্চিত শিষ্যবৰ্গৰ এয়ে ১৭৬৯ খ্ৰীঃৰ অসম বুৰঞ্জীখ্যাত মোৱামৰীয়া প্ৰথম বিদ্ৰোহ । তাৰ পাছতে ১৭৮৩ খ্ৰীঃত ২ য় মোৱামৰীয়া বিদ্ৰোহ আৰু ১৭৮৬ খ্ৰীঃত ৩ য় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হয় । আচলতে মোৱামৰীয়া বিদ্ৰোহ চলিছিল ১৭৬৯ খ্ৰীঃৰ ১৮০৬ খ্ৰীঃলৈ সুদীৰ্ঘ ৩৭ বছৰ ধৰি । সুদীৰ্ঘ ৩৭ বছৰীয়া মোৱামৰীয়া বিদ্ৰোহে আহোম ৰাজ্যৰ কঁকাল ভাঙি দিয়াত অসমৰ বিভিন্ন খণ্ডত বহুতো স্ব-ৰাজ্য গঢ়ি উঠে । সেই স্বাধীন ৰাজ্যসমূহৰ ভিতৰত প্ৰখ্যাত আছিল ৰংপুৰ, মাজুলী, জাপৰিভেটা আৰু বেংমৰা মটক ৰাজ্য । অৱশ্যে ৰংপুৰ, মাজুলী কম দিনৰ ভিতৰতে ক্ৰমান্বয়ে আহোম ৰাজ্যৰ লগত মিলি যায় । জাপৰিভেটাৰ মোৱামৰীয়া ৰাজ্যই বহু দিনলৈ স্থায়ীত্ব পাইছিল আৰু হৰিহৰৰ নেতৃত্বত চলা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বাবে প্ৰজাগণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল । ইপিনে মোৱামৰীয়াসকলে সৰ্বানন্দ সিংহৰ নেতৃত্বত ১৭৯৫ খ্ৰীঃত স্বাধীন সাৰ্বভৌম বেংমৰা মটক ৰাজ্য প্ৰতিষ্ঠা কৰি স্বৰ্গদেউ উপাধি গ্ৰহণেৰে নিজ নামেৰে মুদ্ৰা মৰোৱাই ৰাজ্য শাসন কৰে । সৰ্বানন্দ সিংহই ৰঙাগড়াত ৰাজধানী পাতি দেশ সু-শাসনৰ পাতনি মেলে । সৰ্বানন্দই বেংমৰাত ৰংঘৰ, চৰাঘৰ, মেলঘৰ নিৰ্মাণ কৰাৰ উপৰিও প্ৰজাগণৰ সুবিধাৰ বাবে ন-পুখুৰী, তিনিকোণীয়া পুখুৰী, বেংমৰা পুখুৰী, মাহ ধোৱা পুখুৰী, দেৱী পুখুৰী খন্দাইছিল । যাতায়তৰ সুবিধাৰ বাবে স্বৰ্গদেউ সৰ্বানন্দৰ আদেশ অনুসৰি গোধা বৰবৰুৱাই ৰঙাগড়া আলি, গোধা আলি, হাতীআলি, ন-আলি, ৰাজগড় আলি আদি বন্ধাই প্ৰজাগণৰ সেৱাত ব্ৰতী হৈছিল । ৰাজ্য শাসনৰ সুচলাৰ্থে ৰাজ্যৰ সোঁমাজ স্বৰূপ বেংমৰাত (বৰ্তমান তিনিচুকীয়া নগৰ) স্থায়ীভাৱে ৰাজধানী স্থাপন কৰি ১৪ বছৰ কাল সুখ্যাতিৰে ৰাজ্য শাসক কৰে । ৰাজ্যৰ সুৰক্ষাৰ বাবে সৰ্বানন্দ সিংহই ৰাজধানীক চাৰিওফালে আহোম স্বৰ্গদেউ সকলৰ আৰ্হিৰে ডাঙৰ ডাঙৰ গড় মাৰিছিল । যুদ্ধত ব্যৱহাৰ কৰিবলৈ বিধে বিধে যুদ্ধৰ আহিলা সজাইছিল, ৰাজ্যখন বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ । ৰাজ্যখন শস্য, মত্স্য আদিৰে উভৈনদী আছিল । ধৰ্মপৰায়ন সৰ্বানন্দ সিংহই অষ্টভূজ গোসাঁইৰ ওচৰত শৰণ লোৱাৰ পিছত ৰাজকাৰ্য আৰু ধৰ্মকাৰ্য দুয়োটাই সফলতাৰে পালন কৰি এক আদৰ্শ ৰজা হিচাপে সকলোৰে শ্ৰদ্ধা লাভ কৰিছিল । সৰ্বানন্দ সিংহৰ সবল নেতৃত্বত ৰাজ্যখনৰ শক্তিশালী স্থিতি আৰু অন্যান্য ৰাজনৈতিক বাধ্য-বাধকতাৰ বাবে চতুৰ পূৰ্ণানন্দ গোহাঁই ডাঙৰীয়াই যুদ্ধৰ পৰিবৰ্তে শান্তিকামী দৃষ্টিভংগী লৈ মটক ৰজাৰ সৈতে বন্ধুত্ব স্থাপনৰ প্ৰস্তাৱ লয় । ইতিমধ্যে ১৮০৫ খ্ৰীঃৰ ২৪ মে’ তাৰিখে মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ মটিবৰে বেংমৰা মটক ৰাজ্যৰ ৰজা হয় । এইজনা বেংমৰা মটক ৰাজ্যৰ সুযোগ্য সন্তানকে আহোম ৰজাই বৰসেনাপতি উপাধি প্ৰদান কৰি ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙৰ মাজত অৱস্থিত তেওঁৰ মটক ৰাজ্যক ৰাজকীয় স্বীকৃতিৰে স্বতন্ত্ৰৰীয়াকৈ মোৱামৰীয়া শাসন ব্যৱস্থা চলাবলৈ এৰি দিয়ে । ফলত দুয়ো ৰাজ্যৰ বন্ধুত্ব অতি কটকটীয়া হৈ পৰিছিল । সুদীৰ্ঘ কালৰ মোৱামৰীয়া বিদ্ৰোহৰ ফলশ্ৰুতিত এনেকৈয়ে মটক ৰাজ্যৰ জন্ম আৰু ৰাজকীয় স্বীকৃতি লাভ অসম বুৰঞ্জীৰ অন্যতম উল্লেখযোগ্য ঐতিহাসিক ঘটনা । যি কি নহওঁক মটিবৰে মটক ৰাজ্যখন গণতান্ত্ৰিক পদ্ধতিৰে শাসন কৰি অতি উন্নতৰ অৱস্থালৈ লৈ যায় । সুদীৰ্ঘ কাল মটিবৰে দেশ শাসন কৰি ১৮৩৯ চনৰ ২ জানুৱাৰীত মৃত্যুবৰণ কৰে । মটিবৰে বৰসেনাপতিৰ মৃত্যুৰ পাছত তেওঁৰ ইচ্চাঅনুযায়ীয়েই দ্বিতীয় পুত্ৰ ভাগীৰথ মাজু গোহাঁই মটক ৰাজ্যৰ অধিপতি হয় । মাজু গোহাঁই ৰজা হোৱাৰ পাছৰে পৰা মটক ৰাজ্যৰ পতনৰো যুগ আৰম্ভ হয় । পতনৰ কাৰণ বৃটিছৰ সাম্ৰাজ্যবাদী মনোভাৱ । বৃটিছে ইতিমধ্যে ১৮২৬ খ্ৰীঃত মটকৰ বৰসেনাপতিৰ সৈতে কৰা এক চুক্তিৰ দ্বাৰা মটক ৰাজ্যখন চলাবলৈ এৰি দিছিল । ১৮৩৮ খ্ৰীঃৰ অক্টোবৰ মাহত পুৰন্দৰ সিংহৰ আহোম ৰাজ্যখন বৃটিছ ৰাজ্যৰ অন্তৰ্ভুক্ত হয় । বৃটিছে পুৰন্দৰ সিংহৰ আহোম ৰাজ্যখন নিজ হাতলৈ নিয়াৰ পাছত মটক ৰাজ্যখনো নিজৰ হাতলৈ নিয়াৰ আঁচনি কৰে । মটক ৰাজ্যখন যিহেতু চাহ উত্পন্নৰ কাৰণে অতি উত্কৃষ্ট, সেয়েহে মটক ৰাজ্যত চাহ বাগিচা খুলিবৰ বাবেই উক্ত ৰাজ্যখন বৃটিছৰ হাতলৈ নিয়াৰ পৰিকল্পনা কৰে । সেই পৰিকল্পনা অনুসৰি বৃটিছ কৰ্তৃপক্ষই কেপ্তেইন হোৱাইট চাহাবক ১৮৩৯ চনৰ ২০ ফেব্ৰুৱাৰী দিনা মটক ৰাজ্যলৈ প্ৰেৰণ কৰে । হোৱাইট চাহাব মটক ৰাজ্যৰ ৰাজধানীত উপস্থিত হোৱাৰ পাছত মটক ৰজা মাজু গোহাঁইৰ সৈতে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাত মিলিত হয় । আলোচনাত হোৱাইট চাহাবে দেশৰ চাহ উদ্যোগৰ প্ৰসাৰতাৰ বাবে চাহ খেতিৰ বাবে উপযোগী সকলো আবাদি মাটি বৃটিছক সমৰ্পন কৰিবৰ বাবে জোৰ দিয়ে । অন্যহাতে মটক ৰাজ্যত বৃটিছ বিষয়া এজন ৰখা তদুপৰি আগৰ চুক্তিৰ সংশোধন কৰি ৰাজ্যৰ পৰা বছৰেকীয়া কৰ ১০,০০০ ৰ পৰা ১২,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে । বৃটিছৰ এনে অন্যান্য দাবীত মটক ৰজা মাজু গোহাঁই দেৱে পিছদিনা ৰাজ্যৰ পৰিষদৰ সৈতে আলোচনাত বহি এনে দাবী অগ্ৰাহ্য কৰে । বৃটিছৰ দাবী অগ্ৰাহ্য কৰাৰ পাছতে বৃটিছ কৰ্তৃপক্ষই বৃটিছ চৰকাৰৰ আদেশ আৰু নিৰ্দেশ অনুযায়ী এক ঘোষণাৰ জৰিয়তে ১৮৩৯ চনৰ নবেম্বৰ মাহত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ মটক ৰাজ্যখন বৃটিছ সাম্ৰাজ্যৰ সৈতে চামিল কৰে । এনেদৰেই নানা উত্থান-পতন আৰু ভয়ঙ্কৰ সংগ্ৰামৰ ফলশ্ৰুতিত ১৮ শ শতিকাৰ শেষৰ ফালে জন্ম হোৱা মটক ৰাজ্যখন সাম্ৰাজ্যবাদী বৃটিছৰ কূট-কৌশলত পৰি ১৮৩৯ চনত গৌৰৱময় মটক ৰাজত্বৰ অন্ত পৰে । ১৮৪১ চনৰ ২৯ নবেম্বৰ তাৰিখে বৃটিছ-ভাৰত চৰকাৰে মটিবৰ সেনাপতিৰ পৰিয়ালৰ সকলো সদস্যকে পেঞ্চন আৰু নিস্কৰ মাটি প্ৰদানৰ ব্যৱস্থা কৰিলে । মটক ৰজা সৰ্বানন্দ সিংহৰ শেষ বংশধৰ হিচাপে ৰাষ্ট্ৰ প্ৰশাসন সম্বন্ধীয় পেঞ্চন ভোগ কৰা সৰ্বশেষ লোকজন আছিল ৰাজকুমাৰ লঙ্কেশ্বৰ গোহাঁই । তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ সৰু দিৰাক গাঁৱৰ নিবাসী ৰাজকুমাৰ গোহাঁই দেৱে আজীৱন নিজৰ আৰু ককাকৰ মটক ৰাজ্য উদ্ধাৰৰ বাবে ভাৰত চৰকাৰক দাবী কৰি আৰু এই দাবীৰ কাৰ্যকাৰীতাৰ ভাৰ উত্তৰ-পুৰুষলৈ এৰি এক অতৃপ্ত আৰু অপূৰ্ণ মনেৰে ১৯৭২ চনত ইহলীলা সম্বৰণ কৰে । এইজনা মহান সংগ্ৰামী ৰাজকুমাৰ গোহাঁই দেৱৰ ইহলীলা সম্বৰণৰ লগে লগে মটক ৰাজ্যৰ স্মৃতি সম্পূৰ্ণৰূপে বিস্মৃতিত পৰিণত হ’ল । মটক ৰাজ্য এতিয়া বিস্মৃতিত পৰিণত হ’লেও মটক ৰাজ্যত গণতান্ত্ৰিক পদ্ধতিৰে চলোৱা শাসনে আজিও সকলোকে আকৃষ্ট নকৰাকৈ নাথাকে । বিশেষকৈ সৰ্বানন্দ সিংহ আৰু মটিবৰ বৰসেনাপতিৰ ৰাজত্বকালত সমগ্র মটক প্ৰজাগণ সুখ আৰু শান্তিত বসবাস কৰাৰ কাৰণ গভীৰ গৱেষণাৰ বিষয় । উল্লেখ কৰিব পাৰি যে সেই সময়ৰ ৰাজ্যৰ প্ৰশাসন পৰিচালনাৰ সুবিধাৰ্থে বৰসেনাপতিয়ে পাতি লোৱা এখন মুৰব্বী সভাৰে গঠিত সভাৰ দ্বাৰাহে সকলো কাৰ্য সম্পন্ন কৰা হৈছিল । আকৌ এই সভাৰ মুৰব্বীসকলক প্ৰজাগণৰ দ্বাৰা নিৰ্বাচন কৰি লোৱা হৈছিল আৰু প্ৰতিজন মুৰব্বীয়েই কোনোবা এটা খেল বা বংশক প্ৰতিনিধিত্ব কৰিব লগা হৈছিল, বৰসেনাপতিয়ে এই প্ৰতিনিধি বৰ্গৰ সৈতে আলচ নকৰাকৈ কোনো সিদ্ধান্ত নলৈছিল । ৰাজ্যৰ ৰাজহ পদ্ধতি আছিল সুন্দৰ– কৰ আছিল কম । কৰৰ মাত্ৰ কম কৰি দুৰ্যোগৰ সময়ত প্ৰজাসাধাৰণক সক্ৰিয় সহায়তা কৰি জনাসমৰ্থন আদায় কৰিছিল । খেতিয়কসকলক সকলো প্ৰকাৰে ৰাজকীয় সহায়তা আগবঢ়োৱাত দেশত ধান, সৰিয়হ, কপাহ, কুঁহিয়াৰ উভৈনদী হৈছিল । কেৱল সেয়ে নহয় – প্ৰজাসাধাৰণৰ মাজৰ পৰা সকলো ধৰণৰ অসমতা দূৰ কৰি সমাজত ন্যায়, অহিংসা, শান্তি আৰু সত্য প্ৰতিষ্ঠা কৰা হৈছিল । মটক ৰজাসকলৰ মূল দৰ্শনেই আছিল দেশত শান্তি প্ৰতিষ্ঠা কৰা আৰু বৰসেনাপতিয়ে সেইবাবেই মটক ৰাজ্যখন ৭ টা ভাগত ভগাই নিজে পৰ্যবেক্ষক ৰূপে আছিল । মটক ৰাজ্যৰ মুঠ মাটিকালি আছিল ১১,৫২,০০০ একৰ বা ১,৮০০ বৰ্গ মাইল । বৰসেনাপতিৰ শাসনৰ আৰম্ভণিতে মটক ৰাজ্যৰ জনসংখ্যা ৫০,০০০ (পঞ্চাশ হেজাৰ) আছিল আৰু পাছলৈ সংখ্যা দ্ৰুতগতিত বাঢ়িছিল । বিশেষকৈ পুৰন্দৰ সিংহৰ দিনত নানা কাৰণত তেওঁৰ ৰাজ্যৰ পৰা বহুতো লোক মটক ৰাজ্যলৈ আহি বসবাস কৰিছিল । উজনি মটক আৰু নামনি মটকৰ মাটি শালিধান, চাহ, কুঁহিয়াৰ, কপাহ আদিৰ বাবে অতি উপযুক্ত হোৱাটোৱেই আছিল মটক ৰাজ্যত বহিৰাগত অনুপ্ৰবেশৰ অন্যতম কাৰণ । তদুপৰি মটক ৰাজ্যত মান আৰু বৃটিছৰ উপদ্ৰপ বহু পৰিমাণে কম আছিল । সেই সময়ত মটক ৰাজ্যই কপাহ, ধান, গুৰ, সৰিয়হ, মুগা কাপোৰ, ৰিহা গছৰ আঁহ, ৰং কৰা সামগ্ৰী, কাঠ আৰু হাতীদাঁত ৰপ্তানি কৰাৰ বিপৰীতে আমদানী কৰিছিল নিমখ, মাটি আৰু কাঁহৰ পাত্ৰ, বন্দুক বাৰুদ আদি । তদুপৰি মটক ৰাজ্যৰ প্ৰায়ভাগ পৰিয়ালতে তাঁতশাল তথা কপাহ আৰু পাটসূতা কাটিবলৈ বিভিন্ন সামগ্ৰী আছিল আৰু প্ৰত্যেকেই এইবোৰ কামত পাৰ্গত আছিল । মটক ৰাজ্যৰ প্ৰধান নৈসমূহ যেনে ব্ৰহ্মপুত্ৰ, ডিব্ৰু, দিহিং, ন-দিহিং, ডাঙৰী, টিংৰাই, চেঁচা নৈ আদিৰে অনবৰতে কপাহ, ধান, পাট আদৰি বোজাই কৰা সৰু সৰু দেশী নাওসমূহ চলাচল কৰিছিল ।

মটক ৰাজ্যৰ সীমা হৈছে – পূৱে ন-দিহিং, দক্ষিণে বুঢ়ীদিহিং, পশ্চিম আৰু উত্তৰ সীমাত ন-ডাউকি বা লুইত পৰ্যন্ত আছিল । ইম্পেৰিয়েল গেজেটিয়াৰ অব্ ইণ্ডিয়াত মটক ৰাজ্যৰ অৱস্থিতি ন-দিহিং, ব্ৰহ্মপুত্ৰ আৰু দক্ষিণৰ পৰ্বতমালাৰ মাজৰ খণ্ড আৰু ই অসমৰ শস্য ভাণ্ডাৰ ৰূপে সৰ্বত্ৰ জনাজাত আছিল । এনে সীমাসমূহৰ মাজত অৱস্থিত তাহানিৰ মটক ৰাজ্য সেয়েহে আজিও এক অনুপম আদৰ্শ ৰাজ্য হিচাপে সমগ্র অসমীয়া জাতিৰ স্মৃতিপটত জিলিকি আছে ।

admin

Leave a Reply