মোৰ সপোনৰ পাণ্ডৱ ভিলা

দিবাকৰ ৰেণু, টিহু ৷

“দ্বিতীয় খণ্ড”
তাত সুজু নামৰ এজন কবি বন্ধুক লগ পাইছিলো । তেওঁ বড়ো গীত আৰু কবিতা লিখিছিল। কবিতাৰ প্ৰতি থকা মোৰ মোহৰ বাবে সুজুৰ সৈতে মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ৩১ ডিচেম্বৰৰ দিনা ইংৰাজী নৱবৰ্ষৰ আদৰণি অনুষ্ঠানৰ দিনা ৰাতিপুৱাই মই কটন কলেজৰ নবীন লেখক-লেখিকা শিল্পী সমিতিৰ তৰফৰ পৰা ৰাণী বনাঞ্চল ভ্ৰমণৰ বাবে গৈছিলো। কটন কলেজত নাম ভৰ্তি কৰাৰ পিছতে নবীন গোটৰ এজনী সদস্যা বন্দনা পাঠকে মোক চিনাকি কৰাই দিছিল অসমীয়া বিভাগৰ অধ্যাপিকা মঞ্জুদেৱী পেগু বাইদেউৰ লগত । মেমক লগ পোৱাৰ দিনাই মোৰ অনুভৱ হৈছিল এজনী সহনশীলা, দৰদী আৰু পৰোপকাৰী দেৱীৰ লগত মোৰ সাক্ষাৎ হৈছে । সিদিনা থাৰ্টি ফাষ্ট পালন কৰি ওভতিছিলো ভাৰাঘৰলৈ। ৰাতি দেখিছিলো ভাৰাঘৰৰ অন্য ল’ৰাবোৰে মাংসৰ খানা পাতিছে । কাষত ডাঙৰ ডাঙৰ বিলাতী সুৰাৰ বটল। আটাইবোৰে বন্য জন্তুৱে মাংস খোৱাৰ দৰে চিঞৰ বাখৰ কৰি সেইবোৰ ভগাই খাইছিল। মাজে মাজে মোৰ কোঠালিৰ দুৱাৰত গোৰ সোধাইছিল। মই তেতিয়া পঢ়ি আছিলো, যদিও কাকো একো কোৱা নাছিলো। সিহঁতেও মোৰ পৰা একো আশা কৰা নাছিল।শেষলৈ মোৰ দুৱাৰত সিহঁতে এনে গোৰ সোধাইছিল যে মোৰ দুৱাৰৰ খিলিটো খুলি দুৱাৰ খোল খাই গৈছিল। বিশ পচিশটা মদপী বলিয়াৰ লগত অকলে মাত মাতিব যোৱাটো মোৰ সাধ্য নাছিল। মই একো নামাতাকৈ থাকিলোঁ। নিশা ১-২ মান বজাত সিহঁত সম্পূৰ্ণ মাতাল হ’ল। নিজৰ খোৱা কাহি বাটি,কেৰাহী,প্ৰেচাৰ কুকাৰ সকলো বোৰ বস্তু চাৰিওফালে দলিয়াই নৃত্য কৰিলে।প্লাষ্টিকৰ বাল্টিবোৰ জ্বলাই দিলে। কিছুমান সামগ্ৰী কোৱাই ভাঙি পেলালে। এই উদ্ভাণ্ডলিৰ লগে লগে উচ্চগ্ৰামত বাজি থাকিল হিমেশ ৰেচমিয়াৰ উতলা সংগীত। বাহিৰত ওলাই আহি শিক্ষিত পাষণ্ড সকলক দেখি মোৰ মূৰ গৰম হৈ গ’ল। মই প্ৰসাৱ কৰি আছিলো। সুজুৱে সিদিনাখন মদ খাইছিল। সি মোক একপ্ৰকাৰ সিহঁতৰ মাজলৈ টানি লৈ গৈছিল। মই সন্মত নাছিলো। কিন্তু সিদিনাখন সিহঁতৰ লগত নিজকে বচোৱাৰ এক মাত্ৰ উপায় আছিল সিহঁত হোৱা। কিছুসময় মই সিহঁতৰ সৈতে কটালো। সিহঁত ভাগৰি পৰিল। মই আহি বিচনাত পৰিলোঁ। কাৰণ এই মেচত আজি মোৰ শেষ নিশা। মোৰ মনত অনেক চিন্তাই জুমুৰি দিলে। ওচৰৰ কোঠাত নিস্তৱব্ধতা। তাৰ পিছত শুনিবলৈ পালো নাৰী পুৰুষৰ দ্বৈত কণ্ঠ। যি কণ্ঠ নাৰী পুৰুষৰ নিবিড় মূহুৰ্তত হে শুনা যায়। বুজিবলৈ বাকী নাথাকিলযে সিহঁতে এইবাৰ ব্লু ফ্লিম চোৱাত ব্যস্ত। জকাইচুকীয়া গাঁ‌ৱৰ পৰা একোটা মহান ডিগ্ৰী অৰ্জন কৰিবলৈ অহা এই সকলেই আমাৰ দেশৰ ভৱিষ্যৎৰ কাৰিকৰ !! এই সকলেই এটা সময়ত গৈ দেশৰ নেতা, শিক্ষক, অধ্যাপক, ৰাজপত্ৰিত বিষয়াৰ স্থান পূৰ্ণ কৰিব। ভাবিছিলো দেশৰ, ৰাজ্যৰ ভৱিষ্যৎ কাৰ হাতত ন্যস্ত। আনপিনে মনত পৰিছিল স্বাধীন অসম আৰু স্বাধীন বড়োলেণ্ড বিচৰা ৰাজ্যৰ সহস্ৰাধিক যুৱকৰ ক্লান্তিহীন ৰক্তোৎজ্বল মুখৰ ছবি। যিসকল আজি ডিচেম্বৰৰ হাড় কপোৱা জাৰতো ভূটানৰ ৰয়েল আৰ্মি আৰু ভাৰতীয় দখলদাৰী সৈন্যৰ স’তে যুযুধান।সেই বিপ্লৱী সকলৰো আদৰ্শ আছে আৰু মদপী কেইজনৰো আদৰ্শ আছে, কিন্তু কিমান অমিল। এইবোৰ ভাবি থাকোতে কেতিয়া মোৰ টোপনি আহিল কবই নোৱাৰিলো। টিউৱেলটোৰ কৰ্কশ মাতত মই সাৰ পালো। অনুমান কৰিলো যোৱা ৰাতি মদ মাংসৰে বলিয়ালি কৰা কেউজন ল’ৰাই গা ধুলে। সময় ৫বাজিছে। যিকেইজন ল’ৰাই ৰাতিপুৱা ৮ বজাৰ আগতে বিচনা নেৰে, সেই কেইজনৰ এই পৰিবৰ্তন দেখি মই আচৰিত হৈছিলোঁ। সিহঁত কেইটা লংকেস্বৰ শিৱ মন্দিৰলৈ যাৱ ওলোৱা বুলি শুনিলো। মই বিচনাত থাকোতেই সিহঁত মন্দিৰৰ পৰা আহিও পালে। এটি নৱবৰ্ষক সিহঁতে এনেদৰে আদৰিলে। মইও ততালিকে গা ধুই মন্দিৰৰ পৰা সেৱা জনাই আহিলোঁ।
তাৰ পিছত ১ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলো অন্য এক যাত্ৰা এই লক্ষ্মীধৰ বৰুৱাৰ ভাৰাঘৰত। বিচনাত এইবোৰ ভাবি থাকোতে টোপনিয়ে হেঁচা মাৰি ধৰিলে।

“কবিৰাজ ,কবিৰাজ, বিচনা এৰিব পৰা নাই৷ উঠা, চাহ তপতাইছো, খোৱাহি৷” মালবিকা বাইদেউৱে দুৱাৰত ঢকিয়াই চিঞৰা শুনি সাৰ পালো ৷ “বাইদেউ,চাহ হ’লেই নেকি ?” মই বাইদেউক ক’লো। “ৰাতি ভাত খাইছা নে ? কোনো সাৰ সুৰ নোহোৱাকৈ শুই আছা।” বাইদেউৱে একপ্ৰকাৰ খং দেখুৱাই আতৰি গ’ল। মই সোনকালে মুখ খন ধুই বাইদেউৰ কোঠালৈ গ’লো। ইতিমধ্যে বাইদেউৱে লুচি তৰকাৰি আৰু চাহ ৰেডি কৰি ৰাখিছিল। মই লংকেশ্বৰৰ ৰূমত যোৱাৰ পিছতে চিনাকি হৈছিলোঁ এই গৰাকী বিশিষ্টা লেখিকাৰ লগত। কটন কলেজত মাছ ক’ম শিক্ষা গ্ৰহণ কৰাৰ লগতে GU ৰ পৰা এম,এচ,চি ডিগ্ৰী পাইছিল বাইদেউৱে। মই অহাৰ দিনাৰে পৰা মোক নিজৰ সৰু ভায়েকৰ দৰে মৰম কৰি আহিছে তেওঁ। তেজৰ সম্পৰ্ক নাথাকিলেও মানুহে মানুহক আপোন কৰিব পৰাটো মই বাইদেউৰ পৰাই শিকিছিলো।বাইদেউৱে পৰীক্ষাৰ ৰিজাল্টৰ বাবে নাৰ্ভাছ হ’ব নিদিছিল।তেওঁ কৈছিল,”কবিৰাজ কবিতা নতুন কিবা লিখিছানে?” নাই লিখা,বাদ দিম চাগে–মই ক’লো ।বাইদেউৱে মই কবিতা লিখাৰ বাবে কবিৰাজ নাম দিয়া নাছিল।মই অনবৰত ৰূমত সোমাই কিবা কিবি লিখি থাকো বাবে হোষ্টেলৰ ভাষাত নাম দিছিল ‘কবিৰাজ’, ।মালবিকা বাইদেউৱে মোৰ ওচৰতে বহি ল’লে। বাধ্য ছাত্ৰৰ দৰে মই লুচি তৰকাৰি খোৱাত ব্যস্ত হ’লো। “কি হ’ল তৰকাৰি দিম নেকি?”—বাইদেউৱে কৈছিল।মুখত ৰুটী আৰু তৰকাৰি ভৰাই লৈয়ে মূৰটো জোকাৰিলো। “যোৱাৰাতি তোমাক বহুত বাৰ মাতিলো,তোমাৰ সাৰসুৰ নাই'”- বাইদেউৱে কৈছিল।যোৱাৰাতি বৰষুণ দিছিল।সেই বৰষুণৰ মাজত নিস্তব্দ হৈ পৰিছিল ভাৰাতীয়া সকল। ওচৰৰ ৰূমত চিটিবাছত কাম কৰা বিষ্ণু ককাই টিও সিদিনা উচ্চগ্ৰামত ৰেডিও বজোৱা নাছিল। আনহাতে স্বাৰ্থপৰ মানুহৰ দৰে কেৱল নিজৰ ভাৱতেই বিভোৰহৈ থকাৰ বাবেই কিজানি বাইদেউৰ মাতটো মই শুনা নাছিলো। বাইদেউৱে কোৱা প্ৰতিটো কথায়ে মই শুনিছিলো, যদিও এবাৰো উত্তৰ দিয়া নাছিলো। “বাইদেউ, কমলদা নাই নেকি ?” বাইদেউৰ সৰু ভায়েক কমলদাৰ কথাষাৰ সুধি মই বাইদেউৰ সজোৰ প্ৰশ্নৰ পৰা আতৰি আহিব বিচাৰিছিলো। বাইদেউৱে মোৰ অৱস্থাটো বুজিছিল । মোক লাজত নেপেলাই বাইদেউৱে কম্পিউটাৰত অভিনেতা তপন দাসে আবৃত্তি কৰা কবি প্ৰনৱ কুমাৰ বৰ্মনৰ জনপ্ৰিয় কবিতা “সন্ধিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ ” বজাই দিছিল। বাইদেউৱে মোক দেও চাই পূজা দিব জানিছিল । মোৰ মন স্পৰ্শ কৰে এই কবিতাটিয়ে । কলেজৰ পৰা আহিয়েই বাইদেউৰ স’তে এই কবিতাটিৰ লগতে কবি লুটফা হানুম চেলিমা বেগম বাইদেউৰ কবিতা শুনা মোৰ অভ্যাস । এইবাৰ সেই কবিতাটি বাজিছিল————-

কি বাৰে আহিবা তুমি
দেওবাৰে নাহিবা
দেওবাৰেতো মোৰ জন্মদিন
সোমবাৰেতো মই মোৰ প্ৰেমত পৰো——
(লুটফা হানুম চেলিমা বেগম বাইদেউৰ কবিতা)
পৰাজয়ে জয়ৰ ছৱি।জীৱনত বহু বাৰ
হেৰালো।পৰাজয় বহু বাৰ স্বীকাৰ কৰিলো।
হাৰ মানিও জয়ৰ আশা মোৰ জীৱনৰ মূলাধাৰ।
বাৰে বাৰে ঠগ খাইছো।কাৰোৱাৰ
বিশ্বাসভাজন হ’ব গৈ নিজৰ জীৱনকো তুচ্ছ
কৰিছো।কাৰোৱাক যদি দিছো এমোকোৰা
ৰ’দ হেন হাঁহি তেওঁ দেখুৱাইছে কূটীল ভ্ৰুকূটি।
কাৰোৱাক যদি দিছো সুকোমল এপাহ ৰঙা
গোলাপ তেওঁ বিনিময়ত মোক দিছে কাঁইটৰ
আঁচোৰ।বহু বাৰ এচাম লোকৰ জিঘাংসাৰ বলী
হৈছো।কিন্তু আত্মশক্তিৰে সকলো দমন কৰি
আহিছো।এনেবোৰ দুখতে লিখিলোঁ——–কি
হ’ল,ক’ত হ’ল
কেনেকৈ হ’ল
মানুহবোৰে দেখিও নেদেখা হ’ল চকু থাকিও
এন্ধাৰত আমি কাকোৱেই নিচিনিলো
সেই এন্ধাৰৰ আবৰ্তত যি তৰোৱাল চলোৱা হ’

তাত মই সত্যৰ মৃত্যু দেখিলো,হায় সত্যৰ জয় নে
পৰাজয় ???(স্বাৰ্থপৰতা)

আমি কবিতা লিখিব
নাজানো, দুখৰ দিনলিপি হে এইবোৰ। লবী কেন্দ্ৰিকতাই আমাক চুব পৰা নাই আৰু কাকো তোষামোদ কৰি আঠু কঢ়া নাই । বিচনাতে নিজৰ লগত কথা পাতিলো। চেহ, ৭বাজিলেই।
ৰাতিপুৱাই গা-পা ধুই লংকেশ্বৰ মন্দিৰলৈ গ’লো।আজি মোৰ মনত আনন্দৰ কাঁচি জোন। অটোগ্ৰাফ বুকত মনজোৎস্নাই লিখা কথাখিনিয়ে মোৰ হৃদয়ত তোলাপাৰ লগাইছিল। ভালপোৱা ——-প্ৰেম কি বুজা
নাছিলো। জীৱনৰ ২৬ টা বসন্ত অতিক্ৰম কৰিও বুজা নাছিলো প্ৰেমৰ ঐন্দ্ৰজালিক মন্ত্ৰ । গাঁৱৰ প্ৰাথমিক স্কুলত পঢ়োঁতেই মোতকৈ এশ্ৰেনী ওপৰত পঢ়া পখিলাক মোৰ
ভাল লাগিছিল।তাই হাতত লোৱা ফলি
কিতাপ, বেনীত গাঁঠি লোৱা ৰঙা ফিতা, বহা কঠ, পেঞ্চিল, তাই অহা সময়———এইবোৰ যেন মোৰ বাবে এক অবুজন শিহৰণ আছিল। তাই স্কুলত আহোঁতে তাইৰ হাতত ধৰি ভাল পাইছিলোঁ।তাই মোক বৰ মৰম কৰিছিল। আমাৰ
পদূলি মূৰত তাই প্ৰায়ে ৰৈ
চিয়ঁৰিছিল, “ভাস্কৰ, ওলাই আহ, বেলি হ’ল,”। মইয়ো খৰখেদাকৈ তাইৰ সংগ লৈছিলো । এজাক কণ কণ শিশুৰ মাজতে মই অনুভৱ কৰিছিলোঁ, পখিলাযেন মোৰ বহু ওচৰত।
পখিলাক মই বা বুলি মতা নাছিলো । এদিন তাইক মোৰ লগৰে ল’ৰা এজনে স্কেলেৰে কোৱালে । কোনো প্ৰশ্ন নকৰাকৈ ল’ৰা জনৰ ওপৰত মই বাঘৰ দৰে জপিয়াই পৰিলোঁ। তাইক
এটা কোব মৰাৰ অপৰাধত তাৰ ডিঙিত ধৰি নতুন চাৰ্টটো ফালি পেলালো । সি মোক ঘুচিয়ালে । তেনেতে চাৰে আহি আমাৰ দবৰা
দবৰি ভাঙি দিলে। চাৰে বিচাৰ পাতিলে। বিচাৰক হিচাপে চাৰে মোক সুধিলেঃ
ভাস্কৰ, তই দুলালক কিয় মাৰিলি ? মই
সগৌৰৱেৰে ক’লোঃ ”সি পখিলাক
কোৱাইছিল চাৰ।” “পখিলাক কোৱাইছে, তাই
মোক বিচাৰ দিব, তই কিয় তাইৰ হৈ
মাতিছ ?” চাৰে তেওঁৰ গোলাকাৰ মুখখনত পৃথিৱীৰ সমস্ত খং একত্ৰিত কৰি গৰজি উঠিল। সেই সময়ত মোৰ মুখ খন ৰঙা পৰি গৈছিল আৰু পখিলাৰ ফালে মই লাজ লাজ কৈ চোৱাত দেখিছিলো, তাইৰ মুখত উদ্দীপ্ত সূৰুয। সিদিনা চাৰে মোৰ সোঁহাতত দহ কোব সোধাইছিল । সেয়া যেন এক সাহসৰ পুৰস্কাৰ, পুৰস্কাৰ গ্ৰহণ কৰাৰ দৰে হাত খন পাতি দিছিলোঁ। চাৰে মোক সুধিছিলঃ দহকোব খোৱাৰ পিছতো তোৰ মনত
কিয় ভয় হোৱা নাই ,বদমাচ। চাৰৰ প্ৰশ্নৰ উত্তৰটো যেন মোৰ জিভাৰ আগতেই আছিল।

মই ঘপৰাই কৈ পেলালো : ”পখিলাক মই ভাল পাও সেয়ে।” গোটেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বোৰে মোৰ কথাত গিৰ্জনি মাৰি হাঁহিছিল। আৰু চাৰৰ ধমকত সকলোৱে টেপা খাইছিল। পখিলাই লাজত ৰঙা চিঙা পৰিছিল নেকি ক’ব নোৱাৰিলো। স্কুল ছুটীৰ পিছত মই অইন দিনাৰ দৰে পখিলাৰ সংগ লব পৰা নাছিলো। তাই মোক চিয়ঁৰিলে, ”
অ,ই নাহ কিয়, ঘৰত নেযাৱ নেকি ?” মন্ত্ৰ মুগ্ধ সাপৰ দৰে মই পখিলাৰ পশ্চাদ অনুসৰণ কৰিলো। জাকৰ সকলো ল’ৰা ছোৱালী নিজ
নিজ ঘৰ পোৱাত বাটত অকলশৰীয়া হ’লো আমি দুয়ো পখিলা আৰু মই। কিবা এক অহৈতুক লাজত মই পখিলাৰ ওচৰ চাপিব পৰা
নাছিলো। তাই কিন্তু মোৰ লাজক বাৰুকৈ য়ে উপভোগ কৰিছিল।তাই খিল খিলাই হাঁহি কৈছিল, “ভাস্কৰ, অথনি তই চাৰক কি কৈছিলি।” মই নিবোকা চামোনৰ দৰে কেৱল শুনি গৈছিলো তাইৰ কথাবোৰ। “বাৰু, তই হাতখনত বহুত দুখ পালি নহয়নে ?” পখিলাই ক’লে। মই তেতিয়াও নামাতিলো । বাটৰ কাষৰ বগৰী তলত বহি প্ৰায়ে আমি বগৰী খাওঁ। আমি গৈ গৈ বগৰী জোপা পোৱাত পখিলাই ধূৰ্ত হাঁহি মাৰি ক’লে, “অ’ই আজি বগৰী নেখাৱ নেকি ?” মই একো নমতা দেখি তাই ক’লে, “তোক ভূতে পালে নেকি অ’,, অথনিৰে পৰা মইয়ে চিয়ঁৰি আছো।” মই তাইক নেমাতিলেও ফেৰেঙনি এডালেৰে পকা বগৰীৰ ডালটোলৈ দলি মাৰি দিলো। লগে লগে কুৰিটামান পকা বগৰী ঝৰ ঝৰ কৈ তলত সৰি পৰিল। তাইৰ ফুট-ফুটীয়া ফ্ৰকটো কোচাই তাতে বগৰী বোৰ বুটলি ল’লে। “আহ, বহহি” বুলি মোক তাইৰ ওচৰতে বহাই ল’লে। পখিলাৰ ওচৰত সিদিনা বহিবলৈ মোৰ যে ইমান লাজ লাগিছিল, কিয় জানো, ক’ব নোৱাৰো। তাই মোক কেইটামান বগৰী হাতত দিলে। হাত খন আগ বঢ়াই বগৰী কেইটা ল’ব খোজাত তাই এক প্ৰকাৰ চিয়ঁৰি উঠিছিল। “তোৰচোনহাত দুখন ফাটি গৈছে, চাৰে যে তেতিয়া কোৱাইছিল তই চোন একো কোৱা নাছিলি।” মোৰ প্ৰতি যথেষ্ট সহানুভূতি দেখুৱাই পখিলাই মোৰ হাত দুখন তাইৰ কোমল হাত দুখনেৰে পিহি দিলে।

তাইৰ সৰু সৰু আঙুলিৰ হাত দুখন মোৰ সৰু সৰু আঙুলিৰ হাত দুখনত লাগি যোৱাত মোৰ দেহেৰে এক অজান পুলক শিহৰণ বৈ গ’ল।
পখিলাই মোৰ হাত দুখন চুইছে, আৰু কি লাগে। সেয়া যেন মোৰ বাবে এক বিজয় তিলক। তথাপিও তাইৰ চকুত চকু থব পৰা নাছিলো। আজি তাই এখন ঘৰৰ গৃহিণী । সেয়া আজি অতীত,যি অতীতক মই প্ৰায়ে দেখো। কিন্তু সেয়া আমাৰ কি আছিল, প্ৰেম নে অন্যান্য। সিদিনা পখিলাই পাইছিল কন্যা জীৱনৰ প্ৰথম স্বীকৃতি “তাই ক মই ভাল পাও” যাৰ বাবেই কিজানি সিদিনা তাই উন্মনা হৈছিল বৰদৈচিলাৰ দৰে।
নামনিৰ পাটাছাৰকুছিৰ মামাৰ ঘৰত থাকি পঢ়িছিলোঁ বি,এ। দানবীৰ নিৰ্মল হালৈৰ দানেৰে নিৰ্মান হোৱা নিৰ্মল হালৈ মহাবিদ্যালয়ত মোৰ কলেজীয়া জীৱনৰ আৰম্ভণি হৈছিল। কালদিয়া নৈৰ পাৰৰ আজাৰ কৃষ্ণচূড়াৰ মাজত এই জ্ঞানৰ আলয়ত লগ পাইছিলোঁ মোৰ শ্ৰদ্ধাৰ শিক্ষা গুৰুৰ লগতে মোৰ বন্ধু বান্ধৱী সকলক। একতাৰ বান্ধোনেৰে আমাৰ ৮৫ জন বন্ধু বান্ধৱীয়ে আগবাঢ়ি গৈছিলো শিক্ষাৰ প্ৰতিটো ঢাপ।সেই সময়ৰ স্মৃতি ৰোমন্থন কৰিলে, মোৰ পুনৰ নিৰ্মল হালৈ কলেজখনলৈ মনত পৰি যায়। মই লগ পাইছিলোঁ অভিজিৎ, দীপক, ভাস্কৰ, কামাখ্যা প্ৰসাদ, জুনুমা আৰু পুষ্পাঞ্জলিক।পুষ্পাঞ্জলি আছিল মোৰ অতি ওচৰৰ আৰু কৃষ্ণাংগী, যিয়ে মোৰ কবিতা আবৃত্তি কৰিছিল। তাই গীত গালে মই তন্ময় হৈ শুনিছিলো। ভাল বন্ধুত্ব আছিল ইহঁত দুজনীৰ লগত। কলেজৰ ৰূপালী জয়ন্তী উৎসৱত অসমীয়া বিভাগৰ পৰা শোভাযাত্ৰাৰ দায়িত্ব লৈছিলো মই আৰু অভিজিতে। মই নামনিৰ লোক সংস্কৃতিৰ ওজাপালিৰ ওজা হৈছিলোঁ। ৰূপালী জয়ন্তীৰ এমাহ আগৰ পৰাই আমাৰ আছিল ব্যস্ততা। পুষ্পাঞ্জলিয়ে ছাঁ‌ৰ দৰে লাগি আছিল, মোৰ লগত। তাইৰ ককায়েক ওজাপালি আছিল। ককায়েকৰ পৰা পুষ্পাঞ্জলিয়ে খঞ্জৰি তাল যোগাৰ কৰি আনি দিয়াৰ লগতে ককায়েকক মাতি আনি মোক তাল বজোৱা শিকাইছিল। শিক্ষা বিভাগৰ মোৰ অতি শ্ৰদ্ধাৰ সাবিত্ৰী বেজবৰুৱা বাইদেউৱে ‘স্মৃতিৰ জোলোঙা’ নামৰ এখন আলোখ্যৰ পৰিচালনাৰ দায়িত্ব দিছিল মোকেই। মই লোক নৃত্য শিকাইছিলো। বাইদেউৱে আলোখ্যৰ বিষয় বস্তু আৰু গীতবোৰ সুন্দৰকৈ ৰচনা কৰিছিল।বাইদেউৰ এক অন্যান্য প্ৰতিভা আছে। বাইদেউ মোৰ আদৰ্শৰ অন্যতম এগৰাকী শিক্ষয়িত্ৰী।বাইদেউৰ মাজত বিচাৰি পাইছিলোঁ, এগৰাকী শিল্পী, মাতৃ আৰু কৰ্তব্যপৰায়ণ নেত্ৰীক। তেখেতে গোটেই কলেজ খনৰ ছাত্ৰ ছাত্ৰীক একগোট কৰিব পাৰিছিল। তেওঁ মোক সকলো সৎ কামতে উৎসাহিত কৰিছিল। তেখেতৰ দৰে আমাৰ সেই কলেজখনৰ প্ৰতি গৰাকী গুৰুৱে আমাৰ মন মগজুত প্ৰেম আৰু উৎসাহৰ বীজ ৰোপণ কৰিব পাৰিছিল। বেজবৰুৱা বাইদেউৱে মোক বিপদে আপদেও সহায় কৰিছিল। বাইদেউৰ নিৰ্দেশত ৰূপালী জয়ন্তীৰ শোভাযাত্ৰাৰ কাম আগবাঢ়িছিল। তেতিয়াৰ অধ্যক্ষ শিক্ষাবিদ ড°বীৰেন্দ্ৰ ডেকা মহাশয়ে মোক সুধিছিলঃ ওজাপালি ৰেডী হৈছে নে নাই,যদি নাই হোৱা তেন্তে ওচৰৰ দলটোকে মাতিম।

তেতিয়া চাৰ ক মই কৈছিলোঁ, “চাৰ, তেওঁলোকক মাতিলে আমাৰ ৩,৪ হাজাৰ মান টকা খৰচ হ’ব। আমি চেষ্টা কৰিম, আমাক একোৱে খৰচ নালাগে।”

চাৰে তেতিয়া কৈছিল, “যোৱা তোমাৰ দায়িত্ব, যদি সিদিনাখন ওজাপালি পৰিবেশন নহয়, তুমি উত্তৰ দিব লাগিব।” চাৰ অতি সৰল অধ্যক্ষ হিচাপে পৰিচিত। তেখেতক মই মাত্ৰ কৈছিলোঁ, ” আপুনি নিশ্চিত থাকক চাৰ” । তথাপিও মনত বহুত ভয় হৈছিল, কিদৰে আমি চাৰৰ সন্মান ৰক্ষা কৰিম। আমাৰ ওজাপালি দলত আছিল ভাস্কৰ, দিলীপ, নিপন, এনেদৰে ৫জন বন্ধু। তেওঁলোকে বহুত কষ্ট স্বীকাৰ কৰি ওজাপালিৰ তাল বজোৱা শিকি লৈছিল। এই সকলোবোৰ তে আমাক সাহস দিছিল পুষ্পাঞ্জলিয়ে। যথাসময়ত আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ শোভাযাত্ৰাৰ ওজাপালিৰ ফেষ্টুন ধৰিছিল আমাৰ মৰমৰ পুষ্পাঞ্জলিয়ে। সিদিনা তাইক অপৰূপা দেখা গৈছিল। পাট মুগাৰ মেখেলা চাদৰেৰে বিহুৱতী জনী হৈ অহা পুষ্পাঞ্জলিৰ মুখ খনলৈ একে ঠিৰে মই চাই আছিলো। তাইও মোলৈ বিস্ময়ৰ ভাৱেৰে চাইছিল।
আৰু কৃষ্ণাংগী,যি আছিল মোৰ অতি মৰমৰ বান্ধৱী। গীতৰ কলি এটি তাইৰ কণ্ঠত যেন নতুন কৈ প্ৰাণ পাইছিল। লাবন্যময়ী কৃষ্ণাংগীক বৰ ভাল লাগিছিল। তেতিয়া মই কব পৰা নাছিলো, সেইয়াযে প্ৰেমৰেই এক অনন্য ৰূপ, আজিহে বুজিলো আমাৰ সহদেৱ মনজোৎস্না ভৰদ্বাজৰ অটোগ্ৰাফটো পঢ়ি। মোৰ স্মৃতিয়ে সাগৰৰ ঢৌ খেলিলে। ক্ৰমশঃ….

admin

Leave a Reply