মোৰ সপোনৰ পাণ্ডৱ ভিলা

দিবাকৰ ৰেণু, টিহু , নলবাৰী ৷

(যোৱা সংখ্যাৰ পিছৰ পৰা)
১৪ ফেব্ৰুৱাৰী। আজি ভেলেন্টাইন ডে’। কলেজত নিস্তব্দতা। পৰীক্ষাৰ আগ মূহুৰ্তত সকলো বিদ্যাৰ্থী ব্যস্ত নিজৰ অধ্যয়নত। এদিন এই দিনটোৰ মহত্ত্ব বুজি পাইছিলো। সিদিনাখন কৃষ্ণাংগীয়ে মোক মাতি পঠাইছিল কলেজলৈকে। মই বুজা নাছিলো কিয় বাৰু তাইৰ এই আমন্ত্ৰণ । কাঞ্চন ফুলবোৰ ফুলি আছে। ফাগুনৰ অপেক্ষাত প্ৰকৃতি যেন ব্যস্ত হৈ পৰিছে। আহঁতৰ খিল খিল পাতৰ মাজত কুলি এজনীয়ে ভৰ দুপৰীয়া বজাই আছে তাইৰ অনন্ত বাঁ‌হী। সাধাৰণতে কুলি বসন্ত কালতহে ওলায় কিন্তু আজি জানো প্ৰকৃতিৰ কি অভিপ্ৰায় ? কলেজ কেম্পাছত তিয়ঁহ ৰঙৰ চুৰিদাৰ পিন্ধি, কৃষ্ণাংগী মই অহালৈ বাট চাই আছে । দূৰৈৰ পৰাই তাইৰ মুকুতা হাঁ‌হিৰে মোক স্বাগতম জনালে। বৰ ধুনীয়া হৈ পৰিছে কৃষ্ণাংগী। এনেয়ে ধুনীয়া, তাতেই মই ভালপোৱা সাজ যোৰ পিন্ধি আহিছে তাই।” বহু পলমকৈ আহিলা তুমি—–? এয়া লোৱা হেপি ভেলেণ্টাইন ডে”—কৃষ্ণাংগীয়ে ৰঙা গোলাপৰ কলি এটি মোৰ হাতত গুজি দি এটা দুষ্ট হাঁ‌হি মাৰি তাৰ পৰা অনতি পলমে আতৰি গ’ল। ঘটনাৰ তাৎক্ষণিকতাত মই বুজি য়েই নাপালো তাই কেতিয়া গৈ কলেজৰ মেইন গে’ট পালে।” কৃষ্ণাংগী অলপ ৰ’বা, অলপ ৰ’বা প্লিজ” বুলি মই বহুবাৰ চিয়ঁ‌ৰিলো, কিন্তু তাই এবাৰ মোৰ ফালে এবাৰ ঘূৰি চাই আতৰি গ’ল । এই সপোনটো দেখি সাৰ পাই উঠিলো ।

আস ! এইয়া সপোনহে আছিল। সপোনটো দেখি অকলে অকলে হাঁহিব ধৰিলো । মোৰ হাঁহি শুনি মালবিকা বাইদেউৱে বাহিৰৰ পৰা ক’ব ধৰিলে, “ঐ,কবিৰাজ বলিয়া হ’লা নেকি
অ’, অকলে অকলে যে হাঁহিব ধৰিছা”, বাইদেউ কোঠালৈ সোমাই আহিল।”বাইদেউ মজাৰ
সপোন এটা দেখিলো, সেইয়ে হাঁহি আছিলো।” বাইদেউৰ আগত তেনে আন এটি সপোন যেন কাহিনী ক’ব লাগিব নেকি সুধিলো, বাইদেউৱে না নকৰে, দিনৰ দিনটো বাইদেউৰ মোৰ মহাভাৰত শুনায়ে যে কাম।
প্ৰিয় পাঠক, সেই কাহিনীটোকে আপোনাসৱৰ বাবে আগবঢ়ালো ।
কটন কলেজৰ পবিত্ৰ চোতালত ভৰি দিয়াৰ পিছত, মোৰ বন্ধু সকলৰ মৰম আৰু সহযোগিতাই মোক আপ্লুত কৰিছিল। মোৰ সেই বন্ধু সকলৰ
ভিতৰত হেমন্ত জ্যোতি গগৈ, সুৰেশ দত্ত, হুচেইন মহম্মদ ছাহজাহান, নুৰ মহম্মদ আটাইয়ে আছিল কটনৰ ঐতিহ্যমণ্ডিত কৃষ্ণকান্ত সন্দিকৈ
ছাত্ৰাৱাসত। এই ছাত্ৰাৱাসত এগৰাকী আৱাসীৰ সমানেই মোৰ মুক্ত বিচৰণ আছিল। সেই ছাত্ৰাৱাসতে কবি হিমাংশু প্ৰসাদ দাস, প্ৰনৱ কুমাৰ বৰ্মন আদি জনপ্ৰিয় কবি সকলৰ সহযোগিতা লাভ কৰিছিলো। আমি ‘ডাষ্টবিনৰ কবিতা’ৰ কবি ছাহজাহানৰ সহযোগত ‘ৰিক্সাৱালাৰ স্কুল’ পাতিছিলো । সেই স্কুলত আমাৰ বহু কেইজন কটনিয়ানে ৰিক্সাৱালাৰ পৰিয়ালৰ বিদ্যালয়লৈ নোযোৱা ছাত্ৰ-ছাত্ৰী সকলক জ্ঞানৰ পোহৰ দিবলৈ চেষ্টা কৰিছিল। সন্ধিয়া সময়ত, জীৱন যুঁজৰ তাগিদাত কেতিয়াবা লংকেশ্বৰ নতুবা কে কে এইছ হোষ্টেলেই আছিল মোৰ ঠিকনা। সেই সময়তে মোৰ সৈতে চিনাকি হৈছিল, পাৰভেজ আহমেদ নামৰ এগৰাকী অনুজৰ সৈতে । কবিতাৰ প্ৰতি তেওঁৰ আছিল বহুত আকূতি । তেওঁ য’তেই কবি সন্মিলন থকা বুলি জানে, তালৈ যোৱাটো নিশ্চিত। কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰাৱাসৰ ওচৰৰ মহেন্দ্ৰ নাথ ডেকাফুকন ছাত্ৰাৱাসৰ আৱাসী পাৰভেজৰ লগত মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল।

নিৰহংকাৰী, সৰল স্বভাবৰ পাৰভেজ মোৰ ছাঁ ৰ দৰে হৈ পৰিছিল। টংলা, উদালগুৰি আদিৰ অতি ভিতৰুৱা অঞ্চলত কবিতাক জনমুখী কৰাৰ
বাবে যি যাত্ৰাই মোক আনন্দ দিছিল, সেই সময়ত পাৰভেজ আছিল মোৰ সহচৰ। সেই সময়ত কবিতাৰ মোহনীয় সুগন্ধই মোক এনেদৰে মোহাবিষ্ট কৰি তুলিছিল, যে তাৰ নিচা যেন মৰণ পৰ্য্যন্ত থাকিব। পাৰভেজৰ লগত কবি সন্মিলন সমূহত কবিতা
পাঠ কৰি আহি কেতিয়াবা বহু ৰাতি হ’লে, হোষ্টেলৰ ৱাল পাৰ হৈ তাৰ লগতে নিশাটো কটাইছিলো। পাৰভেজ আছিল অলপ বেলেগ ধৰণৰ ল’ৰা। এবচাৰ্ড টাইপৰ ল’ৰা

আছিল পাৰভেজ। হোষ্টেলৰ আন আৱাসী সকলৰ স’তে তাৰ বেছি সম্পৰ্ক নাছিল। দিনৰ দিনটো অলৌ-টলৌ কৈ ঘূৰি ফুৰি নিশাটোহে হোষ্টেলৰ কোঠালিত তেওঁক লগ পোৱা যায়। হোষ্টেলৰ কোঠাটো আছিল বহুত ডাঙৰ। তেওঁৰ লগত কোনো আন আৱাসী থকা নাছিল। কোঠাৰ খিৰিকী সমূহৰ বেছি ভাগতে আইনা নাছিল। আৱৰ্জনা জাতীয় হোষ্টেলৰ বেছি ভাগ বস্তু সেই কোঠাতেই ৰখা হৈছিল। অন্য আৱাসী বোৰে সেই কোঠালৈ বেঙা মেলিও চোৱা নাছিল। তাৰ কাৰণ আছিল, তাত হেনো কোনো ছাত্ৰই ফাঁচি লগাই আত্মহত্যা কৰিছিল। ধুবুৰী জিলাৰ এগৰাকী আদৰ্শ শিক্ষকৰ সন্তান পাৰভেজৰ মনত সেইবিলাক চিন্তা কৰি সময় নষ্ট কৰা নেদেখিছিলো । তেওঁৰ মনত কেৱল এখন ত্ৰিভাষিক কবিতাপুথি প্ৰকাশ কৰাৰ হে চিন্তা আছিল, অনবৰত । মই পাৰভেজৰ এনে আদৰ্শক শ্ৰদ্ধা কৰিছিলো। তেওঁ ৰ কবিতা সমূহ নীলিম কুমাৰ, দেৱপ্ৰসাদ তালুকদাৰ, ইছমাইল হুচেইন এই বিশিষ্ট কবি সকলক দেখুৱাই চাবৰ বৰ হেপাহ। মই কবি দেৱদা, হুচেইন চাৰক লগ কৰি তেওঁৰ কবিতা সমূহ দেখুৱালো। তেওঁলোক দুয়োগৰাকীয়ে তেওঁৰ কবিতা সমূহৰ একোটাকৈ পৰ্যালোচনা ও লিখি দিলে, বাকী ৰ’ল নীলিম দাৰ পৰ্যালোচনা। পাৰভেজে দুবাৰ মান ফোন কৰিলে, যদিও সেই ফালৰ পৰা কোনো সহাৰি নাপালে।

কিন্তু পাৰভেজে আশা ত্যাগ নকৰিলে। কেইবাদিন মান পিছত, আমি এখন কবি সন্মিলনত বহু ৰাতি হোৱাত মোৰ সম্বন্ধীয় খুৰা এজনৰ ঘৰত আলহী হ’লো । খুৰা জন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ একান্তই ভক্ত । সদ্য বিবাহিত খুৰাৰ ভাৰাঘৰত বিচনাৰ অভাৱ । খুৰাই আন এঘৰ লোকৰ ঘৰত আমাক ৰখাৰ ব্যৱস্থা কৰিলে। সেই ঘৰটোও ভাৰাঘৰ, আৰু তেওঁলোকো মোৰসম্বন্ধীয়। জাত পাতত অগাধ বিশ্বাসী, সেই মানুহ ঘৰৰ তাত যোৱাৰ আগতে খুৰাই পাৰভেজক নিজৰ নামটো আৰু উপাধি ভুল কৈ ক’ব দিলে, যাতে আমি কোনো অসুবিধা নোহোৱাকৈ তাত ৰাতিটোৰ বাবে থাকিব পাৰো। কথা মতে কাম। ভাত পানী খাই আমি, তেওঁলোকৰ তাত ৰাতিটো কটোৱাৰ বাবে উপস্থিত হ’লো । সেই সময়তে শ্ৰদ্ধাৰ কবি নীলিম দাৰ ফোন আহিল, পাৰভেজলৈ। হাততে সৰগ ঢুকি পোৱা মানুহৰ দৰে, পাৰভেজে নীলিম দাৰ ফোন ৰিচিভ কৰি ক’লে, “হেল্লো, নীলিম দা, মই পাৰভেজ, পাৰভেজ আহমেদ |” তেনেদৰে তেওঁলোকে কথা পতাত ব্যস্ত। মই তালু জিভাই কামোৰ খালো। গিৰীহঁতে লগে লগে মোক ভিতৰলৈ মাতিলে। মোৰ বুজিব বাকী নাথাকিল। জাত পাতৰ ভুৱা আভিজাত্য মই সহ্য কৰিব নোৱাৰো। কিন্তু ৰাতি দুপৰত আমি এতিয়া ক’ত যাম। খুৰাই আমাক আন এটা ঘৰত ৰাতিটোৰ বাবে থাকিব দিলে। আমি খুৰাৰ পৰা জানিব পাৰিলো যে সেই ঘৰটো অসমৰ এসময়ৰ স্বাধীনতা সংগ্ৰামী তথা এটা নামজ্বলা বংশৰ। আমাক তাত নিশাটোৰ বাবে থকাৰ ব্যৱস্থা কৰি, তেওঁ তেওঁৰ নিজৰ ভাৰাঘৰলৈ গ’ল। যিকিনহওক, নিশাটো কটাব পাৰিলে হ’ল।

ওচৰৰ কোঠাত এগৰাকী সুন্দৰী গাভৰুৰ অৱস্থিতি অনুভৱ কৰিলো । তেওঁ বেৰৰ সিটো পাৰৰ পৰাই আমাৰ লগত উপযাচি য়ে কথা পতাত লাগিল। যৌৱনোদ্দীপ্ত সেই সময়ত সততে প্ৰেমত পৰা যায়। শুৱলা কন্ঠৰ সেই নাৰীৰ বাবে আমাৰ দুয়োজনৰে প্ৰেমৰ মুক্ত আবেদন। যেন আমি দুয়ো সুন্দ -উপসুন্দ হে । তেওঁৰ লগত কথা পাতি থাকোতেই দুয়ো টোপনিত পৰিলো। পিছ দিনা ৰাতিপুৱা, পাৰভেজে দৌৰি অহাৰ দৰেই মোৰ ওচৰলৈ আহিল, “ভাস্কৰদা, চাওক আহি আপোনাৰ প্ৰিয়তমাক” । মই তাৰ কথা শেষ নৌহওতেই, বাহিৰলৈ আহি যি দেখিলো, আস, ভাষাৰে বুজাব নোৱাৰো। যি গৰাকী নাৰীৰ মোহনীয় কণ্ঠই আমাক মোহাবিষ্ট কৰিছিল, তেওঁ এগৰাকী বৃদ্ধা । বয়স চাৰিকুৰি পাৰ হৈছে । আজীৱন কুমাৰী, সেই বৃদ্ধাৰ ভৰিত লগাই থোৱা আছিল এদাল শিকলি। তেওঁৰ হেনো নিশা টোপনিত ঘূৰি ফুৰা বেমাৰ, যাৰ বাবে এই সাৱধানতা। সেই নাৰীৰ ভতিজা, নাতি সকল বিদেশৰ বাসিন্দা ।

তেওঁলোকে যেন বৃদ্ধাৰ মৃত্যুৰ অপেক্ষাত । কি আচৰিত মানুহৰ জীৱন। অন্তৰ সেমেকি গ’ল, এক অজান ভাৱনাত মনটো গধূৰ হৈ পৰিল। অহাৰ সময়ত সেই নাৰীৰ দুভৰি চুই সেৱা জনালো । সপোন নহ’লেও সপোন যেন লগা সেই দুদণ্ডৰ প্ৰেমৰ প্ৰিয়তমাৰ দুভৰিত যেন মই সমৰ্পণ কৰিছিলো, সুৱদি কণ্ঠৰ নিনাদ । অভিজ্ঞতাৰে পূৰ্ণ দিন এটাৰ সমৃদ্ধি লৈ পাৰভেজ আৰু মই পুণৰ আন এক যাত্ৰাত আত্মনিয়োগ কৰিলো ৷
মালবিকা বাইদেউৱে হাঁ‌হিলে আৰু অলপ মনত বেজাৰো কৰিলে। বাইদেউ এগৰাকী কবি । কবিৰ মন তেনেই চাগে ।

আজি দ্বিতীয় ষান্মাসিকৰ ক্লাছ আৰম্ভ হব। ক’ব নোৱাৰো নিৰ্মল হালৈ কলেজৰ মধুৰ স্মৃতিয়ে আজিও সপোন হৈ মোৰ মনোজগত আলোৰিত কৰে। ক’ব নোৱৰো কিয় বাৰু মনত পৰে কৃষ্ণাংগীলৈ। ভাল পাইছিলো নেকি তাইক মই। তাইও মোক ভাল পাইছিল নেকি ? আজি মনজোৎস্নাই লিখি দিয়া অটোগ্ৰাফটো পঢ়ি সেইবোৰ ভাৱ বাৰুকৈ আহি আছে। কিয় জানো ক’ব নোৱাৰো।
প্ৰথম লগ পোৱাৰ দিনাখন মনজোৎস্নাই মোক বিবেক বুলি মাতিছিল। তাইক বাৰে বাৰে মই বুজাইছিলো। মই “ভাস্কৰ” বিবেক নহয়। তুমি বাৰু মোক বিবেক বুলি কিয় মাতা ? তাই মোৰ এই প্ৰশ্নৰ উত্তৰত কৈছিল “তুমি বিবেকবান, তুমি আমাৰ সকলোৰে ওপৰত, তুমি আমাৰ বিবেক।” আৰু এইদৰেই তাইৰ পৰা বিবেক নামেৰে পৰিচিত হৈছিলো । তাই অটোগ্ৰাফত লিখিছিল ————–

মৰমৰ বিবেক,
বন্ধুত্ব হ’ল মহান আৰু নিস্বাৰ্থ সম্বন্ধ । এই সম্বন্ধক হৃদয়ৰ সৎ অনুভূতিৰে আকোৱালি লোৱাটো দৰকাৰ। ই প্ৰেমৰ দৰে অজানিতে আহি উপস্থিত হয়। সচাঁকৈ তুমি ইমান কম দিনৰ ভিতৰতে মোৰ বুকুৰ পথাৰখন অধিকাৰ কৰি ল’লা। তুমি মোৰ বৰ অপোন হৈ পৰিলা। তোমাৰ মোৰ এই কলেজীয়া দিন বোৰ সদায় মনত থাকিব। বিবেক, তুমি বৰ সহজ সৰল দেই, তোমাৰ নিচিনা মনৰ মানুহ মই জনাত নিচেই কম । মই তোমাক বঢ়াই কোৱা নাই। ই সূৰ্যৰ দৰে সত্য । তোমাক আৰু ওচৰৰ পৰা চাব মন যায়। অনুভৱ কৰিব মন যায়, তোমাৰ সকলো আহ্নিক। তোমাক মই ভাল পাওঁ‌ ঐ। তোমাৰ মনোজগত পঢ়িবলৈ তোমাৰ মনত অকণমান ঠাই দিবানে ?———কিন্তু বেয়াও লাগে জানা, এই কলেজীয়া দিন বোৰ গৈ আছে আৰু আমি সকলোৱে এদিন নিজৰ জীৱনক লৈ ব্যস্ত হ’ম। তুমি হয়তো মোক পাহৰি যাবা। জীৱন এখন বোৱতী নৈ। ই কেৱল বৈ থাকে —–। ই স্তব্ধ নহয়, এই জীৱন যাত্ৰাত বহুতকে লগ পোৱা যায়, আৰু সময়ত পাহৰি যোৱা যায় । তুমি যেন মোক পাহৰি নোযোৱা, তাৰেই কামনাৰে, পুনৰ অযুত ভালপোৱাৰে_________

তোমাৰ
মনজোৎস্না

মনজোৎস্নাৰ অটোগ্ৰাফে হৃদয়ত ঘৰ সাজিলে।মোৰ হৃদয়ত গুণ গুণালো প্ৰেমৰ গান———
ভালপোৱাই দি যায়
হৃদয়ত এজাক বৰষুণ
মেঘত চতিয়াই
বিজুলীৰ ৰেখা
তুমি যদি দিয়া এবুকু সেউজীয়া
অৰণ্য যুৰি
সেয়া হয় যদি আকাশৰ বেলি
মই দিম মোৰ ভালপোৱাৰে
এখনি তৰালি আকাশ
মৰণ নেওচি———(উপহাৰ)

©আজি সপোন নহয়, দিঠক । আজি ভেলেণ্টাইন ডে । কটন কলেজত প্ৰেমিক প্ৰেমিকাৰ আজিৰ এই হিয়া দিয়া নিয়াৰ দিনটোত আনন্দৰ সীমা নাই। কটনৰ সন্মুখৰ নেহৰু পাৰ্কত ৰোমাণ্টিক যুটিৰ আহ্লাদিত অপেক্ষা । সেইদৰে দীঘলীপুখুৰীৰ পাৰতো প্ৰেমিকৰ বাহু বান্ধোনত প্ৰেমিকা মত্ত । প্ৰেম জানো তেনে । প্ৰেম এক স্বৰ্গীয় অনুভূতি । প্ৰেম অনস্বীকাৰ্য সত্য বুলি কবি, সমালোচক সকলে কয়। কিন্তু এই প্ৰেম বাৰু কি ? কি জঘন্য পৰিঘটনা ।

কলেজত গৈয়ে মই ডিপাৰ্টমেন্টলৈ গ’লো । ডিপাৰ্টমেন্টৰ হেড ড° যমুনা শৰ্মা চৌধুৰী মেম মোৰ অতি শ্ৰদ্ধাৰ । এক গাম্ভীৰ্য পূৰ্ণ পৰিবেশত বাইদেউ বহি আছিল। লাজ ভয় সংকোচ বোধেৰে মই মেমৰ কোঠালিৰ দুৱাৰখনত উলমি থকা ফুলাম পৰ্দা খন কাষৰীয়াকৈ মূৰ সোমাই ক’লোঃ ”মেম, সোমাব পাৰিমনে ?” বাইদেউৰ মুখত সদায়ে এটি মিঠা হাঁ‌হি লাগি থাকে, যিটো হাঁ‌হি মোৰ বৰ আপোন। কিন্তু আজি মেমৰ মুখৰ সেই হাঁ‌হিটো নাই। বাইদেউৱে সামান্য গম্ভীৰ হৈ মোৰ মুখলৈ চালে আৰু ক’লেঃ আহা !

অতি বিনম্ৰতাৰে বাইদেউৰ ওচৰত ঠিয় হৈ ৰ’লো। “কি হ’ল” পৰীক্ষা চোন সিমান ভাল নহ’ল। বাইদেউৱে মেজৰ ওপৰত থকা এটা বহীত তলমূৰ কৈ লিখি থাকিয়ে মোক দস্তুৰ কৰিলে। মই বাইদেউৰ উত্তৰ দিব নোৱাৰি মূৰ খজুৱালো। কবিতা লিখি থাকিলেই নহ’ব, এইবাৰ ভালদৰে পঢ়া। মই বহুত আশা কৰিছিলো তোমাক, পিছে কি হ’ল ? বাইদেউৱে মোৰ মুখলৈ চাই কথা বোৰ সলসলাই কৈ গ’ল। অলপ গহীন আৰু গম্ভীৰহৈ বাইদেউক উত্তৰ দিব চেষ্টা কৰিলো।” বাইদেউ, মই এইবাৰ ভালকৈ পঢ়িম। যোৱা বছৰৰ বাবে ছ’ৰি।”

সছাঁ‌কৈ বাইদেউৰ কথাত যুক্তি আছে। বাইদেউৱে মোক বহুত আশা কৰিছিল। কটন কলেজ, কলেজ নহয় নিজৰ ঘৰ। কটনত অধ্যয়ন নকৰাজনে নুবুজিব কটনৰ মায়া। কটন কলেজৰ মজিয়াত খোজ থোৱাৰ পিছতেই কটনৰ প্ৰতি জোপা পাইন ট্ৰি, গুলঞ্চ ফুল, প্ৰতি খন ৱাল মেগাজিন, প্ৰতিটো শ্ৰেণী কোঠা, প্ৰতি গৰাকী কটনিয়ান, প্ৰতি গৰকী কৰ্মচাৰী, প্ৰতি গৰাকী চাৰ, মেডাম গোটেই জীৱনৰ বাবে বুকুত শিলত কটা ভাস্কৰ্যৰ দৰে উদ্দীপ্ত হৈ ৰয় । কটনত যি বিচাৰে তাকেই পোৱা যায়, ডিগ্ৰী লাগিলে ডিগ্ৰী । আৰু ন’লেজ লাগিলে ন’লেজ । সেয়েহে কোনো কটনিয়ানে সুৰ দি গাইছিল———

কটন কলেজ
কটন কলেজ
লাগেনে ডিগ্ৰী তোক
লাগেনে ন’লেজ —————
কটন চেন্টি বুলিলেই জগত বিখ্যাত । মই আনন্দিত, কিয়নো মইয়ো এই মৰমিয়াল পৰিয়ালৰেই এজন।

ক্ৰমশঃ

admin

Leave a Reply