মাজুলীৰ ঐতিহ্য আৰু শালমৰাৰ নাওঁশিল্প

নিত্য হাজৰিকা, শালমৰা, মাজুলী |

মানৱৰ ক্ৰমবিকাশ আৰু উন্নতিৰ লগে লগে প্ৰকৃতিৰ লগত সংগ্ৰাম কৰি জীৱন নিৰ্বাহৰ চিন্তা চৰ্চ্চা পুৰাতনীয়া। ধুমুহা, শিলা বৃষ্টি, আগ্নেয়গিৰি, ভূমিকম্প আদিৰ পৰা ৰক্ষা পাবলৈ যেনেকৈ নিৰাপদ আশ্ৰয় স্থানৰ নিৰ্মাণৰ চিন্তা চৰ্চ্চা চলি আহি পৰ্বতৰ গুহাৰ পৰা বৰ্তমানৰ সুউচ্চ অট্টালিকা নিৰ্মাণ কৰিবলৈ লৈছে ঠিক তেনেকৈ বানপানী আৰু জলপথৰ সুবিধা লাভৰ বাবে সাধাৰণ নাৱৰ পৰা বৃহৎ জাহাজৰ নিৰ্মাণ কাৰ্য চলি আহিছে।

নাওঁখেলোৱা আনন্দ মানুহৰ অৱসৰ বিনোদনৰ উল্লেখযোগ্য আহিলা। ৰজা-মহাৰজাৰ দিনৰে পৰা এই নাওঁ খেল চলি আহিছে। তাৰ উপৰিও কবি সাহিত্যিক সকলৰ কলমত নাওঁ সমাদিত। গীতত গোৱা হৈছে……

“লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়’।”

অৰ্থাৎ নাওঁশিল্পই অসমৰ সাংস্কৃতিক জগতখনটো বিশেষ ভাৱে সমাদৃত হৈ আহিছে।

বোধকৰো প্ৰকৃতিগত বানপানীৰ পৰা হাত সাৰিবলৈ, আৰু জলপথ নিৰ্মাণৰ বাবে মানৱ সভ্যতাই বিভিন্ন উপায় অৱলম্বন কৰি আহিছে। পূৰ্বে মানৱ জাতিয়ে উল্লেখিত সংকট মোচনৰ বাবে কাঠৰ ভুৰ বা কলৰ ভুৰ নিৰ্মাণ কৰিছিল। সিবোৰৰ অসুবিধা অনুভৱ কৰিয়েই ডাঙৰ ডাঙৰ কাঠৰ মাজ অংশ খুলি গোটা কাঠৰ নাওঁ নিৰ্মাণ কৰিছিল। কাঠৰ মৃতব্যয়িতা আৰু বৃহৎ আকাৰৰ নাওঁ নিৰ্মাণৰ লক্ষ্যৰে ফলা কাঠেৰে পৰবৰ্তীকালত নাওঁ,
নিৰ্মাণ কৰিবলৈ ধৰিলে। বৰ্তমান সময়ত কেৱল কাঠৰ বাহিৰেও উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ ঘটাই লো আৰু প্লাষ্টিকেৰে নাওঁ, জাহাজ আদি নিৰ্মাণ কৰিবলৈ ধৰিলে। সেয়ে হ’লেও কাঠৰ নাওঁ নিৰ্মাণ কৰাৰ সুবিধাই বেছি।

আমাৰ আলোচনাৰ বিষয়বস্তু হ’ল মাজুলীৰ শালমৰা গাঁৱৰ নাওঁশিল্পীসকলৰ নিৰ্মাণ শৈলী আৰু উপযোগীতাৰ বিষয়ে। মাজুলীৰ তিনিটা মৌজাৰ ভিতৰত শালমৰা মৌজাও অন্যতম। এই শালমৰা গাঁৱৰ প্ৰায় পাঁচশ বিশটা পৰিয়ালে মৃত্ শিল্প, নাওঁশিল্প আৰু কম সংখ্যক পৰিয়ালে কৃষি আৰু চাকৰি যোগে জীৱন নিৰ্বাহ কৰি আহিছে। ১৯৭৬ চনত প্ৰৱল গৰা খহনীয়াত কৃষক পৰিয়াল সকলে কৃষিভূমি হেৰুৱাই সিংহভাগ পৰিয়ালে মৃত্ আৰু নাওঁশিল্পৰ যোগেদি জীৱন নিৰ্বাহ কৰি আহিছে। ক’ৰপৰা কেনেকৈ এই নাওঁশিল্পীসকলৰ সৃষ্টি হ’ল সেই কথা থিৰাংকৈ ক’ব নোৱাৰি যদিও কিছু প্ৰচলিত প্ৰবাদ উল্লেখ কৰিব পাৰিব। উল্লেখযোগ্য যে, মৃত্ শিল্পী সকলে নিৰ্মাণ কৰা মাটিৰ বাচন-বৰ্তন অতি ঠুনুকা । যাৰফলত ঘোঁৰা গাড়ী বা অন্য যান্ত্ৰিক ব্যৱস্থাৰে এই বাচনবোৰ বাহিৰত বিক্ৰী কৰিবলৈ নিওঁতে ভাগি, নষ্ট হৈ শিল্পীসকলৰ লাভতকৈয়ো লোকচান বেছি হয়। অন্যহাতে নাৱেৰে নদীপথত এই ব্যৱসায় কৰাত বাচনবোৰ সুৰক্ষিত হৈ ৰৈছিল আৰু বিভিন্ন নদী কাষৰীয়া স্থানত বিক্ৰী কৰাৰো সুবিধা হৈছিল। যাৰবাবে শিল্পীসকলে নাওঁ নিৰ্মাণ শৈলী শিকি লৈছিল। প্ৰবাদ আছে যে, প্ৰাক্ শংকৰী যুগত এই গাঁৱৰ পৰা নিৰ্মিত নাওঁ আহোম ৰজাইয়ো খেল নাওঁ হিচাপে ব্যৱহাৰ কৰিছিল। বিখ্যাত শৰাইঘাট ৰণত শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰা নাওঁ ব্যৱহাৰ হৈছিল। সি যি কি নহওঁক অসমৰ ভিতৰতে মাজুলী এক বান অধ্যুষিত এলেকা। শালমৰাৰ মিস্ত্ৰীয়ে নিৰ্মাণ কৰা নাৱেৰে মাজুলীৰ লগতে বান অধ্যুষিত অসমৰ অনেক লোকক বানৰ গৰাহৰ পৰা দেৱদূত ৰূপে ৰক্ষা কৰি আহিছে। মাজুলী মহকুমাক সত্ৰ নগৰী হিচাপে উল্লেখ কৰাৰ লগতে মুখাশিল্প, মৃত্ শিল্প আৰু নাওঁশিল্পয়ো সমানে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। যাৰ বাবে শালমৰাৰ নাওঁশিল্পক লৈ মাজুলীবাসীয়ে গৌৰৱ কৰাৰ থল আছে। শেহতীয়াকৈ মাজুলীক বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ যি প্ৰয়াস চলিছে, নাওঁশিল্প সম্বলো এইক্ষেত্ৰত অন্যতম বুলিব পাৰি।

নাওঁ বা নৌকা নিৰ্মাণ ব্যৱস্থাতো অতি জটিল আৰু কৌশলপূৰ্ণ। এখন নাওঁ নিৰ্মাণৰ বাবে পৰিকল্পিত আকৃতি অনুসৰি নিৰ্দিষ্ট জোখত প্ৰয়োজনীয় কাঠ সংগ্ৰহ কৰি লোৱা হয়। সাধাৰণতে আজাৰ, উৰিয়াম, ওৱৈ জামুক আদি কাঠ ব্যৱহাৰ কৰা হয় যদিও আজাৰ কাঠৰ ব্যৱহাৰেই সৰ্বাধিক। এডাল পৈণত কাঠ বিশেষ ব্যৱস্থাৰে চাং সাজি বৰ কৰতেৰে কাঠবোৰ নিৰ্দিষ্ট জোখত ফালি লোৱা হয়। তাৰ পিছত জোখমতে “মঙাল” আৰু “ডাল”ৰ কাঠ কাটি লোৱা হয়। ফালিলোৱা কাঠবোৰৰ মাজৰপৰা নিৰ্দিষ্ট দুটা কাঠ “বাৰ” হিচাবে সমতল স্থানত ভিৰুৱা (কাঠ দুচতাৰ দুইমূৰ সোমোৱাই মাজ অংশ বহলাই দিয়া পদ্ধতি) হয়। ইয়াৰ পিছত দুইমূৰত নিৰ্দিষ্ট জোখ আৰু আকৃতিত মঙাল সংযোগ কৰা হয়। মঙালৰ পৰা “ডাল” লগাই সেই ব্যৱস্থাৰে চাঙৰ ওপৰত সুবিধাজনক ভাৱে উবুৰিয়াই লোৱা হয়। অৱশ্যে বৃহৎ আকৃতিৰ নাওঁ নিৰ্মাণৰ ক্ষেত্ৰত উবুৰিয়াই ল’ব পৰা নাযায়। ইয়াৰ পিছতেই ইচতা মঙালৰ পৰা সিটো মঙাল সংযোগ কৰি “বানি” বা চুক কাঠ লগোৱা হয়। এই কাঠ লগোৱাৰ অন্তত নাওঁখন পুনৰ চিতাই লৈ বাৰৰ পৰা চুক কাঠ বা বানি পৰ্যন্ত সমান কৰি ভিতৰৰ অংশটো চুচি পেলোৱা হয়। তলিখনো মশৃন কৰি চাঁচি লোৱাৰ পিছত দুয়োটা বাৰ সংযোগী নিৰ্দিষ্ট কেইটামান “পিৰি” লগোৱা হয়। তাৰ পিছতেই সংযোগস্থল বিলাকত আলকটৰা সানি ব্যৱহাৰৰ উপযোগী কৰা হয়। এই নিৰ্মাণ কাৰ্যৰ বাবে “বাইচ, ভানি, হাতুৰী, বতালি, বিন্ধনা, চাবুল, কেলেম, পেটীলোহা, গজাল, খিলি” ত্যাদি সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয়।

মাজুলীৰ এই মিস্ত্ৰীসকলে নিৰ্মাণ কৰা নাওঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্যৱহৃত হৈ আহিছে। যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ চলাচল কৰা সকলোবোৰ যাত্ৰী আৰু মালবাহী নাওঁ শালমৰাৰ মিস্ত্ৰীসকলে নিপুণ হাতেৰেই নিৰ্মাণ কৰা। শালমৰাৰ মিস্ত্ৰীসকলে এই নাওঁ নিৰ্মাণৰ জৰিয়তে জীৱিকা আহৰণ কৰাৰ লগতে জলপথৰ যাতায়তী সমস্যা দূৰীকৰণত বহুল ভূমিকা গ্ৰহণ কৰি আহিছে।

মাজুলী বিশ্ব ঐতিহ্য বহন কৰাৰ অন্যতম দাবীদাৰ শালমৰাৰ নাওঁশিল্পী সকলে অতি দুখজনক ভাৱে জীয়াই থাকিব লগা হৈছে। বান সমস্যাই জৰ্জৰিত অসমবাসীৰ বন্ধুস্বৰূপ এই শিল্পীসকলৰ জীৱন ধাৰা অতিশয় দুখজনক। মাজুলীৰো মাজুলীস্বৰূপ এটা অঞ্চলত বাস কৰা এই শিল্পীসকল আৰু তেওঁলোকৰ শিল্পৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ চৰম অৱহেলা বাৰুকৈয়ে প্ৰভাৱ পৰিছে। এনে অৱস্থাত তেওঁলোকে এই শিল্পৰ প্ৰতি গুৰুত্ব নিদিলে এদিন হয়তো এই প্ৰাচীন শিল্পৰ অস্তিত্বই নাথাকিব।

শেষত ভাৰতৰ দ্বিতীয় মহেঞ্জোদাৰো শালমৰাৰ নাওঁশিল্প আৰু শিল্পীৰ এই বিপন্ন অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ মানসেৰে সকলোকে অনুৰোধ জনালো।

admin

Leave a Reply