মাকে জীয়েকলৈ লিখা এখন চিঠি

সুপ্ৰীতি বৰুৱা । ৰুপাই চাইডিং, ডুমডুমা ।

চেনেহৰ পাল্কী,
মৰমবোৰ চিঠিৰ মাজতে আলফুলে পঠালো আৰু তপত এটি চুমা আঁকি দিলো তোমাৰ কপালত। নহলে যে তুমি অভিমান কৰিবা মই সকলো জানো, অৱশ্যে তুমি মোৰ ওচৰত কৰা মান-অভিমানবোৰে মোক বৰ আনন্দ দিয়ে, লগতে অভিভূত হওঁ ৷ বাৰু এইবোৰ বাদ ৷

বহুতদিনৰ পৰা তোমালৈ বিশেষ গুৰুত্বপূৰ্ণ কথা কেইটামান জনাই চিঠি এখন লিখিম বুলি ভাৱি থাকোঁতেই তোমাৰ আন্তৰিক মৰমমিশ্ৰিত চিঠিখনে লিখিবলৈ যেন সোঁৱৰাই দিলে ৷ তোমাৰ চিঠিয়ে মোক পুৰণি কথা বোৰৰ মাজলৈ লৈ গ’ল ৷ নিভাঁজ মৰমৰ স্বাক্ষৰ বহন কৰা চিঠিবোৰ যেন এতিয়া আমি সকলোৱে ধোঁৱা চাঙত তুলি থলো, বৰ্তমান অযথা সময়ৰ অভাৱ দেখুৱাই……আমি সহজলভ্য ম’বাইলৰ বুটাম টিপি যোগাযোগ অব্যাহত ৰাখিবলৈ লৈছো ৷ নিজকে সভ্যদেশৰ একোজন ভদ্ৰলোক বুলি পৰিচয় দিছো ৷ দৰাচলতে আমাৰ সুন্দৰ অসমীয়া ভাষাৰ পাচিয়ে পাচিয়ে থকা শব্দবোৰ অব্যৱহাৰে আমাৰ মাজৰ পৰা চিঠিৰ লগতে সুন্দৰ শব্দবোৰো হেৰাই যাবলৈ উপক্ৰম কৰিছে ৷ তোমাৰ সতে বহুবোৰ (এই সম্পৰ্কে) কথাই পাতিছো, আজি পুনৰ এইবোৰ কথা দোহাৰিব বিচৰা নাই ৷

তুমি অধ্যয়নৰ বাবে তালৈ গুছি যোৱাৰ পাছৰে পৰা মই বৰ চিন্তাম্বিত হৈ থাকো ৷ তুমি কিন্তু ভুল নুবুজিবা ……তোমাৰ ওপৰত মোৰ অটল বিশ্বাস থকা সত্বেও, মাজে মাজে বহি: ৰাজ্যৰ জটিল সন্ধিক্ষণত…… সুৰক্ষিত হৈ চলিব পাৰিছা সেয়াহে আচল কথা ৷ প্ৰতিজনী মাতৃৰে এতিয়া দূৰণিত পঢ়ি থকা সন্তানবোৰক লৈ শংকা, দুঃচিন্তা বৃদ্ধি হোৱাৰ দৰে মইও ব্যতিক্ৰমী নহওঁ ৷ সেয়ে যিকোনো পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবলৈ যত্নপৰ হ’বা ৷

তুমি সিদিনা জনোৱা কথাটো খবৰ কাগজতো পালো ৷ কথাবোৰ ভাবি ভাবি অজান ভয়ৰ শিহৰণে মোৰ দেহ মন কঁপাই তুলিছে ৷ তুমি নিবিড়ভাৱে বন্ধুত্ব গঢ়ি তোলা দেবাহুতিৰ খবৰটো পাই তোমাৰ মানসিক অৱস্থাতো কেনে হব পাৰে মই ভালকৈয়ে জানিছো ৷ বুজি পাইছো ৷ পষ্টমৰ্টেম কৰা নিথৰ দেবাহুতিৰ দেহাটো ছাত্ৰীনিবাসৰ দীঘলীয়া বাৰাণ্ডাখনত পেলাই থওঁতে তুমি মোলৈ কান্দি কান্দি ফোনত কোৱা কথাকেইষাৰ আজিও মোৰ কাণত প্ৰতিধ্বনি হৈ আছে, তোমাৰ বিষাদভৰা সেই হৃদয়বিদাৰক কান্দোন মই জানো পাহৰিব পাৰিম ! আৰু ভাৱাচোন দেৱাহুতিৰ মাক-দেউতাক, বাই-ভনী, ভায়েকৰ কি অৱস্থা হৈছে ৷ তাইৰ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানক এগছি চাকিৰে প্ৰাৰ্থনা জনাইছো ৷

কি যে নিষ্ঠুৰ ! অমানুষিক নৰপিশাচহঁতৰ কাণ্ড ! কেৱল দেবাহুতিৰ ঘটনাটোৱে এতিয়া অসমৰ বা ভাৰতৰ প্ৰথম ঘটনা হৈ থকা নাই ; সৌ সিদিনা ডামিনীৰ হত্যাকাণ্ডই দিল্লী উত্তাল হৈ থকাৰ পাছতে এনে আৰু বহুবোৰ ঘটনাই দৈনিক ঘটি আছে ৷ এটা ঘটনা মাৰ নৌযাওঁতেই আৰু এটা নতুন ঘটনা…… ৷

নিজক বচাই চলিবা ৷ অধিক মৰসাহ কৰি প্ৰত্যাহ্বানেৰে কিছুমান কাম কৰিবলৈ উদ্যত নহবা, আগ-পিছ চাইহে সকলো কথাৰ সিদ্ধান্ত গ্ৰহণ কৰিবা ৷ সমাজত এনে কেলেংকাৰীবোৰৰ আঁৰত বিভিন্ন কু-চক্ৰ জড়িত হৈ থাকে ৷ নাৰীয়ে ভৱাৰ দৰে সম্পৰ্কৰ মাজেদি যৌনতা বিছাৰিলেও, …… পুৰুষে যৌনতাৰ মাজেদি সম্পৰ্ক বিচৰাৰ বাবেই আজি দেৱাহুতিয়ে কৰুণ মৃত্যুক আঁকোৱালি লব লগা হ’ল ৷ এই মৃত্যুক দেবাহুতিৰ পৰিয়ালে সহজে মনৰ পৰা আঁতৰাব পাৰিবনে ? জীয়াই থকালৈকে একুৰা নিৰ্বাপিত নোহোৱা জুই জ্বলি থাকিব ৷ বিশেষকৈ মাকজনীৰ ৷ মইও বাতৰি কাকতখন মেলি প্ৰায়ে এখন পাৰাপাৰ নাইকিয়া দুখৰ মাজত উটি-ভাঁহি থাকো ৷ আচলতে কি জানা – মই যে জন্মদ্ৰাত্ৰী মাক ৷ এজনী মাকে সন্তানৰ বাবে বিশেষকৈ কন্যা সন্তানৰ বাবে অধিক চিন্তা, শংকাত দিন পাৰ কৰি আহিছে ৷ সুৰক্ষিত, নিৰাপত্তা নোহোৱা দেশখনত কোনো অভিভাৱকেই শান্তিৰে যাপন কৰা নাই ৷ আজি-কালি পিতাইও তোমাৰ লগতে দেশৰ বিভিন্ন সমস্যাৰ বিষয়ে মোৰ সৈতে আলোচনা কৰে ৷

বাৰু বেলেগ প্ৰসংগলৈ আহোঁ ৷ উচ্চমান (Major) বিষয় – মনোবিজ্ঞানৰ তোমাৰ প্ৰিয় বিষয়ৰ (হিচাপে লৈ) শ্ৰেণীবোৰ কৰি কেনে লাগিছে ? বোধকৰো ভালেই লাগিছে ৷ প্ৰথমৰ পৰা অতি আন্তৰিকতাৰে পঢ়া-শুনা কৰিবা আৰু উচ্চমানৰ প্ৰতিটো পাঠ খৰছি মাৰি পঢ়িবা, শ্ৰেণীত মনোযোগ দিবা ৷ উচ্চমানৰ লগত সংগতি থকা কিতাপসমূহ পুথিভঁৰালৰ পৰা সংগ্ৰহ কৰিছা বুলি জানি সুখী হ’লো ৷ তোমাক লৈ মই কিন্তু বৰ ডাঙৰ সপোন এটা দেখিছো, আৰু মোৰ বিশ্বাস সপোনটো তুমি বাস্তৱায়িত কৰিব পাৰিবা ৷

অ’ কথা এটা মনত পৰিছে – তোমাক অৱশ্যে মই কৈছিলো; পাহৰিছা বুলিহে সোঁৱৰাই দিব খুজিছো ৷ তুমিতো জানাই আজিৰ পৰা বিশ বছৰৰ আগতে এটা শুভ/মধুৰ ক্ষণত পিতা আৰু মোৰ বুকুলৈ তুমি আহিছিলা ৷ আশা, সপোন আৰু হেপাঁহবোৰ পূৰ্ণতা পাইছিল আমাৰ হৃদয়ত ৷ তুমি আমাৰ জীৱনলৈ অহাৰ দিনা পিতাৰ গাত তত নাইকীয়া হৈছিল ৷ মামালৈ চিঠি লিখিছিল – আইতা, জেঠাইকো জনাইছিল ৷ মই মাতৃত্বৰ গৌৰৱেৰে তোমাক বুকুৰ উমেৰে লালন – পালন কৰাৰ পৰতে – দূৰণিত শুনিছিলো…… কোনোবাই কৈছিল “নীৰেণৰ ঘৈণী মালাই ভ্ৰুণ এটা দহমাহ ভাৰ লৈ কালি পুৱতি নিশা কন্যা সন্তানহে ভূমিষ্ঠ কৰিলে ৷” — কন্যা সন্তান বুলি ঘিনাইছিল, অলাগতিয়াল বুলি হাঁহিছিল ৷ কথাতো পাহৰিছা বুলি মনত পেলাই দিছো ৷ এনে সমাজক তোমাৰ দৰে হাজাৰজনীয়ে পুত্ৰতকৈ কন্যাও যে কোনোগুনে কম নহয়, সেই কথা তোমালোকে শিক্ষা-দীক্ষা, জ্ঞান-বৌদ্ধিক চিন্তাৰ যোগেদি বিভিন্ন কাৰ্য্যৰ দ্বাৰা দেখুৱাই দিব লাগিব ৷ মোৰ দৃঢ়বিশ্বাস তোমালোকে পাৰিবা – এইবোৰ নিৰ্মূল কৰি এখন সুন্দৰ সমাজ গঢ়ি, সংস্কৃতিবান কৰি তুলিব লাগিব ৷

মাজনী, পিতাই এপষেকৰ আগতে ঘাই ঘৰৰ মাটিতে ঘৰ সজাৰ যা-যেগাৰ কৰি থৈ আহিছে, পিতাইৰ চাকৰিৰ কাৰ্য্যকালো টুটি আহিছে বাবে পিতাই অলপ চিন্তাও কৰিছে, মই কিন্তু সাহস দিছো– মাজনীয়ে পঢ়ি শুনি আপোনালৈ হাত আগবঢ়াব বুলি ৷ বাৰু কথাটো জনাইছোহে তুমি বৰকৈ চিন্তা কৰি নাথাকিবা ৷ সময়ৰ কামবোৰ নিয়াৰিকৈ কৰি যোৱা, নিশ্চয় সফল হব পাৰিবা ৷ ভৱাধৰণে লক্ষ্যত উপনিত হবলৈ তুমি এটা শব্দৰ সতে সহবাস কৰিব লাগিব সেইয়া কি জানানে — অধ্যৱসায় ৷ তাৰ পাছত উচ্চতালৈ আৰোহণ কৰিবলৈ প্ৰয়োজন হব– অসাধাৰণ চৰিত্ৰ শক্তি, আৰু আত্মসংযম — এই তিনিও গুণ মিলি যেতিয়াই তোমাৰ হৃদয়ত একাকাৰ হ’ব , তেতিয়াই তুমি জীৱনৰ বাটত পৰম উৎকৰ্ষ সাধনাৰে সকলো বাধা – বিঘিনী নেওচি আগবাঢ়ি যাব পাৰিবা ৷ শিক্ষা আৰু জ্ঞান কিন্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হলেও তুমি স্ব-নিৰ্ভৰশীল হবলৈ শিকা অনিবাৰ্য্য ।

চৰকাৰী চাকৰিহে কেৱল কৰ্মসংস্থাপনৰ পথ মুকলি কৰি ৰাখে তেনে কথা কেতিয়াও মনলৈ নানিবা ৷ উচ্চ বিষয়া বা স্ব-নিৰ্ভৰশীল হৈ সদায় সমাজৰ স্খলিত হোৱা দিশবোৰ কেনেকৈ নিৰ্মূল কৰিব পাৰি – সেইয়াও মনতে ভাৱি চিন্তি সেই দিশত আত্মসচেতন হোৱাৰো প্ৰয়োজন আছে – নে কি কোৱা – দেহা ৷ আৰু এটা কথা চোৱা- পিছৰ চামে তোমালোকৰ দৰে শিক্ষাগ্ৰহণ কৰিবলৈ গৈ অজান শংকা, ভয় আৰু নিৰাপত্তাহীনতাত ভূগিব যাতে নালাগে – তাৰ বাবেও তোমাৰ দায়িত্ব আছে বুলি ভাৱোঁ ৷ অকেলে নহয় – লগে ভাগেহে ৷

মহাত্মা গান্ধীয়ে কি কৈছিল জানা – “মই যদি কন্যাসন্তান হৈ জন্ম গ্ৰহণ কৰিলোহেঁতেন নাৰী, পুৰুষৰ খেলৰ সামগ্ৰী বুলি পুৰুষে কৰা সকলো দাবীৰ বিপক্ষে বিপ্লৱ কৰিলোহেঁতেন ৷” — মহাত্মাৰ মহৎ বাণী হৃদয়ত স্থাপিত কৰি তুমি এনেবোৰ কাম কৰিবা বুলি মোৰ বিশ্বাস আছে ৷ কাৰণ তোমাৰ নেতৃত্ব দিব পৰা গুণো প্ৰকট হৈ আছে ৷ তোমাৰ মাৰ দৰে বহুত নাৰীয়ে বিভিন্ন স্তৰত বিভিন্ন পৰিৱেশত যিবোৰ অসুবিধাৰ সন্মুখীন হৈ দিন অতিবাহিত কৰি আছে – তুমিতো জানাই ৷ এই বিষয়ে বিভিন্ন সাহিত্যত বিশাল ৰচনাৰাজিও তুমি পঢ়িবলৈ পাইছা ৷ অসমীয়া উপন্যাস সাহিত্যত নাৰীৰ সামাজিক স্থান, সজাগতা, …… সম্পৰ্কে প্ৰকাশ পোৱা ৰজনীকান্ত বৰদলৈৰ — ‘ৰহদৈ লিগিৰী’, দণ্ডিৰাম কলিতাৰ ‘সাধনা’খন নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা…… তুমি বোধকৰোঁ পঢ়িছা, তাত যে দীনবন্ধুৱে প্ৰেমিকা প্ৰভাক কৈছিল – “ল’ৰাৰ শিক্ষাতকৈ ছোৱালী শিক্ষাত আমি বেছি সাৱধান হ’ব লাগে, পৰিয়াল আৰু দেশৰ মংগল নাৰীৰ ওপৰতেই নিৰ্ভৰ কৰে ৷” — আকৌ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃ-ভিঠা’ খনতে নাৰী পুৰুষৰ সত্ত্বাক ভাগ ভাগ নকৰি সকলো সম হোৱাৰ আবেদন পাওঁ ৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’ত, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘চিনাকী সুঁতি আৰু ‘ডাইনী’ , ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’ আদিৰ উপৰিও নিৰুপমা বৰগোহাঞিৰ ‘অন্য জীৱন’ , ‘চম্পাৱতী’, ‘অভিযাত্ৰী’ আটাইকেউখন উপন্যাসতে নাৰীৰ ভাৱনা, সমস্যা, স্বাধীনতা ইত্যাদি সম্পৰ্কে জানিব পাৰিছো ৷ অ’ পাহৰিছো জ্ঞানদায়িনী মামণি ৰয়ছম গোস্বামীৰ জীৱনটোৰ কথা ভাবাচোন— সংগ্ৰামৰ মাজত আমালৈ তেওঁ দি যোৱা অপূৰ্ব সাহিত্যৰাজীয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈগ গৈছে ৷ তেওঁৰ উপন্যাস— ‘চেনাবৰ সোঁত , নীলকণ্ঠী ব্ৰজ, দতাঁল হাতীৰ উয়ে খোৱা হাওদা, ছিন্নমস্তাৰ মানুহটো, দেৱীপীঠ ‘— আটাইবোৰ লেখনিৰ মাজেদি নাৰীৰ অৱস্থাক লৈ পাঠকৰ মনত গভীৰ অনুভূতিৰ উদ্বেগ সৃষ্টি কৰি থৈ গৈছে ৷ অৱশ্যে অমানৱীয় অত্যাচাৰ, উৎপীড়ন নিয্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কিন্তু একেবাৰে হোৱা নাই ৷ ডাইনীৰ বিপক্ষে আলোড়ন তোলা এগৰাকী সাহসী নাৰী বিৰুবালা ৰাভাৰ দৰে এইক্ষেত্ৰত হাজাৰজনী বিৰুবালা ৰাভাই নেতৃত্ব দিলে নিশ্চয় দেশ আৰু নাৰী জাতিৰ মংগল হব বুলি আশা কৰিব পাৰি ৷ বিভিন্ন জনে লিখি জাগৰণ তুলিলেও, বিচৰা ধৰণে পৰিৱৰ্তনৰ সূচনা হোৱা নাই ৷ এতিয়া আকাশ-বতাহেও অনুৰণিত— নাৰী নিয্যাতন, কেলেংকাৰী , ধৰ্ষণ, বলাৎকাৰ ইত্যাদি ঘটনা ৷ এই কৰুণ ঘটনাৰ অন্ত কেতিয়া পৰিব… আমি কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব— কথাবোৰ ভাবি চাবাচোন, তোমাৰ বন্ধুবৰ্গৰ লগত আলোচনা কৰি মোক জনাবা চিঠিৰে ৷ ভোগবাদী সমাজ খনত তোমালোকৰ দৰে উঠি অহা চামে পৰিৱৰ্তনীয় সমাজ এখনৰ বাবে কাম কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ হবৰ সময় কিন্তু আহিল ৷ সমস্যাবোৰ সমাধানৰ বাবে, সমাজৰ অশুভ কাৰ্য্যবোৰ ৰোধ কৰিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিলে আমি দিন -ৰাতি , আন্ধাৰ – পোহৰ সকলোতে মুক্তমনে নিৰাপদে , নিৰ্বিঘ্নে বিচৰণ কৰিব পৰা হ’ব ! গুঞ্জন শৰ্মাৰ দৰে আন কন্যাই সাহসিক কাৰ্য্য কৰি যাতে পৰিয়ালটোৱে ভাবুকি পোৱাৰ পৰাও মুক্ত হব পাৰে তেনে দিনবোৰ আমি পাবলৈ সক্ষম হমনে ?

আজৰি পৰত অনবৰতে ফেচবুকত ব্যস্ত নাথাকি এনে বিষয়বোৰৰ আলোচনা কৰি সমাধানৰ পথ কেনে ব্যৱস্থাৰে কৰিলে আমি সফল হব পাৰিম ভাবিবাচোন ৷

তাতে কিন্তু এটা কথা— আমি সংগ্ৰাম কৰিবলৈ, প্ৰতিবাদ কৰিবলৈ যোৱাৰ আগতে নিজকে নৈতিকতাৰে চৰিত্রবান হৈ লোৱাতো অতীৱ প্ৰয়োজন ৷ নিকা ভাৱমূৰ্ত্তিৰে এখন কলংকিত সমাজক শুদ্ধ ৰুপ দিবলৈ আগবাঢ়িব লাগিব ।

সেইদিনা তোমাৰ ফটো (ফেচবুক) চাওঁতে তোমাৰ বান্ধৱী প্ৰিয়া, পখী, প্ৰিয়াক্ষী, মীনাক্ষীক দেখা পালো ৷ অতি শালীনতাহীন পোছাক পৰিহিতা সিহঁতক দেখি মই যথেষ্ট মনোকষ্ট পাইছো ৷ আৰু কি জানা? ফটোকেইখনৰ তলত কিছুমান মন্তব্য প্ৰেৰণ কৰিছে সেইবোৰ মন্তব্যই যুৱসমাজত আগবাঢ়ি যাবলৈ কোনো অৰিহণা যোগাব নোৱাৰে ৷ মই মন্তব্যবোৰ পঢ়ি লজ্জিত হোৱাৰ লগতে চিন্তিত হৈছো ৷ তথাপি তোমাক জনালো , এইকাৰণেই যে এনেধৰণৰ অশুভনীয় কথাবোৰ প্ৰতিৰোধ কৰিব লাগিব তোমালোকেই ৷ আৰু এটা কথা নহয় আধুনিক পোছাক বুলি কলে ছুটি স্কাৰ্ট আৰু খঁৰা হাতৰ টপ বা চাৰ্টক নুবুজায় , আধুনিক শব্দটোক কিন্তু সংস্কৃতিবান মন এটাৰেহে জোখা যায় ৷ মাৰ্জিত পোছাক পৰিধানে এটা সুকীয়া ব্যক্তিত্ব প্ৰৌজ্জ্বল কৰি তোলে ৷ ” ফেচবুক ” বা অন্য উদ্যোগ লৈ এই সমস্যাসমূহৰ শুদ্ধ ৰুপ দিবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিছো ৷

বহুত দিনেই হ’ল বহুত কথা— মোৰ মনৰ মাজত উক-মুক কৰি আছিল ৷ সকলো কথা ফোনত পাতিব নোৱাৰি ৷ তদুপৰি আমাৰ ইমান সুন্দৰ, মনৰ ভাৱ ব্যক্ত কৰাৰ মাধ্যম চিঠিৰ চৰ্চাও হেৰাই গ’ল।আকৌ আৰম্ভ কৰিম, আমি চিঠিৰে মনৰ ভাৱ প্ৰকাশ কৰি পুনৰ সুন্দৰ চিঠিৰ চৰ্চা ৰাখিম দেই ৷ তুমিও চিঠিৰ বুকুত আঁকি দিয়া বিভিন্ন সমস্যাবোৰৰ কথা দ’কৈ ভাৱি চিঠি লিখি জনাবা বুলি আশা কৰিলো ৷

অ’ বাবুৰ কথা নিলিখিলো, সি আজি-কালি যথেষ্ট বাধ্য হৈছে ৷ পঢ়া-শুনাও কৰিছে ৷ মাজে মাজে ওচৰৰ পথাৰখনত ফুটবল খেলে ৷ তুমি নথকাৰ পৰা সি বৰ অকলশৰীয়া হ’ল ৷ তুমি তাক পঢ়া-শুনা কৰিবলৈ সকিয়াই থাকিবা কিন্তু ৷

পৰীক্ষা শেষ কৰি তুমি এতিয়া ঘৰলৈ আহিব নালাগে ৷ ডেৰমাহৰ পাছতে শাৰদীয় দূৰ্গা পূজা, তেতিয়া আহিলে আমাৰ (তোমাক) আনিবলৈ যাবলৈও সুবিধা হ’ব, গতিকে দুদিনমান থাকা…… আমি তিনিওটা তোমাক আনিবলৈ যাম, কিমান ভাল লাগিব ৷ বাৰু আজিলৈ সামৰিছো ৷ এবুকু মৰম, হাজাৰটা চুমা খাই দিছো তোমাৰ গালে – মুখে ৷ নিজৰ স্বাস্থ্যৰ যতন ল’বা ৷ পঢ়া-শুনা কৰিবা ৷

ইতি,
তোমাৰ মৰমৰ
“মা”

admin

2 comments

  1. সচাঁয়ে ভাল লাগে আপোলোকৰ এনেবোৰ কাম দেখি

Leave a Reply