মনতৃষ্ণা পেগু

“মোৰে ধন চেনাই মোৰে ধন চেনাই

জ্বলি পুৰি মৰিছো মই তোমাৰে কথা ভাবি।
তোমাৰ বুকুৰ সঁচা মৰম এবাৰ হলেও পাম বুলি।
(অ মোৰ চেনাইটি)2
তুমি মোৰ লগৰী হ’বা মোৰ চেনাইটি…..”

মৃত্যুৰ আগমুহূৰ্তলৈকে গীত গোৱাৰ স্পৃহা থকা নবীন কণ্ঠশিল্পী মনতৃষ্ণা পেগুৰ জন্ম হয় ধেমাজি জিলাৰ কুলাজান অঞ্চলত, ১৯৯৩ চনৰ ১৬ নবেম্বৰত। তেখেতৰ পিতৃৰ নাম বীৰেণ পেগু আৰু মাতৃৰ নাম হীৰুপ্ৰভা পেগু। অতি মেধাৱী মন তৃষ্ণাৰ শিক্ষা জীৱন আৰম্ভ হয় কুলাজান প্ৰাথমিক বিদ্যালয়ত, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা জীৱবিজ্ঞান বিষয়ত স্নাতক আৰু  জ্যোতিৰুপা সংগীত মহাবিদ্যালয়ৰ পৰা “বি. মিউজিক-ভকেল”ত স্নাতক ডিগ্ৰী লাভ কৰে।

সৰুৰেপৰাই সংগীত চৰ্চ্চা আৰম্ভ কৰা মনতৃষ্ণা পেগুৱে সপ্তম শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়লৈকে শ্ৰেষ্ঠ গায়ীকাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত “সেউজী চৰা” অনুষ্ঠানত সংগীত পৰিবেশন কৰি ৰাইজৰ মৰম আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সংগীতেৰে সংগীত প্ৰেমীৰ বুকুত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা নৱপ্ৰজন্মৰ কণ্ঠশিল্পী মনতৃষ্ণাই কণ্ঠদান কৰা এলবামবোৰ হৈছে “বিৰদুগ অপ্পুন”, “মৰমৰ নয়নমণি”, “আৰিয়া ঙম গিতিত্তেই”, “আয়াং লেকৰ” ইত্যাদি ৷

মিছিং গীত………
ঙ আয়িৰেম কিনচুমাং ,
দুংকল দুপমাং আতেৰ আতেৰ দুয়েমুল আচিনচেচিন মেপমাং,
দনামেচিন দঃপমাং,
তিনামেচিন তিপমাং ।

মিছিং গীতৰ লগতে অসমীয়া গীত পৰিবেশন কৰি বিভিন্ন মঞ্চত খলকনিৰ সৃষ্টি কৰা মনতৃষ্ণাই বিভিন্ন স্থানীয় সংগীত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত (২০০৯-২০১৫ চন)একেৰাহে পাঁচ বাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান বুটলিবলৈ সক্ষম হয়। ধেমাজি জিলাভিত্তিত(২০১২ চন) আয়োজিত শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰা এইগৰাকী নবপ্ৰজন্মৰ কণ্ঠশিল্পী মনতৃষ্ণা বৰ্তমান নগাওঁ জিলাত অৱস্থিত আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত “ভেষজ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা” বিভাগত অধ্যয়নৰত।

সু-গায়ীকা মনতৃষ্ণাই সংগীতৰ জগতখনত আৰু অধিক আগুৱাই যাওক, তেখেতৰ সুললীত কণ্ঠৰে শ্ৰোতা ৰাইজক আপ্লুত কৰি ৰাখিব বুলি আশা কৰিছো। শেষত ফেঁহুজালিৰ তৰফৰ পৰা নৱপ্ৰজন্মৰ সু-গায়ীকা মনতৃষ্ণাৰ দীৰ্ঘায়ু কামনা কৰিলো।

mp

bipul bora

Leave a Reply