বৰষুণ

ডাঃ নিলাক্ষী চলিহা গগৈ, তিনিচুকীয়া ৷

বাহিৰত বৰষুণ ৷
বৰষুণকো ভাল পাব লাগে
হৃদয় স্পপ্নীল
বৰষুণৰ ৰঙেৰে ৷

হৃদয়ৰ পাত্ৰবোৰ
পানীপোতাত পাতি দিম
উদং কণ্ঠবোৰত
বাজি উঠক পূৰ্ণতাৰ ৰিম্-জিম্ ৷

বৰষুণৰ ছবি খন
মই
এনেকৈয়ে চাব খোজো ৷
বৰষুণ—
পানীৰঙী সপোনেৰে
তই কিমান ভৰুণ !

admin

Leave a Reply