বৈদ্য ব্রাইট বুঢ়াগোহাঁই

জন্ম-১৯৯২ চন ৷
পিতৃ-পানীন্দ্র বুঢ়াগোহাঁই |
মাতৃ-পদুমী বুঢ়াগোহাঁই ৷
গাওঁ-মৰিঢল, সুৱাহি, ধেমাজি ৷
শিক্ষ্যা-স্নাতক(শিক্ষাতত্ব)ডিব্রু মহাবিদ্যালয় ৷

বৰ্তমান ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত বৈদ্যই সৰুৰে পৰা সাহিত্যৰ লগত জড়িত ৷

প্ৰকাশিত গ্রন্থ-
”নিজানত নিজকে” ;২০১৪
(এই গ্রন্থৰ বাবে সদৌ অসম কবিসন্মিলনে কাব্যশ্রী হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান কৰিছিল ২০১৫ ত)
সম্পাদিত গ্রন্থ-
”ৰং-পয়”;২০১৪
”ড. রুণুমা শর্মা আরু ব্যক্তিত্ব”;২০১৩
”নাহৰৰ দেশৰ গল্প”; ‘১৪
”প্ৰবাহিনী”(ধেমাজী বি. এড. কলেজৰ মুখপত্ৰ)১৪-১৫
”নীড়”(ডিব্রুগড় বিশ্ববিদ্যালয়ৰ যুৱ মঞ্চৰ মাহেকীয়া আলোচনী)

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ে সদৌ অসম ভিত্তিক আয়োজন কৰা কবিতা প্ৰতিযোগিতাত তৃতীয় স্হান প্ৰাপ্ত।
”সুধাকণ্ঠ”;২০১৩
প্ৰান্তিক, গৰীয়সী, সাতসৰী, প্ৰকাশ, জীৱন, সাৰেগামা, আমাৰ সময়,নীড়, আমাৰ অসম, অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, আজিৰ দৈনিকবাতৰি, জনসাধাৰণ, সাদিন, দৈনিক অসম, আকাশবাণী ডিব্রুগড় কেন্দ্র আদিত কবিতা প্ৰকাশ হৈছে।

বিশ্লেষণ-
তেওঁৰ কবিতাত ঘাইকৈ মানৱতাবাদ দেখা যায় যদিও প্ৰকৃতি; আকাশ; বতাহ আৰু প্ৰেমেও ভূমুকি মৰা পৰিলক্ষিত হয়।মানুহক কাষৰ পৰা জুমি চাব খোজা কবিগৰাকীৰ কবিতাসমূহ সুন্দৰ আৰু মননশীল প্ৰকাশভংগীয়ে স্বাদযুক্ত কৰি তুলিছে। সম্প্রতি তেখেত অসমৰ কাব্যজগতৰ এজন জনপ্ৰিয় কবি ৰূপে স্বীকৃতি লাভ কৰিছে।
অঁনাতাৰ কেন্দ্র ডিব্রুগড় ত যুবৱাণী আৰু সাহিত্য কাননত কবিতা পাঠ কৰি শ্রোতাৰ সমাদৰ লাভ কৰিছে।
কেবুল টিভিৰ আমাৰ V&S চেনেলে কেইবাটিও কবিতা আলোচনাত বহিছে এই জনপ্ৰিয় কবিগৰাকীৰ সৈতে |
ধেমাজি জিলাৰ মৰিঢল সুবাহিত জন্মগ্রহণ কৰা কবিগৰাকী সম্প্রতি ডিব্রুগড় বিশ্ববিদ্যালয় ৰ বাসিন্দা ৷
তেখেতৰ উত্তৰোত্তৰ কামনা কৰিলো ৷

b

admin

Leave a Reply