বৈজ্ঞানিক মানসিকতা

ড° ৰাস্না ৰাজখোৱা, সহকাৰী অধ্যাপিকা, পদাৰ্থ বিজ্ঞান বিভাগ, ত্যাগবীৰ হেমবৰুৱা কলেজ, জামুগুৰিহাট |
বৈজ্ঞানিক মানসিকতা হ’ল যিকোনো কথা বা ঘটনা অধ্যয়ন আৰু নিৰেপেক্ষ বিশ্লেষণ কৰি যুক্তিসঙ্গত ব্যাখ্যা ডাঙি ধৰিব পৰা ক্ষমতা, কোনো ঘটনাৰ আঁৰত থকা কাৰ্য আৰু কাৰণৰ সঠিক আৰু যুক্তিপূৰ্ণ সম্পৰ্ক স্হাপন কৰা। অনুসন্ধিৎসাই মানুহক প্ৰশ্ন কৰিবলৈ শিকায়, বুদ্ধিমত্তাৰ ফলত মানুহে গ্ৰহণযোগ্য এটা উত্তৰ বিচাৰি উলিয়ায়। অৱশ্যে গ্ৰহণযোগ্য উত্তৰটো সদায় বিজ্ঞানসন্মত নহ’বও পাৰে। কাৰ্য আৰু কাৰণৰ সম্পৰ্কত নিজৰ গভীৰ বিশ্বাস থাকিলেই নহ’ব; এই সম্পৰ্কই তিনিটা চৰ্ত পূৰণ কৰিব লাগিব। এই চৰ্ত তিনিটা হ’ল—পৌন:পুনিকতা, ব্যক্তি নিৰপেক্ষতা আৰু স্হান নিৰপেক্ষতা। পৌন:পুনিকতা মানে হ’ল –একে ধৰণৰ কাৰণত একে ঘটনাৰ পুনৰাবৃত্তি, ব্যক্তি নিৰপেক্ষতা মানে হ’ল – যিকোনো ব্যক্তিৰ ক্ষেত্ৰত সেই নিদিৰ্ষ্ট কাৰণ সাপেক্ষে একে ঘটনাৰ অৱতাৰণা আৰু স্হান নিৰপেক্ষতা মানে হ’ল – একাধিক স্হানত ইয়াৰ সত্যতা নিৰুপণ।

এগৰাকী বিজ্ঞানীয়ে গৱেষণাগাৰত কোনো এক বিষয়ত পৰীক্ষা-নিৰীক্ষা কৰি আচলতে ইয়াৰ আঁৰত থকা কাৰ্য-কাৰণৰ সম্পৰ্ক স্হাপন কৰাৰ চেষ্টা কৰে। গৱেষণাগাৰৰ বাহিৰত, বিজ্ঞানমনস্ক যিকোনো মানুহে বিভিন্ন ঘটনা বা বিশ্বাসৰ আঁৰত থকা এনে বিজ্ঞান সন্মত কাৰণবোৰ বাছি উলিয়াই কাৰ্য-কাৰণৰ সঠিক সম্পৰ্ক স্হাপন কৰিবলৈ সক্ষম হয়।

যিকোনো বিষয় আলোচনা কৰোতে বৈজ্ঞানিক মানসিকতাই কেৱল তথ্য আৰু যুক্তিক প্ৰাধান্য দিয়ে, নিজস্ব আৱেগ-অনুভূতি বা বিশ্বাসৰ বিপৰীতে নিৰেপেক্ষ আৰু মুকলি মনেৰে সকলো সমস্যা বা ঘটনাক ই বিশ্লেষণ কৰে। বৈজ্ঞানিক মানসিকতাই মানুহক যুক্তিৰে সকলো কথা চালিজাৰি চাবলৈ শিকায়। জন্মতেই মানুহ বিজ্ঞানমনস্ক হৈ নাহে। বিভিন্ন কাৰকে বিজ্ঞানমনস্ক ৰূপে গঢ়ি উঠাত সহায় কৰে। সেইবোৰ হ’ল—
পৰিৱেশৰ প্ৰভাৱঃ ঘৰখন বা সমাজখনৰ পৰিৱেশ বা বাতাৱৰণে শিশুৰ ব্যক্তিত্ব গঠনত প্ৰৱলভাৱে প্ৰভাৱিত কৰে। ফলত ডাঙৰ হৈ অহাৰ লগে লগে এটা সময়ত নিজৰ অজানিতে দৃষ্টিভংগীও সেইখন ঘৰ বা সেই সমাজৰ আন এজন মানুহৰ দৰে হৈ পৰে। সেই বাবে বৈজ্ঞানিক মানসিকতা গঢ় দিবলৈ শৈশৱতে আৰম্ভণি কৰিব লাগিব আৰু নিজৰ ঘৰখনত শিশুৱে তেনে এটা পৰিৱেশ পাব লাগিব।

ইচ্ছা আৰু অনুশীলনঃ ইচ্ছা থাকিলে অনুশীলনৰ জৰিয়তে বিজ্ঞানমনস্ক হৈ উঠিব পাৰি। ই তেনে কোনো কঠিন কাম নহয়।
সূক্ষ্ম পৰ্য্যবেক্ষণ ক্ষমতাঃ সূক্ষ্ম পৰ্য্যবেক্ষণ ক্ষমতা আহৰণ কৰিবলৈ অনুশীলনৰ লগতে সন্দেহ প্ৰৱণতা আৰু কৌতূহল থকাটো প্ৰয়োজনীয়।
এটা সংস্কাৰমুক্ত অথচ মুকলি মনঃ পুৰণি বিশ্বাস বা কথাত আঁকোৰগোজ হৈ ধৰি থকাটো যিদৰে মুকলি মনৰ পৰিচায়ক নহয় সেইদৰে সকলো ধৰণৰ পুৰণি বিশ্বাসেই অমূলক বুলি ধৰি লোৱাটো মুকলি মনৰ পৰিচায়ক নহয়।

প্ৰশ্ন, সন্দেহপ্ৰৱণতা আৰু কৌতূহলঃ প্ৰশ্ন আৰু সন্দেহপ্ৰৱণতাই বা কোনো এটা বিষয় জানিবলৈ খোজা হেঁপাহে সেই বিষয়টোৰ ওপৰত দ-কৈ ভাবিবলৈ শিকায়। সেয়ে ই আলোচনাৰ দুৱাৰ মুকলি কৰি জ্ঞান বৰ্ধনত সহায় কৰে। বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব খুজিলে সকলো কথাকে বিশ্বাস কৰাৰ আগতে নিজৰ সন্দেহ ব্যক্ত কৰিব লাগিব, আনৰ লগতে নিজকো প্ৰশ্ন কৰিব লাগিব আৰু নজনা কথা জনাৰ আগ্ৰহ থাকিব লাগিব।

বৈজ্ঞানিক মানসিকতাই সদায় তথ্যনিষ্ঠ, নিৰপেক্ষ, যুক্তিনিৰ্ভৰ পদ্ধতি অনুসৰণ কৰে। এই পদ্ধতি প্ৰয়োগ কৰি দৈনন্দিন ভাবনাৰ লগতে সামাজিক তথা ৰাজনৈতিক সমস্যাসমূহত নিজস্ব সিদ্বান্ত ল’ব পাৰি। ইয়াৰ দ্বাৰা ন্যায়-অন্যায়, সত্য-অসত্যৰ বিচাৰ কৰি চাব পাৰি। ই মানুহৰ বিশ্বাস আচৰণ আৰু জীৱনবোধ ন-কৈ সজোৱাত উদ্গনি দিয়ে। ই বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত হোৱাত সহায় কৰে। বৈজ্ঞানিক মানসিকতাৰ মাজত মানৱতাৰ সুৰ মিহলি হৈ থাকে। কিয়নো বৈজ্ঞানিক মানসিকতাই মানুহক দেশ-জাতি, সম্প্ৰদায়-বৰ্ণ বা গোষ্ঠীৰ ঠেক পৰিসীমাত আবদ্ধ নকৰি বহল দৃষ্টিভংগীৰে চাবলৈ শিকায়। ই কোনো নিৰ্দিষ্ট লক্ষ্য আগতীয়াকৈ ঠিক কৰি নথয়। একমাত্ৰ বিজ্ঞানমনস্ক মানুহে কোনো পৰম গুৰু, পৰিত্ৰাণকৰ্তা, প্ৰশাসন বা বেদবাক্যৰ দ্বাৰা পৰিচালিত নহয়। সেইবাবে সামাজিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ উদ্দেশ্যে বা মানৱ কল্যাণৰ অৰ্থে মানুহৰ মৌলিক প্ৰয়োজনসমূহ পূৰাবলৈ হ’লে সামগ্ৰিকভাৱে মানুহক বিজ্ঞানমনস্ক ৰূপে গঢ়ি তোলাটো একান্ত প্ৰয়োজন।
আমাৰ দেশত বিজ্ঞান শিক্ষাৰ উদ্দেশ্য সঠিকভাৱে নিৰুপণ হোৱা নাই। তাৰোপৰি, ৰাষ্ট্ৰৰ পৰোক্ষ পৃষ্ঠপোষকতাতে সমাজত ভাববাদী চিন্তাধাৰাৰ বহুল প্ৰসাৰণে বিজ্ঞানক আমাৰ সংস্কৃতিৰ অংগ হিচাপে গঢ় দিয়াত বাধা দি আহিছে। ভাৰতৰ সংবিধান অনুসৰি দেশৰ সকলো নাগৰিকৰ মাজতে বিজ্ঞান মনস্কতা, মানৱতা, অনুসন্ধিৎসা আৰু সংস্কাৰৰ চিন্তাৰ বিকাশৰ কাৰণে ৰাষ্ট্ৰই চেষ্টা কৰিব। পিছে বাস্তৱ ক্ষেত্ৰত আমি এই চেষ্টা ফলৱতী হোৱা দেখা পোৱা নাই। ধৰ্মৰ নামত, পৰম্পৰাৰ নামত কুসংস্কাৰসমূহক জীপাল কৰি ৰাখিব খোজা কাৰ্য্যক প্ৰচলিত বিজ্ঞান শিক্ষাই প্ৰতিহত কৰিব পৰা নাই। সৰ্বসাধাৰণৰ মনত কেৱল এক উন্নত মানৰ জীৱিকাৰ পথ হিচাপে বিজ্ঞান শিক্ষাই গুৰুত্ব পাই আহিছে। সমাজত বৈজ্ঞানিক মানসিকতাৰ বিস্তাৰ ঘটোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা আহিব পাৰে। সম্ভাব্য বাধাবোৰৰ সম্পৰ্কে আগতীয়াকৈ জানি ল’ব নোৱাৰিলে আৰু সেইবোৰৰ বিপক্ষে থিয় দিয়াৰ মানসিক প্ৰস্তুতি নাথাকিলে যিকোনো ধৰণৰ পৰিকল্পনা ব্যৰ্থ হোৱাটো স্বাভাৱিক। বিভিন্ন বাধা সমূহ হ’ল—
প্ৰাকৃতিক বাধাঃ প্ৰাকৃতিক পৰিৱেশে মানুহৰ শৰীৰবৃত্তৰ লগতে মানসিকতাৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। গ্ৰীষ্ম প্ৰধান দেশৰ বা মৰু অঞ্চলৰ মানুহে নিজৰ নূন্যতম খাদ্য-পানীয় সংগ্ৰহ কৰোতেই জীয়াই থকাৰ সংগ্ৰামত দিনে নিশাই ব্যস্ত থাকিবলগীয়া হয়। ফলত সামাজিক বা আন কোনো বিষয়ৰ চিন্তা-চৰ্চা কৰাৰ দৰে অতিৰিক্ত সময় নাথাকে। সেইদৰে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ দেশৰ মানুহখিনি বিনা পৰিশ্ৰমতেই প্ৰাচুৰ্য্যৰ অধিকাৰী হৈ আৰামপ্ৰিয় আৰু ভোগবাদী হৈ পৰে। সেয়ে বৈজ্ঞানিক মানসিকতাৰ কোনো প্ৰয়োজনবোধ নকৰিব পাৰে।
আৰ্থ-সামাজিক বাধাঃ দৰিদ্ৰ অনুন্নত আৰু উন্নয়নশীল দেশত জীৱন ধাৰণৰ প্ৰতিটো পদক্ষেপৰ সৈতে সাঙোৰ খাই থাকে অনিশ্চয়তা আৰু বঞ্চনা। নানাবিধ অভাৱৰ মাজত থকা মানুহবোৰে এটা সময়ত পৰিত্ৰাণৰ উপায় বিচাৰি নিজৰ জীৱনৰ সকলো ধৰণৰ সমস্যাকেই অদৃষ্টৰ হাতত তুলি দিয়ে। এইদৰেই জন্ম হয় ভূত-প্ৰেত, জ্যোতিষ তথা নানা ধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ।
সেইবাবে আৰ্থ-সামাজিক উন্নতি অবিহনে, আধুনিক বিজ্ঞান তথা প্ৰযুক্তিয়ে আগবঢ়োৱা সা-সুবিধাখিনি সমাজৰ প্ৰতিজন মানুহৰ বাবে উপলব্ধ কৰিব নোৱাৰিলে তেওঁলোকক বিজ্ঞানমনস্কতাৰে গঢ় দিবলৈ আগবঢ়া পৰিকল্পনা কৰাটোৱেই বিজ্ঞানমনস্কতাহীনতাৰ পৰিচায়ক হ’ব।
সমাজ-সাংস্কৃতিক পৰিৱেশঃ দেশ ভেদে সংস্কৃতি ভিন ভিন হয়। আকৌ একেখন দেশতে ধৰ্মভিত্তিক, ভাষাভিত্তিক, অৰ্থভিত্তিক, শ্ৰেণীভিত্তিক আৰু অঞ্চলভিত্তিক ভিন ভিন সংস্কৃতি গঢ়ি উঠে। সংগীত, সাহিত্য, নাটক, চলচ্চিত্ৰ, কিতাপ-আলোচনী, দূৰদৰ্শনে আমাৰ সমাজ-সংস্কৃতিক প্ৰবলভাৱে প্ৰভাৱিত কৰে। তাৰোপৰি, বাতৰি-কাকতবোৰৰদ্বাৰা কোনো এক ঘটনাৰ তথ্যগত বিশ্লেষণ নকৰাকৈ অলৌকিক বুলি কৰা প্ৰচাৰ আৰু দূৰদৰ্শনত ভাববাদী মেগা ছিৰিয়েলসমূহে আমাৰ মনোজগতত অবিৰতভাৱে বৈজ্ঞানিক মানসিকতাৰ উন্মেষণৰ ক্ষেত্ৰত সদায় বাধাহে প্ৰদান কৰিছে।

ৰাজনৈতিক বাধাঃ সমাজক বিজ্ঞানমনস্ক কৰি তুলিবলৈ কোনো ৰাজনৈতিক দলেই আন্তৰিকতা নেদেখুৱায়। ৰাজনৈতিক দলসমূহে এই কথা বাৰুকৈয়ে উপলব্ধি কৰে যে জনসাধাৰণৰ সামাজিক বা অৰ্থনৈতিক অভাৱ-অনাটনৰ কাৰণবোৰক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাজত আৱদ্ধ কৰি ৰাখিব পাৰিলে প্ৰতিবাদৰ সুৰক ভেটা দি ৰাখিব পাৰি। সেইবাবেই তেওঁলোকে জনসাধাৰণ বিজ্ঞানমনস্ক হোৱাটো নিবিচাৰে।
নিৰক্ষৰতাৰ প্ৰভাৱঃ নিৰক্ষৰতাই মানুহ বিজ্ঞানমনস্ক হৈ উঠাৰ ক্ষেত্ৰত প্ৰধান অন্তৰাই নহয় যদিও তুলনামূলকভাৱে শিক্ষিত সমাজতকৈ অশিক্ষিত সমাজত বিজ্ঞানমনস্কৰ অভাৱ দেখা যায়।

ধৰ্মৰ প্ৰভাৱঃ সাধাৰণতে আমি আমাৰ ধৰ্মীয় পৰিৱেশ লাভ কৰো বংশানুক্ৰমিকভাৱে। বংশানুক্ৰমিকভাৱে এই ধৰ্মক আমাৰ ব্যক্তিগত তথা ৰাজহুৱা জীৱনত অধিক গুৰুত্ব দি পেলাওঁ। ফলত ধৰ্মৰ আঁৰত কিছুমান অবৈজ্ঞানিক ধ্যান-ধাৰণা প্ৰতিপালিত হৈ থাকে আৰু নিজ ধৰ্ম সমন্ধে থকা স্বাভাৱিক দুৰ্বলতাই ইয়াৰ অবৈজ্ঞানিক দিশটোৰ প্ৰতি আমাৰ মনযোগ আঁতৰাই থয়।

স্বাৰ্থান্বেষী মহলৰ প্ৰভাৱঃ সমাজত এক শ্ৰেণীৰ স্বাৰ্থান্বেষী মহলে প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহক জীপাল কৰি ৰাখি মানুহক বিজ্ঞানমনস্ক হোৱাৰ পৰা বিৰত কৰি ৰাখিব বিচাৰে। ইয়াৰ কাৰণ বিভিন্ন ক্ষেত্ৰত বিভিন্ন হ’ব পাৰে। কেতিয়াবা কুসংস্কাৰসমূহৰ আঁৰত চলি থকা এটা লাভজনক ব্যৱসায় বন্ধ হৈ যোৱাৰ ভয়ত অথবা কোনোবা প্ৰভাৱশালী নেতা বা ধৰ্মীয় গুৰুৰ আদেশত, ইত্যাদি। বিজ্ঞানমনস্কতা প্ৰসাৰ ৰোধ কৰিবলৈ তেওঁলোকে যিকোনো উপায় অৱলম্বন কৰিবলৈ উদ্যত হৈ থাকে।

আমাৰ সমাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱ বাৰুকৈ দেখা পোৱা যায়। প্ৰমাণ স্বৰুপে আমি ডাইনী হত্যাৰ ঘটনাকে ল’ব পাৰো।
সাম্প্ৰতিক সময়ত ফেংছুই বা বাস্তুশাস্ত্ৰৰ প্ৰতি মানুহৰ অহৈতুক আগ্ৰহৰ বাবে বিজ্ঞানমনস্কতাৰ অভাৱেই দায়ী। কিয়নো বিজ্ঞানমনস্কতাৰ অভাৱৰ বাবেই কুসংস্কাৰক সমল কৰি মানুহৰ মনত কৃত্ৰিম চাহিদাৰ সৃষ্টি কৰা হৈছে। স্বাৰ্থান্বেষী মহলে ইয়াৰ আঁৰত ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলি নিজৰ অভিপ্ৰায় পূৰণ কৰিছে।

সমাজত প্ৰচলিত সকলো ধৰণৰ অবৈজ্ঞানিক ধ্যান-ধাৰণা আঁতৰাই প্ৰতিজন মানুহক বিজ্ঞানমনস্ক কৰি গঢ়ি তুলিবলৈ বিজ্ঞানৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত অথবা জড়িত নথকা বিজ্ঞানমনস্ক মানুহেই আগবাঢ়ি অহা উচিত।

admin

Leave a Reply