বিবাহ

✍ নিভা গগৈ

লক্ষিমপুৰ ৷

 

অ’ পিংকী,,শুনিচ’ নাই কালিৰ ঘটনাটো ?কি হ’ল অ’ কালি চুমি, গম নেপাওঁ নহয় মই ৷ দুটালৈকে নেটতে বিজি আছিলো, এতিয়া এয়া আঠ বজাত শুই উঠি চাহ কাপ হাতত লৈছোঁহে, কচোন কি হ’ল ?  জপনাখন খুলি সোমাই নাহ কিয় ?চুমিয়ে জপনাখন খুলি নিশা বৰষুণে তিয়াই থোৱা চোতালখনত খুপি খুপি খোজেৰে আহি পিংকীৰ কাষ পালেহি৷ পিংকীৰ ওচৰতে মুঢ়া এটা পাৰি  চুমিয়ে একে উশাহতে কৈ উঠিল,—দিব্যই কালি নিশা ছোৱালী এজনী পলোৱাই আনিলে, ইইই…. তই গ’ম নেপাৱ হ’বলা ৷ গোটেইখন তল ওপৰ ৷পলোৱাই আনিলে, আনিলে আৰু তাতে কি জগৰ লাগিল ৷ সি বেয়া ল’ৰা নহয় , যথেষ্ট টকা পইচাও  আছে তাৰ ৷এএএ…. নহয় অ’, তাৰ মাকে বিয়া পাতিবলৈ চাইছিলে কলিতা গাঁৱৰ ছোৱালী এজনী , কিন্তু সি আনিলে ফেচবুকত লগ পোৱা আহোম ছোৱালী এজনীক ৷ মাক-দেউতাকে ঘৰত সোমাব নিদিয়ে, ছোৱালীজনীক হেনো বহুত অপমান কৰিছে ৷ আমাৰ মায়ে চাই আহিল পুৱাই, বৰ ধুনীয়া হেনো, ব’ল দুইজনীয়ে চাই আহোঁ নহ’লে ৷কি ফাল্টু কথা, আহোম হ’ল তাতে কি হ’লনো ৷ ময়োচোন আহোম ল’ৰা এটা ভালপাওঁ, কাইলৈ যদি মই গুচি যাওঁ মোকো তেনেকুৱা কৰিব নেকি ? মানুহবোৰ যে আৰু ৷ ব’ল, ছোৱালীজনীৰ লগত আমিয়েই অলপ কথা পাতি আহোঁ,কমচে কম, এই ঠাইত আমাৰ দৰে জাত পাতক লৈ চিঞঁৰা  মানুহ দুজনী যে নাই খাটাং কৰি আহোঁ  ৷———————————————————————————————————দিব্যৰ ঘৰৰ চোতালত গাঁৱৰ মানুহে গিজগিজাই আছে ৷ মাকে বাৰান্দাৰ খুটা এটাতে ধৰি ৰাওচি জুৰি কান্দি আছে ,দেউতাকৰ মুখ গম্ভীৰ, চকুহালে মাথোঁ এবাৰ মানুহবোৰলৈ আৰু এবাৰ দিব্যৰ ফালে ক্ষোভৰ দৃষ্টিত চাই আছে ৷ ন-কইনা নিশা অহাৰ সাজতে দিব্যৰ কাষতে মাটিত ঢাৰি এখনত বহি আছে ৷ পিংকী  আৰু চুমি গৈ ন-ছোৱালীজনীৰ ওচৰতে বহিলগৈ ৷ তেনেতে গাঁৱৰ মানুহৰ গুণগুণনি বাঢ়ি গ’ল, গাঁওবুঢ়ানী আইতা আহি পালেহি,তেখেতই যি সিধান্ত ল’ব, সেইটোৱেই হ’ব ৷ গাঁওবুঢ়ানী আহি আসনত বহিলত দিব্যৰ মাকে চকুলো মচি সেৱা এটি কৰিলে, দিব্যৰ মাকৰ মুখেৰেই সকলোখিনি বুজাই দিলে, কলিতা ল’ৰা হৈ এজনী আহোম ছোৱালী বিয়া আমি গ্ৰহণ নকৰোঁ, গাঁৱৰ মানুহে চিঃ চিঃ কৰিছে ৷ ই আমাক অপমান কৰিলে আইতা ৷ উচিত দণ্ড দিয়ক এই হালক, ছোৱালীক ঘৰত থৈ আহো বুলিছো, ল’ৰাই নেৰে ৷ লাগিলে আমাকেই এৰি দিব ৷ আপুনিয়েই কিবা এটা উপায় দিয়ক আইতা ৷চোৱা কলিতানী, আমি মাক দেউতাকে সদায়ে নিজৰ সন্তানক সুখী হৈ থকাটোকে বিচাৰো, সি এজনী আহোম নহয়, এজনী নাৰীক ভাল পাইছে, সেয়েহে জীৱনৰ সংগী হিচাপে তাইক গ্ৰহণ কৰিছে ৷ দুয়োৰে মন মিলিছে বাবেইটো এই কাৰ্যত উপনীত হৈছে আজি ৷ প্ৰেমত জাতি ধৰ্মৰ ভেদ ভাৱবোৰ পুৰণিকলীয়া, দলিয়াই দিয়া সেই মন ৷ আজি ছোৱালীজনীক আঁতৰাই থোৱা মানে তোমাৰ ল’ৰাই কষ্টত থকা, তুমি নিজা মাক হৈ জানো মনত দুখ দিব বিচাৰিবা ৷ ছোৱালীজনীক তুমি মৰম দিয়া, সোণ  ৰূপ দি তাইৰ মনত সুখ দিব নোৱাৰা কলিতানী, আজি তুমি মৰম দিয়া কাইলৈ তোমাক তাই কেনেকৈ আদৰ যত্ন কৰিব চাবা ৷কিন্তু আইতা, সমাজে কি ক’ব ?তুমি আজি যি কৰিছা, সেইটোহে সমাজে নিন্দা কৰিব কলিতানী ৷ শিক্ষিত সমাজে ধৰ্ম, জাতিক লৈ তুলনা নকৰে, যদি তুমি আজি নিন্দা কৰা তুমিহে হাঁহিয়াতৰ পাত্ৰ হ’বা ৷ তোমাৰ ল’ৰাই তুমি নজনাকৈ কিমান বন্ধুৰ ঘৰত যায়,মনৰ কথা বিতৰণ কৰে, আনন্দ কৰে সেইখনি তুমি জানো দিব পাৰিবা ৷ আচল বন্ধুৱেও জাত পাত নেচায় অ’ কলিতানী, কেৱল বন্ধুত্বহে চায় ৷ ঠিক তেনেদৰে প্ৰেম ভালপোৱাও তেনেকুৱাই, ল’ৰাক যদি তুমি মনেৰে সুখী কৰিব নিবিচাৰা, সেইগৰাকী তুমি মাতৃ নামত কলংক নেসানিবা ৷ যোৱা ছোৱালী জনীক আতৌ পিতৌ কৈ নি সাজ এটি পিন্ধাই সেন্দুৰ দিয়া, পিছত ধুম ধামেৰে বিয়া পাতিবা, নে কি কয় ৰাইজ !!হয় হয় আইতা,,,,৷চোৱা কলিতানী, সকলোৱে সহমত কৰিছে যদি তুমি আৰু পু-বোৱাৰীক এনেদৰে আঁতৰাই নাৰাখিবা ৷ যোৱা,দুহাতে ছোৱালীজনীক সাৱতি ভিতৰলৈ লৈ যোৱা, কিমান হেঁপাহ মনত বান্ধি তাই আহিছে ৷ তাইৰো নিজৰ সকলোবোৰ এৰি তোমাৰ পুত্ৰলৈ আহিছে, মনত ৰাখিবা কলিতানী, সকলো ছোৱালীয়েই নিজৰ জাতলৈ বিয়া হ’বলৈ বিচাৰে, কিন্তু পৰিস্থিয়ে কেতিয়াবা সকলো সলনি কৰে, আৰু সেয়া স্বীকাৰো কৰে, তুমি মই বাধা দিবলৈ নহয়, আশীৰ্বাদ দিবলৈহে ৷পিংকী আৰু চুমিয়ে হাত চাপৰি বজোৱাৰ লগে লগে উপস্থিত সকলো ৰাইজে হাত চাপৰি বজালে ৷ কলিতানী লাজে ভয়ে গাঁওবুঢ়ানীৰ কাষতে থিয় হৈ থাকিল ৷ গাঁওবুঢ়ানীয়ে নিজেই উঠি, কলিতানীক এখন হাতে ধৰি কইনাৰ কাষ পালেহি, সকলো বহাৰ পৰা থিয় হ’ল ৷ বুঢ়ীয়ে ন’-ছোৱালী ৰূপত মুগ্ধ হৈ বহু পৰ ৰ লাগি চাই থাকিল, চোৱা কলিতানী, তোমাৰ পুত্ৰ বধুৰ মুখৰ লাৱণ্য, এনিশাৰ ভিতৰতে কিমান ম্লান কৰি পেলালা ৷ সপোন দেখা ঘৰখন তুমি কেনেকৈ থান বান কৰি পেলালা ৷ হেৰি কলিতা, তোমাৰ কিবা আপত্তি আছে নেকি এতিয়াও,দূৰত বহি থকা কলিতাই হেমেনা হেমেনকৈ হাতেৰে ইংগিত দিলে যে কোনো আপত্তি নাই ৷ ন-ছোৱালীয়ে গাঁওবুঢ়ানী আইতাৰ ভৰিত ধৰি সেৱা কৰিলে, বুঢ়ীয়ে উঠাই মূৰত হাতফুৰাই মৰম কৰিলে, এইবাৰ কলিতানীক ন-ছেৱালীয়ে সেৱা কৰিলে, কলিতানীয়ে ছোৱালীজনীক উঠাই বুকুত সোমোৱাই চিঞৰি কান্দিলে, আই অ’, মোৰ ভুল হ’ল তই মোক পাৰিলে ক্ষমা কৰি দিবি ৷তেনেকৈ নক’ব মা, আপোনাৰ মনত মই নজনাকৈ আঘাত কৰিলো, পাৰিলে মোক হে ক্ষমা কৰিব ৷ মই অলপো বেয়া পাই থকা নাই ৷অ’ মোৰ লক্ষী আইজনী, তোৰ দৰে ছোৱালীজনীক মই গোটেই নিশা গালি পাৰিলো, ব’ল আই, ভিতৰলৈ ব’ল৷ আহ বোপাই, তহঁতক পানী অকণো খাবলৈ দিয়া নাই, মই বৰ পাপ কাম কৰিব লৈছিলোঁ ৷ আইতা অ’, আপোনাক শতকৌটি প্ৰণাম জনাইছোঁ ৷হ’ব কলিতানী, মই পিছত আকৌ আহিম, তুমি তোমাৰ বোৱাৰীক লৈ ব্যস্ত হোৱা ৷ মোৰ বৰ জৰুৰী কাম অলপ আছে, মই আহিলোহে ৷কলিতানী সহ কেইবাগৰাকী মহিলাই দিব্য আৰু ন-কইনাক ভিতৰলৈ লৈ গ’ল ৷ চুমি আৰু পিংকীয়ে যেন এখন নাটকহে চাই আছিল অতপৰে ৷ সিঁহত দুজনীও গাঁওবুঢ়ানীৰ পিছে পিছে ঘৰমূৱা হ’ল ৷ গাঁওবুঢ়ানী আইতাই হঠাৎ ফলা শিলত উজুটি খাই পৰিব ধৰা সিঁহত দুইজনীয়ে আইতাক সাৱতি ধৰিলে ৷ আইতাৰ কথাখিনিত দুয়োৰে যে কিমান প্ৰভাৱ পৰিছে, সিঁহতে নিজেই উপলব্ধি কৰিছে ৷ আইতাই সিঁহত দুজনীৰ সহায়ত উঠিল আৰু মুখৰ পৰা অজানিতে ফুটি উঠিল, ইয়া আল্লাহ !চুমি আৰু পিংকী আচৰিত হৈ আইতাৰ মুখলৈ চাই থাকিল, যি গৰাকী আইতাই কীৰ্তন, ঘোষা, ভাগৱতৰ কথা কৈ থাকে আজি হঠাৎ এনেকুৱা শব্দ কিয় উচ্চাৰণ কৰিলে ৷ আইতাই সিঁহত দুজনীৰ মুখৰ বিস্ময়ৰ অনুভৱ বুজি লৈ মিচিকিয়া হাঁহি মাৰি কৈ উঠিল, মই আচলতে মুছলিম সম্প্ৰদায়ৰ ছোৱালী আছিলোঁ, হিন্দুলৈ বিয়া হৈ সকলো হিন্দু নিয়ম পালন কৰো যদিও আল্লাৰ উচ্চাৰণ এৰিব পৰা নাই, অজানিতে হে প্ৰভুৰ ঠাইত আল্লাহে আহে ৷ বাৰু আইহঁত, মই যাওঁ দেই ৷ আজি গধুলি গীতা পাঠ কৰিছোঁ , ভকত অহাৰ আগেয়ে সকলো ঠিক কৰিব লাগিব যে,বহুত কাম বাকী আছে ৷আইতা লাহে লাহে গৈ কেঁকুৰী পাৰ নোহোৱালৈকে চুমি আৰু পিংকীয়ে মাথোঁ চাই থাকিল ৷


bipul bora

Leave a Reply