নীলেশ্বৰ চিকঃ এক সংগ্ৰামী জীৱন

দৈময়ন্তী চিক, নাজিৰা, শিৱসাগৰ

যোৱা ১১ ছেপ্তেম্বৰত শিৱসাগৰ জিলাৰ মেকিপুৰ চাহ বাগিছাৰ প্ৰাক্তন শ্ৰমিক তথা শ্ৰমিক নেতা নীলেশ্বৰ চিকৰ মৃত্যু হয় ৷ সংবাদ মাধ্যমত খবৰটো বৰ উল্লেখযোগ্য নাছিল ৷ কাৰণ মানুহ জন তথাকথিত ডাঙৰ মানুহ নহয় ৷ কিন্তু জনাসকলে জানে তেওঁ সৰু মানুহৰ চিনাকি এটা লৈ, সৰু মানুহৰ মাজত থাকি বহু ডাঙৰ কাম কৰি গ’ল ৷ তৃতীয় শ্ৰেণীলৈকে শিক্ষা লোৱা, বাগিছাত একেবাৰে নিম্ন শ্ৰেণীৰ শ্ৰমিক হিচাবে কৰ্ম জীৱন আৰম্ভকৰা ব্যক্তি জন আছিল বিশাল ব্যক্তিত্বৰ অধিকাৰী ৷ চমু অৱলোকনেৰে তেওঁৰ জীৱনটোত ভূমুকি মাৰি চোৱাৰ উদেশ্যে এই প্ৰৱন্ধটো ৷
নীলেশ্বৰ চিকৰ জন্ম হয় ১৯৩১ চনত মেকিপুৰ চাহ বাগিছাৰ এটি দৰিদ্ৰ পৰিয়ালত ৷ পিতৃ কেলোচৰণ চিক আৰু মাতৃ চনকোঁৱৰ চিক ৷ শিক্ষা জীৱনৰ পাতনি মেলিছিল বৃটিছে স্থাপন কৰা মেকিপুৰ বাগিছা প্ৰাথমিক বিদ্যালয়ত ৷ কিন্তু সমাজৰ উচ্চনিচ ভেদাভেদৰ বলি হৈ তৃতীয় শ্ৰেণীতে বিদ্যালয় এৰিব লগা হ’ল ৷

অতি কম বয়সতে পিতৃহাৰা হোৱা চিক দেৱে সাতোটি ভাই ককাইৰ ভৰণ পোষণৰ দায়িত্বও লবলগা হ’ল ৷ উপাৰ্জনৰ বাবে বাগিছাত যোগ দিলে এজন সাধাৰণ শ্ৰমিক হিচাবে ৷ কাম মিষ্ট্ৰি ৰ যোগালি ৷ শৈশৱতে আৰম্ভ হৈছিল তেওঁৰ সংগ্ৰামী জীৱন ৷ দৰিদ্ৰতাই তেওঁক হাৰ মনাব পৰা নাছিল ৷ নিজা পৰিয়াল পোহপাল দিয়াৰ লগে লগে দায়িত্ব লৈছিল বাগিছা সাধাৰণ শ্ৰমিকৰ ৷ দূৰ দূৰণীৰ পৰা ব্ৰিটিছে ধৰি বান্ধি অনা নিমাষিত, শোষিত দৰিদ্ৰ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নয়ণৰ বাবে তেওঁ সংগ্ৰামত নামিছিল ৷ বহু বছৰ বাগিছাৰ মজদুৰ ইউনিয়নৰ সভাপতি সম্পাদকৰ পদত থাকি শ্ৰমিকৰ ন্যায্য দাবী বোৰ সজোৰে উৎথাপন কৰি তেওঁ সমাধান আনিছিল ৷

তেওঁৰ দাবীত মালিক পক্ষই শ্ৰমিকৰ বাবে চাকৰি নিযমীয়াকৰণ, বাসগৃহ, শৌচাগাৰ , পানী যোগান, চিকিৎসা,মজুৰী বৃদ্ধি আদিৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল ৷ ইয়াৰ বাবে তেওঁ আমৰণ অন্নশনতো বহিছিল ১৯৭৮ চনৰ ফেব্ৰুৱাৰী মাহত ৷ চাহ বাগিছাৰ শ্ৰমিক সকলৰ নিজা কোনো মাটিভেটি নাছিল ৷ অৱসৰৰ পিছত তেওঁলোক প্ৰায় গৃহহীন হৈ পৰে ৷ ই এক ডাঙৰ সমস্যা ৷ চিক দেৱে সমস্যাটো উপলব্ধি কৰিছিল ৷ অসম চাহ মজদুৰ সংঘৰ নজিৰা শাখাৰ এজন বিষয়ববীয়া হিচাবে তেওঁ বিষয়টো ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ দৃষ্টিগোচৰ কৰাইছিল ৷ ফলস্বৰূপে ভাৰত চৰকাৰে বিহাৰৰ ভূমিহীন শ্ৰমিকসকলক মাটি আবন্টন দিয়া আইন খনৰ আধাৰত অসমৰ চাহ শ্ৰমিক সকলে কিছু মালিকী স্বত্ত পালে ৷
কৈশোৰ অৱস্থাত আছিল যদিও চিকদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনতো এক বলিষ্ঠ ভূমিকা লৈছিল ৷ তেওঁ আছিল কংগ্ৰেছ ভলন্টিয়াৰ ৷ চাহাবৰ চকুত ধুলি দি সংগঠনৰ গোপন চিঠিবোৰ কঢ়িয়াইছিল এঠাইৰ পৰা আনঠাইলৈ ৷ তেওঁ আছিল গান্ধীজীৰ ভক্ত ৷ আজীৱন খদ্দৰ কাপোৰ পিন্ধি থাকিল ৷ গান্ধীজীৰ দৰ্শন প্ৰতি আকৰ্ষিত হৈ অধ্যয়ন কৰিছিল ভাগৱত গীতা ৷ বিশ্বাস কৰিছিল একমাত্ৰ গান্ধীজীয়ে চাহ শ্ৰমিকৰ দুখ দুৰ্দশাৰ অন্ত পেলাব ৷ তেওঁ এবাৰ বাগিছা কৰ্তৃপক্ষৰ বিৰূদ্ধে আৰু আত্মশক্তি আহৰণ কৰিবলৈ ৫বছৰ (১৯৭৯ৰ পৰা ১৯৮৩ চনলৈ) কাল মৌন ব্ৰত পালন কৰিছিল ৷ এই ঘটনা ঐতিহাসিক ৷

নিজে আনুস্থানিক শিক্ষা লব নোৱাৰিলে যদিও তেওঁ বুজিছিল শিক্ষাৰ গুৰুত্ব ৷ শিশুসকলক বিদ্যালয় মুখি কৰিবলৈ তেওঁ বাগিছাৰ লাইনৰ ঘৰে ঘৰে গৈছিল ৷ বুজাই বঢ়াই লৰাক স্কুললৈ আনিছিল ৷ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নিশ্চিত কৰিবলৈ তেওঁ তাহানিতে মধ্যাহ্ন ভোজনৰ পোষকতা কৰিছিল ৷ স্থানীয় অঞ্চলত একাধিক প্ৰাথমিক বিদ্যালয় আৰু শিক্ষাবিদ তথা অসমৰ অন্যতম বাওঁ পন্থি নেতা অৱনী বৰঠাকুৰে প্ৰতিস্থা কৰা চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নাজিৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা লৈছিল ৷
চাহ শ্ৰমিক সমাজৰ মেধাৱী ছাত্ৰ সকলক তেওঁ আগবঢ়াই আনিছিল ৷ ৰামেশ্বৰ ধনোৱাৰ, ৰূপম কুৰ্মি কে আদি কৰি বহু কেইজন শ্ৰমিক নেতাৰ সৃষ্টিত তেওঁৰ অৰিহনা অপৰিসীম ৷ তেওঁ বুজিছিল যে উপযুক্ত নেতাৰ অবিহনে চাহ জনগোষ্ঠী আগুৱাই যাব নোৱাৰে ৷ গতিকে তেওঁ চাহ মজদুৰ সংঘলৈ শিক্ষিত যুৱক যুৱতীসকলক আগবঢ়াই আনিছিল ৷ তেওঁলোকক যোগ্যতা অনুযায়ী উচ্চ পদত অধিস্থিত কৰিবলৈ সততে দাবী তুলি আহিছিল ৷

সমাজ সংগঠন আৰু ৰাজনীতি দিশটো তেওঁ আছিল বিচক্ষণ ৷অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তেওঁ আছিল সুহৃদ ৷ তেওঁৰ কাৰ্য্যকালত দৰিদ্ৰ শ্ৰমিকৰ বহু সন্তানক চিকদেৱে বিভিন্ন চৰকাৰী চাকৰিত মকৰল কৰোৱাইছিল ৷ বৰ্তমান অসমৰ অগ্ৰণী ছাত্ৰ সংগঠন “চাহ জনজাতি ছাত্ৰ সন্থা ‘ৰ জন্মৰ আঁৰতো তেওঁ আছিল ৷ কিন্তু তেওঁৰ ৰাজনীতি আছিল ক্ষুদ্ৰ স্বৰ্থৰ পৰা নিলগত ৷ আছিল শ্ৰমিক তথা খাটি খোৱা মানুহৰ পক্ষত ৷

ইয়াৰ উপৰিও নীলেশ্বৰ চিক আছিল এজন সুদক্ষ লোক শিল্পী ৷ শৈশৱ কালতে পিতৃ মাতৃৰ পৰাই পাইছিল সংগীতৰ শিক্ষা ৷ অসমীয়া সংস্কৃতিৰ অন্যতম সুন্দৰ উপাদান ঝুমই নৃত্য-গীতৰ তেওঁ আছিল সম্ৰাট ৷ ঢোলটো তেওঁৰ আছিল প্ৰাণৰ ৷ দিনটোত এবাৰ ঢোলত হাত নোবোলালে তেওঁ শান্তি নাপাইছিল ৷ চাহ জনগোষ্ঠীৰ ঢোল আৰু অসমীয়া ঢোলৰ বোল সমুহৰ তুলনা কৰিবলৈ তেওঁ তাহানিৰ দুৰ্গম যোগাযোগৰ দিনত বচাৰি বিচাৰি মঘাই ওজাৰ ঘৰ ওলাইছিলগৈ ৷ পৰবৰ্তি সময়ত মঘাই ওজাৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু দুয়ো লগলাগি ঢোলৰ অধ্যয়ন বহুখিনি আগবঢ়াই ৷ মঘাই ওজাৰ মৃত্যুত তেওঁ মৰ্মাহত হৈছিল ৷ তেওঁৰ মৃত্যুৰ খবৰ পাই তেওঁ এটি গীত লিখিছিল ৷ যিটো যথেষ্ট জনপ্ৰিয় হৈছিল ৷ ঝুমই নৃত্য-গীত যাতে শুদ্ধ ৰূপত প্ৰতিষ্ঠিত হয় তাৰ বাবে তেওঁ আহোপুৰুষাৰ্থ চেষ্টা কৰিছিল ৷ ঢোলৰ বোল সমুহ বিজ্ঞান সন্মত পদ্ধতিৰে বিশ্লেষণ আৰু সংৰক্ষণত গুৰুত্ব দিছিল ৷ ইয়াৰ বাবে তেওঁ হাতে কামে লাগিছিল ৷ তেওঁৰ কাম আছিল গৱেষণাধৰ্মী ৷

এই জন শিল্পীয়ে চাৰিশতাধিক ঝুমই গীত ৰচনা কৰিছিল আৰু এইবোৰ তেওঁ নিজে সুৰ আৰু তালত বান্ধি গৈছে ৷ তেখেতৰ গীতত আধ্যাত্মিক প্ৰেমে মুখ্য স্থান পাইছে ৷ ইয়াত আছে ৰাধা- কৃষ্ণৰ আধ্যত্মিক প্ৰেমৰ গুণানুকীৰ্তন ৷ ইয়াৰে কিছু গীতত সমসাময়ীক সামাজিক আৰু ৰাজনৈতিক চিত্ৰও অংকৃত হৈছে ৷

অসমীয়া সংগীত জগতত ঝুমই গীতৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নীলেশ্বৰ চিকৰ অৱদান উল্লেখযোগ্য ৷ ইয়াৰ বাবে তেওঁ নিজে প্ৰশিক্ষক ৰূপত অৱতীৰ্ণ হৈ অসমৰ চুকে কোণে ঝুমই নৃত্য-গীত শিকায় ফুৰিছিল ৷ ঝুমইৰ গীতৰ অনাতাঁৰ শিল্পী হৰেণ ৰাজোৱাৰ দেৱৰ শিল্পী জীৱনত চিক দেৱৰ প্ৰভাৱ অধিক ৷ অসমৰ আগশাৰীৰ লোক শিল্পী দ’ল “নাজিৰা চাহ জনজাতি শিল্পী মঞ্চ”ৰ জন্ম দাতাও তেওঁৱে ৷
নীলেশ্বৰ চিক দেৱৰ সামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক কৰ্মৰাজী তথা চিন্তাধাৰা ক্ৰমে ব্যাপক পৰিসৰলৈ ধাৱমান হৈছিল ৷ তেওঁৰ বহুমুখী আৰু বৃস্তিত পৰিসৰৰ জীৱন কাহিনী এই কম পৰিসৰত ব্যক্ত কৰা সম্ভৱ নহয় ৷ সামাজিক সাংস্কৃতিক মানুহ জনৰ উপৰিও তেওঁ আছিল এজন সুদক্ষ খেলোৱৈ ৷ ব্ৰিটিছ চাহাবৰ বিপক্ষে ফুটবল খোলাৰ অভিজ্ঞতা তেওঁৰ আছিল ৷
সত্যনিষ্ঠা আছিল তেওঁৰ চৰিত্ৰৰ এক বৈশিষ্ট ৷ নিজেও মিছা নকয়, আনৰ মিছাও সহ্য নকৰে ৷ তেহেলৈ মিছা কোৱা জন যিমানে ডাঙৰ মানুহ নহওক ৷ আজিৰ সমাজ পৰিস্থিতিত নীলেশ্বৰ চিক দেৱৰ জীৱন অধ্যয়ন খুবেই প্ৰয়োজন৷ তেওঁৰ জীৱনাদৰ্শই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰক ৷

scan0030

admin

Leave a Reply