নীলা খামৰ চিঠি

ৰাজু কলিতা, নাৰায়ণপুৰ, লক্ষীমপুৰ |

মৰমৰ “নিশা”,

আজি সম্পূৰ্ণ চাৰিটা বছৰৰ পিছত এটি উজাগৰি ৰাতি সাৱতি অনুভৱৰ দলিচা মেলি তোমালৈ একলম লিখিবলৈ বঢ়িছো । ফাগুনৰ পচোৱাই বাৰে বাৰে টুকুৰিয়াই গৈছে মোৰ বন্ধ কোঠাৰ দুৱাৰ খিৰিকী বোৰ । বৰ আমনি হৈছে জানা ! তোমাক মৰমৰ বুলি মাতিবলৈ অধিকাৰ নথকা পিছটো মৰমৰ বুলি মাতিছো । তোমাৰ ভাল বেয়া সোধাৰ অধিকাৰেই বা মোৰ ক’ত ?

ফাগুনৰ উন্মনা বতাহ এজাকে কেতিয়াবা তোমাৰ মোৰ অতীতৰ মধুৰ স্মৃতিবোৰ সোঁৱৰাই যায় । কঁপি কঁপি ভাগৰি পৰে মোৰ ভগ্ন হৃদয় । পদূলিত ফুলা পলাশজোপাৰ তলত এতিয়া এজাক জোনাকী উৰিছে । আকাশ খনত এটি দুটি তৰা জ্বলিছে । আৰু তিনিআলিৰ মদাৰ জোপাৰ ৰাঙলী ফুলৰ পাপৰিয়ে সুকুমল দলিচা পাৰিছে । যিজোপা সাক্ষী আছিল আমাৰ পৱিত্ৰ প্ৰেমৰ । ৰিব্ ৰিব্ মলয়াৰ বা লাগি তোমাৰ ৰিহা খন যে উন্মনা হৈ উৰিছিল , মনত আছেনে তোমাৰ ? আৰু তোমাৰ ৰূপোৱালী চুলি বোৰ…. নিশা , কেতিয়াবা বৰ মন যায় তোমাক আকৌ এবাৰ চাবলৈ । এতিয়া বাৰু উৰেনে তোমাৰ ৰিহাৰ আঁচল পচোৱা বতাহত ? উৰেনে উন্মুক্ত ৰূপোৱালী চুলি টাৰি ? গভীৰ নিশাত গজি উঠা সপোনৰ গজালি বোৰে বুকুৰ ভিতৰে ভিতৰে শিপাই যায় স্মৃতিৰ বুকুলৈ । গুজৰি গুমৰি দুচকুৰে নামি আহে চকুলোৰ প্লাৱন । ফাগুনৰ উৰুঙা উৰুঙা লগা পথাৰ খনত , এতিয়াওঁ আগৰ দৰে খোজ কাঢ়ো । মাথো কাষত তুমি নাই । কেতিয়াবা নৈ পৰীয়া আবেলি বোৰত মলয়াৰ সৈতে কথা পাতো সুখৰ দুখৰ ।

কেতিয়াবা শুকান হালধীয়া সৰা পাত বোৰ গচকি গচকি ল’ৰালিলৈ উভটি যাওঁ । তুমি মই খেলা দৰা কইনা খেল খনে দুচকুত অগাদেৱা কৰে । দুগালৰ চকুলোৰ চেঁকুৰা চিকুটি চিকুটি শেতেলিত পৰি ৰওঁ উজাগৰে । ৰাতি বোৰ ৰাতিৰ দৰে নহয় মোৰ বাবে । দৰিদ্ৰতাই কোঙা কৰা অতীতক পাহৰিব নোৱাৰো বাবেই তোমাক হাঁহি হাঁহি জীৱনৰ পৰা বিদায় জনালো । অনাহাৰে নিদ্ৰাক সাৱতি লোৱা অভ্যাসটো পুৰণিকলিয়া । এতিয়া অৱশ্যে সেই দিন নাই । তথাপি নোৱাৰো সুখী হ’বলৈ । তুমি যে কাষত নাই । নিশা , এতিয়া মোৰ পঁজাত মকৰা জাল অথবা ওলমি পৰা এলান্ধু নেদেখিবা । তথাপি আইৰ পিতাইৰ চকুত নপৰাকৈ মোৰ সৰু কোঠাটো তেনেদৰেই সজাই ৰাখিছো । মকৰা জাল ,ওলমি পৰা এলান্ধু , এখন ছাইৰঙী ডায়েৰী আৰু তাৰ মাজতে তোমাৰ উজ্জল ফটো খনি । মই আগৰ দৰে আছো জানা নিশা ? যিবোৰৰ অজুহাত লৈ তুমি আতৰি গ’লাগৈ বিলাসী গাড়ীত বহি ।সেই অজুহাতক আজি অৰ্থৰ ঢাক ঢোলেৰে অপমান নকৰো । স্বাৰ্থপৰ হ’ব নোৱাৰিলো কোনোদিন । পৰাহ’লে আজি মোৰ লাখ টকাৰ উপাৰ্জনেৰে তোমাৰ পদূলিৰে অহা যোৱা কৰিলো হেতেন বিলাসী গাড়ীত বহি । ওঁহো ,সেই সপোন মোৰ ক্ষন্তেকীয়া । তুমি আঁতৰি যোৱাৰে পৰা জীৱনক উপলদ্ধি কৰিবলৈ শিকিলো । আজি মোৰ সকলো আছে । মাথো তুমি নাই । মৰম ভালপোৱা নাই ।

নিশা , আজি মই নিজক লৈ গৰ্ব কৰা নাই আৰু কৰিব পৰাকৈ মোৰ সাহসো নাই । কাৰণ মোৰ হিয়াৰ ৰাণীজনী যে বহু দূৰত । সীমান্তৰ উজাগৰি প্ৰহৰীৰ দৰে মোৰ বুকুতো দুখ বোৰ উজাগৰি । কুটি কুটি শেষ কৰিছে জীৱনক ক্ৰমশঃ ।

নিশা , আৰুনো কি লিখিম ? বিহুলৈ বেছি দিন নাই । যদি সময় হয় , এবাৰ আহিবা ওপজা গাঁৱলৈ , অথবা তোমাৰ এদিনৰ আপোন জনৰ কাষলৈ । আগৰ দৰেই তোমাক দেখিলে চিঞৰি উঠিম পাগলৰ দৰে । অৱশ্যে সাৱতি লম বুলি ভয় নকৰিবা । তুমি যে আনৰ বিবাহিতা পত্নী ? আৰু মই ??? মই যে মৰি -মৰি জীয়াই থকা এটা প্ৰতাৰিত এদিনৰ প্ৰেমিক । যি অধিকাৰ হেৰুৱাইও জীয়াই আছে । ভুল নুবুজিবা । ওৰে জীৱন দুখৰ সৈতে সহবাস কৰি কৰি দুখবোৰকে লিখিলো তোমালৈ বুলি । নিশা ,ৰাতি বহু হ’ল । চাকি গচিও ভাগৰত ভাৰাক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে । লিখিবলৈ বহু কথাই আছিল যদিও তোমাক আৰু আমনি নকৰো । তোমাক আমনি কৰা অধিকাৰ কণো তুমি চোন কাহানিবাই কাঢ়ি নিলা । এতিয়া যে ইচ্ছা কৰিয়ে তোমাক আমনি কৰিব নোৱাৰো । যদি মোৰ পুৰণি ঠিকনা মনত আছে ,তেনে তোমাৰ কুশল বতৰা জনাই প্ৰত্যুত্তৰ দিবা । আশাৰে বাট চাই ৰম শেষ দিনলৈ । তুমি সুখেৰে থাকা নিশা , সুখী হোৱা ।

সীমনাত ,
তোমাৰেই “___সমীৰণ”

পুনঃ – মোৰ বতৰা জনাবলৈ পৰিস্থিতিয়ে সাহস নিদিলে । তোমাৰ এদিনৰ প্ৰিয় ফাগুনে মোক আজিও বলিয়া কৰে । জুই লগা আকাশ , সেমেকা বতাহ আৰু শুকান সৰা পাতৰ আৰ্তনাদৰ মাজতে সীমাৱদ্ধ মোৰ দিনলিপি ।

admin

Leave a Reply