নিবিড় অনুৰাগ মানস

নাম: নিবিড় অনুৰাগ মানস
পিতৃ:গোবিন দত্ত
মাতৃ: লক্ষীমাই দত্ত
জন্ম: ৮-৮-১৯৯৪
জন্মস্থান: বৰপাক জিয়ামৰীয়া , মাছখোৱা , ধেমাজি |

শিক্ষা: ২০০৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ২০১১ চনত উ:মা: ত উত্তীৰ্ণ হৈ প্ৰাণী বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে ২০১৪ চনত। বৰ্তমান মানস আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভেষজ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ ছাত্র।

কৰ্ম জীৱন: পঢ়া শুনাত অতি মেধা মানস সাহিত্যৰ লগত সৰুৰে পৰা জড়িত। কবি হিচাপে মানসে ইতিমধ্যেই স্থান দখল কৰিবলৈ সক্ষম হৈছে।তেওঁৰ সাহিত্যিক কৰ্মৰাজিৰ এক চমু অৱলোকন তলত দাঙি ধৰা হ’ল –
সম্পাদিত গ্রন্থ:

১। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আলোচনী : ২০১২-১৩বর্ষ
২। ‘জুলজিকা’ , বিভাগীয় পত্রিকা , প্রাণীবিজ্ঞান বিভাগ , ২০১২
৩। ঐতিহ্যমণ্ডিত ৰাতিবিহু মাছখোৱাৰ মুখপত্র ‘বহনা’ , ২০১৫
৪।মুখ্য সম্পাদক, ”মাহেকীয়া অনুৰণন”
৫।উপ-সম্পাদক, ”তিনিমহীয়া সমলয়”

এইবোৰৰ উপৰিও ‘মায়া’, ‘তৃষ্ণাতুৰ’, ‘বার্তাপখিলী’, ‘চিয়াংপৰীয়া সুহুৰি’, ‘দেওবৰীয়া সম্ভাৰ’, ‘এদিনৰ সংবাদ’, ‘প্রেৰণা’, ‘দৈনিক গণ অধিকাৰ’, ‘আমি অসমৰ জনগণ’, ‘দৈনিক জনজাগৰণ’, আত্মপ্রকাশ আদিৰ উপৰিও বিভিন্ন স্থানীয় কাকত আলোচনী, স্মৃতিগ্রন্থত মানসৰ লেখা প্রকাশ হয়।

মানস যুৱপ্ৰজন্মৰ এক আদৰ্শ হওক। মানসৰ সৃষ্টিৰাজিয়ে সাহিত্য জগতত আসন লাভ কৰক। সাহিত্য জগতত তেওঁৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

n

admin

Leave a Reply