ধৰিত্ৰী কছাৰী

পিতৃ – মোহিত কছাৰী
মাতৃ – বিন্দা কছাৰী
জন্ম – ৩১/০১/১৯৮১
জন্ম স্থান – কটিয়ৰী গাওঁ (নিতাইপুখুৰী পানীদিহিং)
শিক্ষা – গাঁৱতে প্ৰাথমিক শিক্ষা গ্ৰহণ আৰু গাঁৱৰে কটিয়ৰী উচচতৰ মাধ্যমিক বিদ্যালয়ত
১৯৯৬ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০১ চনত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।
২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন – এক সহজ-সৰল চিন্তাশীল ধৰিত্ৰী বাইদেউএ সৰুৰে পৰা সাহিত্য চৰ্চ্চা কৰি আহিছে। তেওঁ পঞ্চম শ্ৰেণীত এ “তুলসী” নামৰ এক সুন্দৰ কবিতা লিখি অঞ্চলটোৰ সকলোকে তেওঁৰ তীক্ষ্ণ  প্ৰতিভাৰ উমান দিয়ে।   বৰ্তমান নিতাইপুখুৰী ছোৱালী উচচতৰ  মাধ্যমিক বিদ্যালয়ত কম্পিউটাৰ বিভাগৰ শিক্ষক যদিও কবি সাহিত্যিক হিচাপে তেওঁ এক উচ্চ স্থান দখল কৰিবলৈ  সক্ষম হৈছে। তেওঁ সাহিত্যৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে।
১/ অসম  সাহিত্য সভাৰ আজীৱন সদস্যা।
২/ অসম  সাহিত্য সভাৰ কবি সন্মিলনিৰ সদস্যা।
৩/ অসম  সাহিত্য সভাৰ লেখিকা সংস্থাৰ সদস্যা।
৪/ নিতাইপুখুৰীৰ অনুশীলন অনুষ্ঠানৰ সহঃসম্পাদিকা।
৫/ নিতাইপুখুৰী শাখা সাহিত্য সভাৰ সদস্যা।

ইয়াৰ উপৰিও তেওঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত যুৱবাণী কবিতা পাঠ, ডিব্ৰুগড় দূৰদৰ্শনৰ যোগেদি নিতাই-পানীদিহিংৰ ওপৰত এখন তথ্য চিত্ৰত অংশগ্ৰহণ, ২০০৩ চনত অসম লেখিকা সংস্থাই আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত প্ৰৱন্ধত তৃতীয় স্থান, শিশু উপন্যাসত তৃতীয় স্থান লাভ কৰে।
২০১৪ চনত সদৌ অসম ভিত্তিত মৰান কবি চক্ৰই অনুস্থিত কৰা কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।
২০১৫ চনত নগাঁৱৰ কলিয়াবৰত হোৱা অসম  সাহিত্য সভাৰ অধিৱেশনত “আকাশ অনুষ্ঠানত” শিৱসাগৰ জিলাৰ পৰা নিৰ্বাচন কৰে।
এইবিলাকৰ উপৰিও প্ৰত্যুষ, অনুশীলন, দিহিংপাৰৰ জোনাক আদিৰ লগত জড়িত হৈ আছে।
ধৰিত্ৰী কছাৰী দেৱৰ কবিতা, প্ৰৱন্ধ আৰু চিন্তামূলক লিখনি বিভিন্ন সময়ত “আমাৰ অসম”, “অসমীয়া প্ৰতিদিন”, “সাতসৰী” আদিত প্ৰকাশিত হৈ আহিছে।

তেওঁৰ প্ৰকাশিত গ্ৰন্থ হল
কবিতা পুথি – “সুহুঁৰি”( ২০০৫)
শিশু উপন্যাস – মোহনা ঘাটৰ উচুপনি (প্ৰকাশৰ দিশত )

তেওঁৰ প্ৰিয় কবি – হীৰেন ভট্টাচাৰ্য্য
প্ৰিয় প্ৰৱন্ধকাৰ – হোমেন বৰগোহাঞি
প্ৰিয় গায়ক – ভূপেন হাজৰিকা
প্ৰিয় গ্ৰন্থ – জীৱন জীৱন বৰ অনুপম
প্ৰিয় কবিতা পুথি – সুগন্ধি পখিলা
প্ৰিয় খাদ্য – ভাত গৰৈ মাছৰ পিটিকা আৰু শুকতি।

নতুন সাসাহিত্যিক সকলৰ সম্পৰ্কত তেওঁৰ মন্তব্য -” নতুন সাহিত্যিক সকলে সৃষ্টি কৰা সাহিত্যৰাজী সাধাৰণ মানুহে বুজিব পৰাকৈ সহজ সৰল হব লাগে।”

ফেহুঁজালি তৰফৰ পৰা এইগৰাকী সাহিত্যিকৰ জীৱন সুন্দৰ আৰু ভৱিষ্যতে আগুৱাই যোৱাৰ কামনা কৰিলো।

IMG-20151102-WA0001

admin

Leave a Reply