দেওধাই পুখুৰীৰ ঘাট

নিজৰা সন্দিকৈ ফুকন

দেওধাই পুখুৰীৰ দেওলগা পানী
অথাউনি অঠাই সাগৰ
এশৰাই তামোল পাণ দি
জলকোঁৱৰক তিথি প্ৰাৰ্থনা কৰা
পিছদিনা কাহিলি পুৱাতে পাবা
শ শ মাইহাং বানকাঁহী বানবাটি
এখন বৰবিয়া উঠাৰ পৰা
……ককাদেউতাৰ সাধুকথা ৷

দেওধাই পুখুৰীৰ দেওলগা ঘাট
জলকুঁৱৰীয়ে মূৰ মেলাই তাত
দাপোন হেন পানীত
ৰ লাগি চাই ৰয় নিজৰ মুখ
অপৰূপ কুন্দত কটা
বাট চাই থাকে
অপেশ্বৰী সখীসৱ আহিব কেতিয়া
……এইয়া আইতাৰ সন্ধিয়াৰ সাধু ৷

দেওধাই পুখুৰীৰ কালিকা লগা বাট
পথালি চকুৱাক বাট ভেটে তাত
নেযাবি নেযাবি পাপী মন লৈ
ওভোতাই পুতিব তাত
………দেউতাৰ সকীয়নী ৷

আধাপোতা পুখুৰীৰ বাট
শিল পৰিছে দালান উঠিছে
দেওবোৰ পলাই মাৰিলে ফাট
ষ্ট্ৰীট লাইটৰ উজ্বল পোহৰত
দিশহাৰা অসহায় অৰু ক্লান্ত
………এয়া সন্ধিয়াৰ সাধুকথা নহয়
………এয়া দিন দুপৰৰ সঁচাকথা ৷

admin

Leave a Reply