তুমি এটা গল্প

বৈদ্য ব্ৰাইট বুঢ়াগোঁহাই, মৰিঢল, ধেমাজি ৷

কুঁৱলি কাটি কাটি ওলাই আহিছে
পুৱাৰ কুহুমীয়া বেলি

ফেহুঁজালি ৰ’দত বহি
তুমি শুকুৱাই আছা তোমাৰ তিতা চুলি

বেলি – চুলি তোমাৰ
চুলি – বেলি তোমাৰ

অলপ দূৰৰ পৰা নোচোৱাৰ চলেৰে
মই চাই আছো তোমাৰ শৰীৰ শিল্প

ব্যাখ্যাহীন তুমি এটা অলৌকিক গল্প

admin

Leave a Reply