তিহাৰঃ নেপালী সমাজৰ অন্যতম  লোক উৎসৱ

দীপক লিম্বু,

বিহালী, বিশ্বনাথ চাৰিআলি ৷

 

 

অসমৰ বহল সাৰুৱা সাংস্কৃতিক পথাৰখনত বিভিন্ন ধাৰ্মিক, ভাষা-ভাষিক তথা সাংস্কৃতিক গোটৰ  লোকসকলে যিবোৰ উৎসৱ-পাৰ্বন পৰম্পৰাগত ভাৱে পালন কৰি আহিছে, তাৰ ভিতৰৰে এটা হল – অসমৰ নেপালী ভাষিক লোক সকলে পালন কৰি অহা তিহাৰ উৎসৱ ৷ আপাতত, “তিহাৰ” শব্দটি দিৱালী / দীপান্বিতা শব্দৰে সমাৰ্থক ৷ উৎসৱ বুজোৱা সাধাৰণ হিন্দী “ত্য’হাৰ” শব্দটি অপভ্ৰংশ হৈ তিহাৰ শব্দটিৰ প্ৰচলন হোৱা কোৱা হয় ৷ এই শাৰদীয় উৎসৱটি পাঁচদিন লৈকে উলহ- মালহেৰে উদযাপন কৰা হয় ৷ এই উৎসৱে কৃষিজীৱি নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক,  সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা আদিকে প্ৰকাৰন্তৰে প্ৰতিফলিত কৰে ৷ নেপালী সমাজৰ মাজত ঠিক কেতিয়াৰ পৰা তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হল তাক সঠিককৈ কোৱাটো টান হলেও অন্বেষণ কৰিলে ইয়াৰ ঘাই শিপাডাল প্ৰাচীন ভাৰতীয় উপ-মহাদেশখনতে পোৱা যায় ৷ ভাৰতীয় দৰ্শনৰ অমূল্য ভাণ্ডাৰ ৰূপে পৰিচিত স্কন্দ পূৰাণ, পদ্ম পূৰাণত এই উৎসৱ পালন কৰাৰ তথ্যৰ উমান পোৱা যায় ৷ আৰবীয় মূলৰ দুঃসাহসিক পৰিব্ৰাজক আল ব্যাৰুনীৰ ভাৰত ভ্ৰমনৰ টোকাতো এই উৎসৱৰ বৰ্ণনাই ঠাই পাইছিল ৷ প্ৰাগৈতিহাসিক যুগৰ পৰা ভাৰতবৰ্ষত প্ৰচলিত পোহৰৰ এই উৎসৱ দীপাৱলীয়েই  নানা কাল- খণ্ডৰ প্ৰভাৱ পৰি নেপালী লোকসকলৰ বাবে তিহাৰ হৈ পৰিছে ৷

 

দূৰ্গা পূজাৰ ঠিক পোন্ধৰ দিনৰ পিছত পাঁচ দিন ধৰি পালন কৰি অহা এই উৎসৱটিৰ লগত বিভিন্ন লোক বিশ্বাস, উপখ্যান আদিৰ সম্বন্ধ আছে ৷ তিহাৰ উৎসৱৰ লগত জডিত লোক- বিশ্বাস মতে ভগৱান ৰামচন্দ্ৰ, সীতা আৰু লক্ষ্মণে চৈধ্য বছৰ বনবাস খাটি ঘৰ-ৰাজ্যমুখী হওঁতে আনন্দত অধীৰ হোৱা  অযোধ্যাবাসীয়ে ৰজা ৰামচন্দ্ৰৰ আগমনক আদৰণি জনাই  চাকি-বন্তি প্ৰজ্বলন কৰি, গীত- মাতেৰ যি বৰ্ণাঢ্য  আয়োজন কৰিছিল;  সেই আয়োজনৰ পৰাই দীপান্বিতা তথা অন্য ভাষাত কবলৈ গ’লে তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় ৷ তদুপৰি, তিহাৰ বা দীপান্বিতাৰ লগত আন এটা প্ৰবাদো প্ৰচলিত আছে ৷ এই নেপালী লোক বিশ্বাস তথা হিন্দু পৌৰাণিক শাস্ত্ৰমতে ৰজা যম যমুনাৰ ককায়েক ৷ ককায়েকক লগ পাবলৈ ব্যাকুল হোৱা যমুনাই যম ৰজাক নিমন্ত্ৰণ জনাই মাতি আনি ঘৰত আদৰ সাদৰ কৰি আপ্যায়ন কৰে ৷ ভগ্নী যমুনাৰ আতিথ্যত আপ্লুত হোৱা যমে ভগ্নীৰ কি মনোবাঞ্ছা আছে তাক পূৰণ কৰিবলৈ বিছাৰে ৷ ৰজা যমৰ অনুৰোধত যমুনাই নিজৰ মনোবাঞ্ছা প্ৰকাশ কৰি যম ৰজাই যি দিনকেইটা তাইৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল সেই দিনকেইটাক ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্বন্ধক জন- মানসত তুলি ধৰাৰ বাবে জগতবাসীয়ে উৎসৱ হিচাপে পালন কৰাটো বিছাৰে ৷ ভগ্নীৰ মনোবাঞ্ছা  মতে ৰজা যমে উৎসৱ পালনৰ আদেশ দিয়াত তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় ৷

 

নেপালী ভাষিক লোকসকলে পালন কৰা তিহাৰ উৎসৱটি শৰৎ ঋতুৰ কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ পৰা আৰম্ভ হয় আৰু পৰৱৰ্ত্তী পাঁচ দিনলৈকে চলি একে মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত ভাই ফুট পৰ্বৰে অন্ত হয় ৷ এই পাঁচ দিনৰ কালছোৱাক নেপালী ভাষাত “যম পঞ্চক” বুলি কোৱা হয় ৷ ত্ৰয়োদশীৰ দিনাৰ ” কাগ” পূজাৰে ( কাউৰী ) তিহাৰ উৎসৱটিৰ  আৰম্ভৰণি হয় ৷ নেপালী জন বিশ্বাসত কাউৰীক যম ৰজাৰ দূত হিচাপে ধৰা হয় ৷ তিহাৰৰ প্ৰথম দিনা অৰ্থাৎ কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশীৰ দিনা ৰজা যমে কাউৰীৰ ৰূপত জগতলৈ আহে বুলি বিশ্বাস কৰে ৷ সেয়ে, কাউৰী চৰাইক নেপালী জনমানসত অমঙ্গলৰ সূচক বুলি ধৰিলেও সিদিনা যমৰ দূতৰ মানত পূজা দি মিষ্টান্ন, ফল, পানী ইত্যাদি প্ৰদান কৰা হয় ৷

 

তিহাৰ উৎসৱটিৰ দ্বিতীয় দিনা অৰ্থাৎ চৰ্তুদশীৰ দিনা কুকুৰক পূজা কৰা হয় ৷ ইয়াক কুকুৰ তিহাৰ বুলি কোৱা হয় ৷ নেপালী জন- মানসত কুকুৰকো ৰজা যমৰ দূত হিচাপে বিশ্বাস কৰা হয় ৷ তিহাৰ উৎসৱৰ উক্তদিনা ৰজা যমে কুকুৰ ৰূপ ধাৰণ কৰি জগতৰ প্ৰতি ঘৰত পৰিক্ৰমা কৰে বুলি বিশ্বাস কৰা হয় ৷ সেয়ে সিদিনা কুকুৰক দেৱতা হেন জ্ঞান কৰি মস্তষ্কত দৈ সনা চাউল সানি নাৰ্জি ফুলেৰে তৈয়াৰী মালা পিন্ধাই প্ৰিয় খাদ্য, প্ৰসাদ আদি প্ৰদান কৰি পূজা কৰা হয় ৷

 

তিহাৰৰ উৎসৱৰ পঞ্চদশীৰ দিনা নেপালী সমাজত প্ৰচলিত পৰম্পৰানুসৰি ৰাতিপুৱা বেলা  গাইৰ পূজা কৰা হয় আৰু একে দিনাৰ সন্ধিয়া বেলা সমৃদ্ধিৰ দেৱী লক্ষ্মীক পূজা প্ৰদান কৰা হয় ৷ সনাতনী হিন্দু ধৰ্মৰ অনুগামী হিচাপে নেপালী লোকসকলে গাই গৰুক গো মাতৃৰ ৰূপত বিশ্বাস কৰে ৷ ইয়াক সমৃদ্ধিৰ দেৱী লক্ষ্মীৰো প্ৰতীক হিচাপে জ্ঞান কৰে ৷ সিদিনা ৰাতিপুৱাই ঘৰ-চোতাল সাৰি গৰুৰ গোবৰেৰে ঘৰটোৰ বাহিৰ-ভিতৰ ভাগ মছি শুচি কৰা হয় ৷ ইয়াৰ পিছত ঘৰৰ গাই কেইজনীক গোহালীৰ পৰা চোতাললৈ উলিয়াই  সেন্দুৰ সনা চাউল পিঠাগুৰিৰে কপাল আৰু বাকী গা-দেহাত ফুট সানি দিয়া হয় আৰু খাবলৈ খাদ্য প্ৰদান কৰা হয় ৷ এই একে দিনাখন সন্ধিয়া ধন দ্ৰাষ্ঠী মাতৃ লক্ষ্মী দেৱীৰ পূজা কৰি চাকি-বন্তি প্ৰজ্বলন কৰা হয় ৷ তিহাৰৰ উৎসৱৰ উখল-মাখল পৰিবেশৰ মাজত প্ৰতি ঘৰ গৃহস্হই ঘৰ-চৌহদত থকা তুলসী গছৰ তলত চাকি-বাতি প্ৰদান কৰি মন-মস্তিষ্ক পৱিত্ৰ কৰে ৷ কৃষি জীৱি চহা নেপালী লোকসকলে তেওঁলোকৰ দ্বিতীয় আটাইতকৈ ডাঙৰ শাৰদীয় পৰ্বটোৰ হৰ্ষ-উল্লাসৰ মাজত থাকিলেও নিজ পথাৰখনত হালি-জালি থকা সমৃদ্ধিৰ প্ৰতীক ৰূপী  সোণসেঁৰীয়া শস্য গুটিৰ পথাৰখনক পাহৰি নযায় ৷ সিদিনা ঘৰ-চোতালত চাকি-বাতি দিয়াৰ পিছত গৃহস্হই নিজৰ পথাৰখনত  চাকি প্ৰজ্বলন কৰি সমৃদ্ধিৰ প্ৰতীক ৰূপী শস্যক আদৰণি জনাই ঘৰ-ভৰাঁললৈ আহ্বান কৰে ৷

 

কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ অমাৱশ্যা ৰাতিক আটাইতকৈ আন্ধাৰ বুলি জনা যায় ৷ সিদিনা সন্ধিয়া  এন্ধাৰ ধৰালৈ নামি অহাৰ লগে লগে গাঁৱৰ প্ৰতি ঘৰৰ চৌহদ চাকি-বন্তিৰ পোহৰেৰে উজ্বলি উঠে ৷ গাঁৱৰ ঘৰ-চৌহদ দীপাৱলীৰ চাকি-বাতিৰে চক্ মকাই উঠাৰ লগে লগে গাঁওখনৰ কিশোৰীসকলে দল বান্ধি প্ৰতি ঘৰ-গৃহস্হলৈ গৈ ভৈলী খেলে ৷ কেৱল কিশোৰীসকলেহে ভৈলী খেলে ৷ ভৈলী নৰ্ত্তকীসকলে ভৈলী গীত-মাত, নাচেৰে ভৈলী উপস্হাপন কৰে ৷ ভৈলী নৰ্ত্তকীসকলে পৰিৱেশন সামৰাৰ পিছত গৃহস্হই প্ৰদান কৰা দান- দক্ষিণা গ্ৰহণ কৰি গৃহস্হক আৰ্শীবাদ প্ৰদান কৰে ৷ ভৈলী নৃত্যৰ উৎপত্তি সম্পৰ্কে এটা পৌৰাণিক আখ্যান আছে ৷ এই আখ্যানৰ লগত ভৈলী নৃত্য আৰু দেউচি খেল দুয়োটাৰ উৎপত্তিৰ সম্পৰ্ক আছে ৷ এই আখ্যানৰ নায়ক হল বলি ৰজা ৷ বলি অনাৰ্য মূলৰ ৰজা আছিল ৷ তেওঁক ভগৱান বিষ্ণুয়ে বামন ৰূপ ধাৰণ কৰি দমন কৰিছিল ৷  প্ৰাচীন ভাৰতৰ  আৰ্যাৱৰ্ত্ত খণ্ডত ভীল জনজাতিৰ লোকে বিভিন্ন সামাজিক উপলক্ষ্যত বলি ৰজাৰ যশ- কৃতিৰ গুনানু-কীৰ্ত্তন কৰি ঘৰে ঘৰে ভৈলি সদৃশ গীত-মাতৰ নৃত্য কৰিছিল ৷ এই বলি ৰজাৰ গীত- মাত পৰিৱেশন কৰি ফুৰা প্ৰচীন ভাৰতীয় ভীল জনজাতিৰ পৰা ভৈলি শব্দৰ উৎপত্তি হৈ ভৈলি নৃত্যৰ প্ৰচলন হোৱা বুলি কোৱা হয ৷

 

 

তিহাৰ উৎসৱৰ তৃতীয় দিনা গোমাতৃৰ পূজাৰ পিছত একে মাহৰ শুক্ল পক্ষ প্ৰথমাত গৰু( বলধ) পূজা কৰা হয় ৷ ইয়াক গৰু তিহাৰ বুলি জনা যায় ৷ ঘৰৰ বলধ গৰুকেইটাক ৰাতিপুৱাই গোহালীৰ পৰা উলিয়াই গায়ে-কপালে ফোট সানি দি পূজা কৰা হয় ৷ গৰু তিহাৰ অৰ্থাৎ প্ৰথমা তিথিতো সন্ধিয়া আন্ধাৰ নমাৰ লগে লগে  নেপালী ভাষিক লোকে চাকি- বাতি প্ৰজ্বলন কৰে ৷ দেৱালীৰ চাকি-বাতিৰ পোহৰেৰে গাঁও-পদূলি জলমলাই উঠাৰ লগে লগে দেউচি দলবোৰৰ আগমন হয় ৷ দেউচি খেলখন প্ৰথমাৰ পৰা ভাতৃ দ্বিতীয়া লৈকে খেলা হয় ৷ সকলো বয়সৰ পুৰুষে দেউচি খেল খেলিব পাৰে ৷ দেউচি  খেলাৰ পৰম্পৰাৰ কেনেদৰে আৰম্ভ হল তাৰ দুটা মান পৌৰাণিক কিম্বদন্তি আছে আগত উনুকিওৱাৰ দৰে অযোধ্যাৰ ৰজা ৰাম চন্দ্ৰৰ লগত দেউচিৰ সম্পৰ্ক আছে ৷ পিতৃ আজ্ঞাবাহী ৰাম চন্দ্ৰই চৈধ্য বছৰ নিৰ্বাসনৰ অন্তত ৰাজ্যলৈ আহোতে ৰাজ্যৰ প্ৰজাই হৰ্ষ- উল্লাস প্ৰকাশ কৰি ঘৰে ঘৰে গৈ যি নৃত্য- গীত- মাত পৰিৱেশন কৰিছিল তাৰ পৰাই দেউচি খেলৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় ৷ সেয়ে, দেউচি দল বা গোটৰ দলপতিয়ে দেউচি গীতৰ পৰিৱেশন কৰোতে সহযোগী সকলে প্ৰতিটো কলিৰ পিছত  “দেউচি ৰে” বা “দেউচি ৰাম” শব্দাংশ গাই  দলপতিজনক সহযোগ  কৰি দেউচি গীতক লয়বদ্ধ কৰে ৷ হিন্দু জনমানসত অতি জনপ্ৰিয বচন “জয়শ্ৰী ৰাম” শব্দ দুটাৰ অপভ্ৰংশ হৈ দেউচি গীতত “দেউচি ৰে” আৰু “দেউচি ৰাম”  হোৱা বুলি কোৱা হয় ৷

 

 

আনহাতে দেউচিৰ লগত ( আগতে উল্লেখ কৰা )  বলি  উপাখ্যানৰো সম্পৰ্ক আছে ৷ এই উপাখ্যান মতে এসময়ত প্ৰাচীন ভাৰতত বলি নামৰ এজন বিখ্যাত ৰজা আছিল ৷ এই ৰজাজনে ইমানেই দয়াশীল আৰু কৰুণাময়ী আছিল যে তেওঁ দান- দক্ষিণা নিদিয়াকৈ ভোজন গ্ৰহণ কৰা নাছিল ৷ তেওঁ দান- দক্ষিণাৰে অৰ্জন কৰা পূণ্যৰ প্ৰতাপ আৰু যশ-কৃতিয়ে দশোদিশ জিনিছিল ৷ বলি ৰজাৰ প্ৰজা শাসনে দেৱলোক স্বৰ্গৰ ঔচিত্যকে লঘু কৰিছিল ৷ সেযে, দেৱলোকৰ দেৱতা সকল সন্ত্ৰস্ত হৈছিল আৰু  বলিৰ পৰা পৰিত্ৰাণ বিচাৰি দেৱগণ ভগৱান বিষ্ণুৰ ওচৰত শৰণাপন্ন হৈছিল ৷ দেৱলোকৰ ৰক্ষাৰ বাবে ভগৱান বিষ্ণুয়ে বামন ৰূপ ধাৰণ কৰি বলি ৰজাক দমন কৰিছিল ৷ পৌৰাণিক শাস্ত্ৰমতে বামন ৰূপী বিষ্ণুৱে বলিক তিনি ভৰি মাটি দান বিছাৰিছিল ৷ বলি ৰজাই দান সংকল্প লোৱাৰ পিছ মুহূৰ্ত্ততে ভগৱান বিষ্ণুৱে অতিকায় ৰূপ ধাৰণ কৰি, প্ৰথম পতাৰে সমগ্ৰ পৃথিৱী আৰু দ্বিতীয় পতাৰে সমগ্ৰ আকাশ ঢাকি ধৰিছিল ৷ তৃতীয পতাৰ বাবে ঠাই নোহোৱা হোৱাত  বলিয়ে নিজৰ কপাল পাতি দিছিল যাৰ ফলত তেওঁ পাতালত ভূ- সমাধিস্হ হৈছিল ৷ এই উপাখ্যান মতে বলি ৰজাই ভগৱান বিষ্ণুৰ কৃপাত প্ৰতি বছৰে তিহাৰ বা দেৱালীত পাঁচ দিনৰ বাবে পৃথিৱীলৈ আহি  নিজ ৰাজ্যৰ পৰিক্ৰমা কৰি আলেখ লেখ চাই বুলি বিশ্বাস কৰা হয় ৷ গতিকে, নেপালী জনমানসত  এই লোক বিশ্বাস প্ৰোথিত হোৱাৰ পৰিপ্ৰেক্ষততে তেওঁলোকে  তিহাৰৰ দিনা  ঘৰ-চৌহদত চাকি-বন্তি প্ৰজ্বলন কৰি  ৰজা বলিক আদৰণি জনায় বুলি বিশ্বাস আছে ৷ দেউচি গীতত পোনতে বলি ৰজাৰ প্ৰসংগ টানি আনি গীতটো আৰম্ভ কৰাটো প্ৰচলিত নিয়ম ৷

 

 

নেপালী লোক সকলে পালন কৰা তিহাৰ উৎসৱৰ অন্তৰ্গত অন্তিম পৰ্বটো হল  ভাই ফুটা ৷ এই পৰ্ব শুক্ল পক্ষৰ দ্বিতীয়া তিথিত অনুষ্ঠিত হয় ৷ উৎসৱৰ এই পৰ্বটো বিশেষকৈ ভগ্নী সকললৈ উৎসৰ্গিত ৷ ইয়াত ভগ্নীয়ে ভাই ফুটা পৰ্বৰ সকলো আয়োজনৰ গুৰি ধৰে ৷ এই আয়োজনে এজন ভাতৃ বা ভ্ৰাতাৰ বাবে এসাজ জলপান,  ভাতৰ পৰা আৰম্ভ কৰি পৰ্বটিত প্ৰয়োজন হোৱা সকলো বস্তু-সামগ্ৰী, উপহাৰ ইত্যাদিবোৰক সামৰে ৷ এই ভাই ফুটা পৰ্বত ভগ্নী বা বাউদেৱে ভাই- ককাযেকক কপালত ফোট দিয়ে ৷ ভাই বা ককায়েকক নিজ হাতেৰে এঢোক দৈ পান কৰাই ভাই ফুট আৰম্ভ কৰে ৷ এই ফোট উৰ্ধকাৰে লগোৱা হয় ৷ ইয়াত সাতটা ৰঙৰ সমষ্টি থাকে ৷ এই ভাই ফুট উপলক্ষ্যত কেৱল নাৰ্জি ফুল ব্যৱহাৰ কৰা হয ৷ ভগ্নী বা বাউদেৱে ভাই ফুট প্ৰদান কৰি ভাই / ককায়েকৰ দীৰ্ঘায়ু তথা যশ-কৃতিৰ কামনা কৰে ৷ এই পৰ্বটোত ভগ্নী বা বাউদেউৰ হাতৰ পৰা ফুট গ্ৰহণ কৰা পিছত ভাযেক বা ককাযেকেও ভগ্নী বা বাউদেউক ফুট প্ৰদান কৰি, সুখী জীৱনৰ কামনা কৰে ৷ ফুট বিনিময়ৰ অন্তত উপহাৰসমুহৰ আদান-প্ৰদান আৰু চাহ- জলপান, এসাজ ভাতৰ আয়োজন হয় ৷

 

 

অসমৰ নেপালী ভাষিক লোক সকলৰ বাবে তিহাৰ হল দ্বিতীয় আটাইতকৈ ডাঙৰ উৎসৱ ৷ এই উৎসৱৰ যোগেদি তেওঁলোকৰ স্বকীয় ধাৰ্মিক, সামাজিক, সাংস্কৃতিক পৰিচয় ফুটি উঠে ৷ অসমৰ উদাৰ  বাৰেবৰণীয়া সাংস্কৃতিক পথাৰখনত তিহাৰ  উৎসৱটিয়ে ফুলে- ফলে জীপাল হৈ উঠক,  সুৱাস বিলাওক তাৰে কামনা কৰিলো ৷

bipul bora

3 comments

Leave a Reply