ডঃ ভূপেন হাজৰিকাৰ দৰ্শনত মানৱতাবাদ

শিবানী ফুকন, বৰদলনি, ধেমাজি।

মানৱতাবাদৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Humanism’. যাৰ অৰ্থ হ’ল- মানৱাত্মাৰ পূৰ্ণতাৰ সন্ধান বা মানুহৰ পূৰ্ণ বিকাশ। এই মতবাদৰ মূল লক্ষ্য হ’ল মানুহৰ পূৰ্ণ বিকাশ কৰা। মানুহৰ অস্তিত্বৰ বাহিৰে বিশ্ব চৰাচৰত অন্য কোনো সত্তাৰ অস্তিত্ব নাই।
মানুহৰ অস্তিত্ব, সমাজত মানুহৰ স্থান, সামাজিক চেতনা আদিয়েই ডঃ ভূপেন হাজৰিকাৰ দৰ্শনৰ মূল সপোন। কেৱল মানৱতাৰ জয়গান গোৱা হাজৰিকাদেৱে তেখেতৰ মানৱীয় মূল্যবোধেৰে এখন জীপাল আৰু সৰ্বাঙ্গসুন্দৰ সমাজ গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

ঐক্য আৰু সাম্যভাৱে আগ নাবাঢ়িলে এখন সুন্দৰ-সুস্থ সমাজ কল্পনা কৰিব নোৱাৰি। এই কথা ডঃ হাজৰিকাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। তেওঁ এনে এখন সমাজ গঢ় দিয়াৰ কথা ভাবিছিল য’ত নাথাকিব কোনো অনৈক্য, বিভেদকামী শক্তি। য’ত থাকিব একতাৰ ডোলেৰে আঁতি আঁতি বান্ধি ৰখা এক বিশাল প্ৰৱণতা। তেওঁৰ এই দৰ্শন গীতেৰে প্ৰকাশ কৰিছে এনেদৰেঃ

“হেজাৰ যুগৰ আন্ধাৰকে আঁতৰাম নিজ হাতে
একতাৰে আগবাঢ়ো, জেউতিৰ বাটে বাটে।”

হাজৰিকাদেৱে দৰিদ্ৰ জনতাৰ দুখ-বেদনাৰে ভৰপূৰ দুৰ্বিসহ জীৱনটো অধ্যয়ন কৰি দৰিদ্ৰ জনতাৰ মুক্তিৰ অৰ্থে গান গাইছিল। তথাকথিত উচ্চ শ্ৰেণীৰ লোকৰ হাতত কিছুমান লোক নীচ দৰিদ্ৰ বুলি শোষণ-নিষ্পেষণৰ বলি হোৱা সময়ত আশাবাদী হাজৰিকাই এদিন হ’লেও দৰিদ্ৰ, নিষ্পেষিত জনতাই এখন সুখৰ সমাজত জীৱন নিৰ্বাহ কৰাৰ আশা কৰিছে।

মানুহৰ দুখ-দুৰ্দশা, হতাশা আদিয়ে হাজৰিকাদেৱৰ হৃদয়ত কঁপনি তুলিছিল। মানৱ সমাজত সঘনাই সৃষ্টি হোৱা অসূয়া-অপ্ৰীতি আদিয়ে তেওঁক ব্যৰ্থ কৰি তুলিছিল। তেওঁৰ মতে এজনে যেতিয়া আনজনৰ হকে চিন্তা কৰিব, এজনে আনজনক সহায় কৰিব তেতিয়াই সমাজৰ পৰা হাই-কাজিয়া, অসূয়া-অপ্ৰীতি, স্বাৰ্থপৰতা আদি নিৰ্মূল হ’ব।

আশাবাদী ভূপেন হাজৰিকা দেৱৰ দৰ্শনত দেখিবলৈ পোৱা যায় কেনেকৈ অসূয়া-অপ্ৰীতিকৰ মানৱ সমাজত আশাই পোখা মেলে ! আৰু মানৱ সমাজত সততে দেখা দিয়া এই কলুষ-কালিমা ধুই নিকা কৰিবলৈ নতুন পুৰুষ সকলক তেওঁ আহ্বান জনাইছিল আৰু দ্বায়িত্ব অৰ্পণ কৰিছিল। তেওঁৰ মতে সমাজৰ উন্নতিৰ জখলাডাল অধিক টনকিয়াল কৰিবলৈ লাগিব নতুন পুৰুষৰ অফুৰন্ত কৰ্মশক্তি।

সমাজত দেখা দিয়া ব্যক্তি স্বাৰ্থৰ অবাধ প্ৰভাৱে ভূপেন হাজৰিকাক মৰ্মাহত কৰি তুলিছিল যদিও আশাবাদী দাৰ্শনিক হাজৰিকাই মানৱ সমাজৰ পৰা ক্ৰমশঃ হেৰাই যাবলৈ ধৰা বন্ধুত্ব, মৰম-চেনেহ, প্ৰেম-ভালপোৱা, বিশ্বাস আদিবোৰৰ সহায়ত সমাজৰ মাজত এক সেতু নিৰ্মাণ কৰিব বিচাৰিছিল। তেওঁ গাইছিল—-
”মানুৰ মনৰ মাজত চেনেহৰ দলং গঢ়িবলৈ
আমি অকণি ওলামেই দলে দলে ওলামেই……..”

গোষ্ঠীগত সংঘৰ্ষৰ ফলস্বৰূপে আমাৰ সমাজত সম্প্ৰতি মানৱতাৰ যি স্খলন ঘটিছে সেয়া হাজৰিকাৰ মানৱতাবাদী দাৰ্শনিক চিন্তাধাৰাৰে উজ্জ্বীৱিত হ’লে হয়তো এনে কোলাহলপুৰ্ণ পৰিবেশৰ পৰা সকলোৱে মুক্তি পাব।

মানৱতাৰ জয়গান গোৱা ভূপেন হাজৰিকা সমন্বয়ৰ এক চিৰপ্ৰবাহমান ফল্গু ধাৰা, এটা জাতিৰ কণ্ঠ। এই মহান দাৰ্শনিকৰ মহান আদৰ্শ সমূহ ইমান কম কথাৰে সামৰা যেন ”হাতী মাৰি ভুৰুকাত ভৰোৱা”।

ডঃ হাজৰিকাৰ এই মানৱতাবাদী দৰ্শন সমাজৰ সকলোৰে আদৰ্শ হওঁক। মানৱৰ দেশত মানৱৰ জয় হওঁক। উচ্চ-নীচৰ ভেদা ভেদ আঁতৰি স্বাৰ্থহীন নিকা সমাজ গঢ়ি উঠক।
তেওঁৰ ভাষাৰেই—-
”ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম
নতুন ভাৰত গঢ়িম
নতুন অসম গঢ়িম….”

admin

Leave a Reply