জয়সিং, মহৰী বাবু আৰু লালবাগৰি ঘাটৰ সেই ছোৱালীজনী

সংগীতা ৰক্তিম গগৈ, বেলতলা, গুৱাহাটী !

পাচঁ নম্বৰ লাইনৰ বিহাৰী পোৱালিৰ হাতৰ টিপতত দিয়া সৰু কাগজৰ টুকুৰাত লিখা আছিল ……” ছানঝে বেলা তুই একলা আছবি লালবাগৰি ঘাটে …মুই ত’ৰ খাতিৰ ৰখে থাকব’। ত’ৰ ছংগে ম’ৰ একটা কথা আহে…”
ছৌৰচীয়া দোকানত কাম কৰে বাবে মনোজ বোলা ১০ বছৰীয়া ল’ৰাটোক লাইনত সকলোৱেই তাক ‘বিহাৰী পোৱালি’ নাম দিছে। এই মনোজ ওৰফে বিহাৰী পোৱালিটোৰ হাততে সি অকণমানি কাগজ এটুকুৰা দিছে চম্পাক দিবলৈ। চম্পাক লগ কৰিবই লাগিব আজি যেনে তেনে…

মৰমৰ উপহাৰ
“””””””””””””””””””
সাধাৰণতে, মাহটোৰ শেষত চাকৰিয়ালসকলে দৰমহা পায় যদিও এই বাগানৰ মজদুৰসকলে মাহটোত দুবাৰ দৰমহা পায়। মাহটোৰ দুটা শনিবাৰে দৰমহা দিয়াৰ নিয়ম আছে মজদুৰসকলক। সেই শনিবাৰ দুটাক দৰমহা (হাজিৰা) শনিবাৰ বুলি কয়, আৰু বাকী দুটা শনিবাৰক ফাল্টু শনিবাৰ নাম দিয়ে। আজি শনিবাৰ আৰু তাতে আকৌ দৰমহাবাৰ। ফাল্টুৱেই হওক বা হাজিৰাবাৰেই হওক, ‘ছৌৰচীয়া দোকান’ কেতিয়াও বন্ধ নাথাকে। সপ্তাহৰ প্ৰতি দিনেই দোকানখন খোলা থাকে। বাগানৰ বৰবাবুৰ পৰা মজদুৰ সকলোলোকে এই দোকানৰ পৰাই বস্তু কিনে। বাগানখনৰ সকলোতকৈ ডাঙৰ আৰু ভাল দোকান বুলিয়েই ক’ব পাৰি এইখনক। চম্পা আৰু ৰাধা আজিও আহিছে আনদিনা শনিবাৰে অহাৰ দৰে। বস্তু কিনক বা নিকিনক দোকানত সজাই থোৱা ধুনীয়া ধুনীয়া বস্তুবোৰ লিৰিকি বিদাৰি চুই সিহঁতে আনন্দ পায়। অৱশ্যে আজিৰ কথাটো সম্পূৰ্ণ সুকীয়া। বাগানৰ পাত তোলে সিহঁতে। এশ দহ টকা দৈনিক হাজিৰা। পাতৰ চিজন সময়ত অতি কমেও পঁচিছ কেজি চাহপাত তুলিব লাগে একো একোজনী মহিলা মজদুৰে। তেতিয়াহে এই হাজিৰাটো সিহঁতে পায়। নহ’লে নাপায়। ভৰ দুপৰীয়াখন বেলিটো মূৰত লৈ বা ভৰ বাৰিষা বৰষুণত তিতি ভিজি পঁচিছ কেজি চাহপাত তোলাটো বৰ মুখৰ কথা নহয়। তাতে চাহপাত মানে চাহৰ কলি হ’ব লাগিব। এটি কলি আৰু দুটি পাত চাহগছৰ কলিটোৰেহে আটাইতকৈ ভাল, সোৱাদ থকা চাহৰ গুড়ি তৈয়াৰ হ’ব। যিটো চাহপাতৰ কলি নাথাকে সেইবোৰ পাতক বাঁজীপাত বোলে। তেনে চাহপাত তুলিলে তাৰ পৰা তৈয়াৰ হোৱাৰ চাহৰ সিমান এটা সোৱাদ নাথাকে। সেইবোৰ বহুত দিশ চালিজাৰি চাইহে মহিলা মজদুৰসকলৰ হাজিৰা নিৰ্ধাৰণ কৰা যায়। সেই হিচাপে কেতিয়াবা দৰমহাৰো ইফাল সিফাল নোহোৱা নহয়। ৰাতিপুৱা, গধূলি, দুপৰীয়া যেতিয়া আমি একাপ চাহ খাওঁ, তেতিয়া আমি কেতিয়াও কোনোদিনে অনুভৱ নকৰো কোমল হৃদয়েৰে, লিহিৰি আঙুলিৰে তোলা চাহপাতৰ যন্ত্ৰণাময় অতীত। চাহৰ কলি তোলাজনৰহে অনুভৱ হয় এই বিষৰ অতীত।
কেতিয়াবা জোখতকৈ বেছি ভাল পাত তুলিলে হাজিৰাটো অলপ বেছি হয়। আৰু এনেদৰে জোখতকৈ বেছি পাত তুলি এটকা দুটকাকৈ বাহঁৰ খুটাত সাঁচিছে তাইৰ অকণমানি মন এটা। সাজিছে হেপাঁহৰ সাতোৰঙী সপোন… এই শনিবাৰেই শেষ শনিবাৰ। ইয়াৰ পিছৰ শনিবাৰে দেখোন দূৰ্গা পূজাই। আৰু বছৰত এবাৰহে বাগানলৈ দূৰ্গাজনী পূজালৈ বুলি আহে। ডাঙৰ এখন ট্ৰাকত দূৰ্গাজনী বাগানৰ ফিল্ডখনলৈ আহে। তেওঁৰ লগতে আৰু কোনোবা কোনোবা আহে যদিও চম্পাই কোনোদিনে মন কৰা নাই, আৰু তাইৰনো বা কি দৰকাৰ কোন আহে কোন নাহে চাবলৈ ?? তাইৰ চকু দূৰ্গাজনীক ভালদৰে ধৰি অনাজনৰ ওপৰতহে……সি তাইৰ মনৰ মানুহ, সপোনৰ মানুহ, তাইৰ উশাহ, তাইৰ জীৱন……! মুঠতে সকলোবোৰ। চালে চাই থাকিবৰ মন যোৱা আচমানী সপোন এটা সি।
এইবাৰ মাকে তাইক কৈয়েই থৈছে, মাকৰ বয়স হৈছে, লগতে চম্পাৰো। আৰু দুজনী দিবলৈ আছেই। ভায়েক দুটাও চফল ডেকা। এইবাৰ যদি তাই তাক মনৰ কথা নকয় বা যদি সি তাইক নিনিয়ে তেন্তে আন বাগানৰ পৰা তাইৰ বাবে অহা নতুন ঘৰখনৰ লগত তাইৰ সম্বন্ধটো মাকে পাক্কা নতুন কৰি পেলাব। উগুল থুগুল মন এটাৰে তাই আজি হাজিৰাটো লৈয়েই দোকানখনলৈ আহিছে। শনিবাৰে বাগানখনৰ পূজা হোৱা ফিল্ডখনত সৰু সুৰা এখন বজাৰ বহে। বেজিৰ পৰা বাচনলৈকে সকলো বস্তুৱেই পোৱা যায়। কিন্তু হ’লেও তাৰ পৰা কিবা এটা কিনি তাই নিজৰ মনৰ মানুহজনক উপহাৰ দিব নোৱাৰে। অন্য নহ’লেও তাইৰ মনৰ মানুহজনৰ এটা সন্মান আছে বাগানখনত। সেইবাবে চম্পাই তাইৰ মনৰ মানুহটোৰ বাবে ভাল কিবা এটা চাইছে।

জয়সিং চৰ্দাৰ

নিজৰ বাগানখন বুলিয়েই নহয়, ওচৰে পাজৰে গাতে লাগি থকা বাগানকেইখনতো জয়সিং চৰ্দাৰ বুলিলে চিনি নোপোৱা মানুহ নাই। কামত সি যিমান ভাল, মানুহ হিচাপেও তাৰ জনপ্ৰিয়তা তাতোকৈ বেছি। বাকী থকা চৰ্দাৰয়েই নহয়, আনকি মহৰী বাবুবোৰেও তাৰ জনপ্ৰিয়তা দেখি ঈৰ্ষা কৰে। বাগানৰ বৰবাবু বা মেনেজাৰ চাহাবেও তাক ভাল পায়। মানুহ হিচাপে জয়সিং বৰ বিশ্বাসী আৰু লায়েকৰ। বাগানৰ চড়ক পূজা, টুচু পূজা, দূৰ্গা পূজা, কালী পূজা সকলোতে জয়সিং নহ’লে নহয়েই। সকলো কামতে সি সদায়ে আগৰণুৱা।
প্ৰতিখন বাগানতে কেইবাজনো চৰ্দাৰ থাকে। প্ৰতিজন চৰ্দাৰ একো একোজন মহৰীৰ তলত কাম কৰে। মাইকী মজদুৰৰ কাম চোৱাজনক মাইকী মহৰী বাবু আৰু মতা মজদুৰৰ কাম চোৱাজনক মতা মহৰী বাবু বুলি কয়। ৰাতিয়া, গজেন, বিজয়, কালেৱৰ দৰে জয়সিংও এজন চৰ্দাৰ আৰু সি শংকৰ মাইকী মহৰীবাবুৰ তলত চৰ্দাৰি কাম কৰে। কলম কৰোৱা, ভাল পাত তোলা, চাহগছত দৰৱ ছটিওৱা, পুলি ৰোৱা আদি কামবোৰ জয়সিংৰ তলত আন আন বনুৱাবোৰে কৰে। ৰজনী, চম্পা, ৰাইমনি, বিন্দিয়া, লছমী, তিও, জোনাকী মুঠতে আৰু বহুতো লাইনৰ ছোৱালীবোৰে জয়সিঙৰ চেকছনটোত পাত তুলে। শাৰী শাৰী চাহগছৰ মাজে মাজে এজাক যৌৱন উচ্ছল্ গাভৰুৱে যেতিয়া হাঁহি মাতি টুকুৰি ভৰাই পাত তুলে, সেই সময়ত চাহ বাগানৰ গোটেই পৰিবেশেই মায়াময় হৈ পৰে। ৰ’দ বৰষুণ নেওচি একো একোজনী গাভৰুৱে গুণ গুনকৈ গানৰ কলি আওৰাই যেতিয়া আপোনমনে পাত তোলে, সেই দৃশ্য দেখিলে যিকোনো মানুহে চাহগছৰ সেউজীয়াৰ লগত বিলীণ হ’ব খুজিব। জয়সিঙৰো এনেকুৱা দৃশ্য দেখি বুকুখন ভৰি যায়। প্ৰতিজোপা চাহগছ সিহঁতে নিজে জন্ম দিয়ে, আপডাল কৰে, সাৰ-পানী যোগায়। ভাবি ভাবি জয়সিং তন্ময় হৈ ৰয়। আৰু এই চম্পাজনী……চাহগছৰ সেউজীয়াইও তাইৰ সোনোৱালী যৌৱন লুকুৱাব পৰা নাই। এনেকৈ আৰু কিমান দিন, চম্পাই মূৰত টুকুৰি লৈ পাত তুলিব পাৰিব তাৰ চেকছনটোত ?? উঠি অহা গাভৰু দেহাটোৰে তাই কিমান দিন নিজকে এই চাহগছৰ মাজত লুকুৱাব ?? সোনকালে তাইক মনৰ কথা নজনালে আনৰ বুকুত সোমাবলৈ কিমান দেৰি ?? জয়সিঙে আঙুলিৰ মূৰত কিবা এটা হিচাপ কৰিলে………

মাইকী মহৰী বাবু

মহৰী বাবুৱে খবৰ লগাইছে। খবৰ লৈ গম পাইছে যে, চম্পা আচলতে মজদুৰ ছোৱালী নহয়। বিশ বছৰৰ আগৰ এটা ঘটনাৰ সাক্ষীতহে বাগানৰ সাধাৰণ মজদুৰৰ ঘৰত চম্পাৰ জন্ম। বাগানৰ কাষতে লাগি থকা দিচাঙখনৰে এখন অসমীয়া মানুহৰ গাওঁ…জাপিসজীয়া। চম্পাৰ মাক সবিতা জাপিসজীয়াৰ ছোৱালী। আৰ্থিক অৱস্থাও ভাল। কলেজ শেষ কৰি বাগানৰ স্কুললৈ কাম কৰিবলৈ আহোতে ফেক্টৰী চাহাবৰ লগত সবিতাৰ চিনাকি হয়। দিচাঙৰ ঘাটেদি অহা যোৱা কৰোতে কৰোতে ফেক্টৰী চাহাবৰ বুকুৰ ঘাটেদিও সবিতাৰ অহাযোৱা চলিল। অৱশেষত কোনোবা এদিন অসাৱধান মূৰ্হুতত সবিতা মাক হ’বলৈ ওলাল। মাক হোৱাৰ কথাষাৰ গম পাওঁতে যথেষ্ট পলম হৈছিল আৰু তেতিয়ালৈকে ফেক্টৰী চাহাবৰ চাকৰি বহু দূৰৈৰ বাগানলৈ বদলি হৈছিল। চাহাবে ভাল খবৰটো গমেই নাপালে। অন্যহাতেদি খ্ৰীষ্টান চাহাবৰ অংশ এটা সবিতাই কঢ়িয়াই ফুৰা বুলি গম পায় ঘৰখনে তাজ্যপুত্ৰী কৰিলে। শেষ আশাৰ ঠাই বুলি সবিতা দিচাঙত জাঁপ দিলে। কিন্তু দাতাই দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে। নৱ বিবাহিত দম্পতী মনোহৰ আৰু মজলীয়ে সবিতাক দেখা পাই পানীৰ পৰা তুলি আনি নিজৰে লগত এজন কৰি ৰাখিলে। যথা সময়ত চম্পাৰ জন্ম হ’ল। কেইমাহ মানৰ পিছত অপুষ্টি আৰু দুঃচিন্তাত ভূগি সবিতাই এই পৃথিৱীৰ পৰা বিদায় ল’লে। আৰু তেতিয়াৰ পৰাই চম্পা, মনোহৰ আৰু মজলীৰ নিজৰ জী বুলিয়েই সকলোৱে জানে। আনকি চম্পাইও নাজানে তাইৰ ক’লা অতীত।
চম্পাৰ নতুন কাহিনীটো শুনি শংকৰে মনৰ ভিতৰতে হাঁহিলে। অৱশেষত, তাক আৰু জাত-পাতৰ নামত কোনেও বাধা দিব নোৱাৰে। চম্পা যদিও বাগানৰ মজদুৰৰ ঘৰত জন্ম লৈছে, তাই মজদুৰ ছোৱালী নহয়। বৰঞ্চ শংকৰে বিয়া কৰাব পৰাকৈ অসমীয়া ছোৱালীহে। আৰু মজদুৰ ছোৱালী হ’লেও শংকৰে কাকো খাতিৰ নকৰে। তাইকেই বিয়া কৰাই আনিলেহেঁতেন সি। শংকৰ শইকীয়াই বাগানত নতুনকৈ জইন কৰিছে। মাইকী মজদুৰৰ কাম চাই সি। জয়সিং, কালেব আৰু বিজয় এই শংকৰ মাইকী মহৰীৰ তলত চৰ্দাৰি কৰে। চম্পাৰ ওপৰত শংকৰৰ চকু প্ৰথম তাইক পাত তোলা দেখাৰ পৰাই। চম্পা যে আন মজদুৰ গাভৰুতকৈ বেলেগ সেইটো সি তাইক প্ৰথম দেখাৰ পৰাই বুজি পাইছিল। সেইদিন ধৰি চম্পাৰ কথাৰে তাৰ ডেকা মনটো এফালৰ পৰা শেষ কৰি আনিছে। তাইৰ বিষয়ে জানিবলৈ তাৰ তীব্ৰ আগ্ৰহ হৈছিল আৰু শেষত এইয়া……
সোনকালে চম্পাক লগ কৰি তাইক তাইৰ নিজৰ প্ৰকৃত পৰিচয় দিবলৈ আৰু তাৰ লগে লগে তাইক নিজৰ মনৰ কথা জনাই আপোন কৰি ল’বলৈ শংকৰৰ মনটোৱে খৰখেদা লগালে। বাগানৰে কত ডেকাৰ চকু তাইৰ ওপৰত সেই কথা সিও নজনাকৈ থকা নাই। প্ৰতি শনিবাৰে চম্পা ছৌৰচীয়া দোকানলৈ আহে বুলি শংকৰে জানে আৰু সেইবাবে তাইৰ হাতত পৰাকৈ মনোজ ওৰফে বিহাৰী পোৱালিৰ হাতত এখন অকনমানি কাগজ এটুকুৰা দি থৈ আহিছে। এতিয়া ঈশ্বৰেই ভৰষা আৰু বাকীবোৰ চব থিকে থাকে হ’লেই হ’ল……

লালবাগৰি ঘাট

হাতত মজলীয়া ধৰণৰ পলিথিনৰ পেকেট লৈ চম্পা ঘাটত বহি আছে। লাইনৰে মঙলু চকীদাৰৰ হাতত খবৰ এটা দিছিল তাই জয়সিঙলৈ বুলি। আবেলিৰ বেলিটো লাহে লাহে দিচাঙৰ বুকুত লুকাবলৈ ধৰিছে। তাইৰ বুকুয়েদি হুমুনিয়াহ এটা বাগৰি আহিল। জয়সিঙে দেৰি কৰিছে কিয় ? নে তাইৰ কথা সি নাভাবেই ? জয়সিঙৰ দৰে মানুহক নিজৰ কৰি পাবলৈ কত’জনী ছোৱালীয়ে শিৱক খাতিৰ কৰিছে তাইৰ জনা আছে। কিন্তু হ’লেও আজি তাই তাক মনৰ কথা কৈহে এৰিব। সি মানিলে মানিব, নামানিলে নাই, কিন্তু সেইবুলি তাক একো নোকোৱাকৈ আনৰ হৈ গ’লে ওৰেটো জীৱন তাইৰ আত্মাই তাইক ক্ষমা নকৰিব। যেনেতেনে তাক লগ ধৰি, তাই তাক মনৰ কথা জনাবই জনাব আজি…তাৰ পিচত যি হয় দেখা যাব।
চাইকেলখন ঠেলি ঠেলি জয়সিং আহি আছে। চেহ ! এই সময়তহে এইখনৰ চকা ফুটিব লাগেনে বাৰু ? বৰ বেয়া সময়ত চাইকেলখনৰ চকা ফুটিল। ইফালে মাইকী মহৰী বাৰু ৰৈ থকাৰ কথা তাৰ বাবে। তাৰ লগত হেনো মহৰী বাবুৰ কিবা জৰুৰী কথা আছে। চম্পাৰ বিষয়ে। চম্পাৰ নামটো মহৰী বাবুৰ মুখত শুনি তাৰ মনটো চেবাইছে। বাৰু যি হয় দেখা যাব বুলি ভাবি সি চাইকেলখন ঠেলি ঠেলিয়েই আগবাঢ়িল। অলপ আগত গৈ ঘাটৰ ফালে এনেয়ে চকু দিওঁতে চম্পা আমন জিমনকৈ বহি থকা সি দেখা পালে। সি আচৰিত হ’ল। চাইকেলখন একাষৰীয়াকৈ থৈ সি কাষ চাপি গৈ চম্পাক মাত দিওঁতে তাই চক্ খাই উঠিল।
জয়সিঙক লগ কৰিবলৈ মাতিছিল শংকৰ মহৰীয়ে। চম্পাৰ অতীতটোৰ বিষয়ে জয়সিঙক কৈ শংকৰে তাৰ সহায় খুজিব বুলি মনে মনে পাঙি থৈছে। তাৰ পিছতে সি চম্পাক লগ কৰিবলৈ লালবাগৰি ঘাটলৈ যাব। তাতে চম্পাক ৰৈ থাকিবলৈ দিছে।
এই জয়সিংটোও আৰু, কিয় বা সি ইমান দেৰি কৰিছে ?? শংকৰে এবাৰ সন্মুখৰ ৰাষ্টাটোলৈ চালে। তাৰ পিচত কিবা এটা ভাবি হাতত পিন্ধা ঘড়ীটোলৈ চাই বাইকখন ষ্টাৰ্ট কৰি সি লালবাগৰি ঘাটলৈ বুলি পোনালে।
চম্পাক তেনেদৰে দেখি জয়সিঙে ভয় খালে যদিও কথাটো প্ৰকাশ নকৰিলে। তাইও তাক দেখি লাজতে মূছকঁছ যোৱাৰ দৰে হ’ল। জয়সিঙে তাইক কিবা সোধাৰ আগতে তাই পলিথিনৰ টোপোলাটো তালৈ আগবঢ়াই দিলে। একো এটা শব্দ নোকোৱাকৈ চম্পাই বুজাই দিলে জয়সিঙৰ প্ৰতি তাইৰ ভালপোৱা। জয়সিং ঠাইতে ভেবা লাগিল। চম্পাইও যে তাক ভাল পাব পাৰে সেই কথা সি মনে মনে কল্পনা কৰিছিল যদিও তাইহে আগতীয়াকৈ তাক জনাব বুলি সপোনতো সি ভবা নাছিল। চম্পাইও তাৰ মনৰ কথা বুজিব পাৰি ফেঁকুৰি উঠিল। যেতিয়া দুখন হৃদয়ৰ মাজত সুহৃদয়তা গঢ়ি উঠে, তেতিয়া শব্দ, বাক্য সকলোবোৰ অৰ্থহীন হৈ পৰে। জয়সিঙে ফেঁকুৰি থকা চম্পাক বুকুৰ মাজলৈ চপাই আনিলে।
শংকৰ মহৰী বাবুয়ে ঘাটৰ পৰা অলপ দূৰৈত ৰৈ সকলোবোৰ লক্ষ্য কৰি আছিল। নিজৰ ভাল পোৱা বস্তুটো যেনে তেনে হাছিল কৰিবৰ বাবে সি কোনোদিনে পিচ হোঁহোঁকা নাই। কিন্তু আজিৰ এই দৃশ্য দেখি তাৰ মনটো খং উঠক চাৰি সুখেৰে ভৰিহে গ’ল। কাৰণ চম্পাৰ ভালপোৱাতো কোনো বস্তু নহয়। সি মনে মনে থিকেই ভাবিলে, ইজনে সিজনক ভালপোৱা মানুহবোৰ সদায় একেলগে থাকিব লাগে। তেওঁলোকে ইজনে সিজনৰ পৰা আঁতৰি আহিলে… একেলগে কেইবাটাও জীৱন নষ্ট হৈ পৰে। ওপৰৰ আকাশলৈ চাই শংকৰে চকু দুটা মুদি দিলে। হওঁক তেও… সবিতা আৰু ফেক্টৰী চাহাব জেকচনৰ মিলন নহ’ল কি হ’ল, ঈশ্বৰে তেওঁলোকৰ ভালপোৱাত মিলন নকৰালে নাই। কিন্তু চম্পা আৰু জয়সিঙৰ মিলন হোৱাটো খাটাং। আচলতে, কিছুমান অতীত মানুহে নজনাকৈ থাকিলেই ভাল। জানিলে জীৱনবোৰত অশান্তি হোৱাৰ বাদে আন একো নহয়। গান এটি সুহুঁৰিয়াই শংকৰ মহৰী অহা বাটেৰে উভতি গ’ল…বাইকখনে ঠেলি পঠিওৱা ধূলিৰে ধূসৰিত হৈ পৰিল লালবাগৰি ঘাট…………


এটি কলি দুটি পাত…
শাৰী শাৰী চাহগছৰ মাজে মাজে
যৌৱনৰ মায়া নামে,
সেউজীয়া হাঁহিৰে
টুকুৰি উপচি পৰে …
শিৰিছ গছৰ ফাঁকে ফাঁকে
এজাক মৌমাখিৰ গুণগুণনি,
উচ্ছল যৌৱনৰ বেপৰোৱা হাঁহি।

” এই বাবু,
আছবি হামদেৰ বাগানে
কৌনও নাই দিতে পাৰলে
সেউজীয়া দিতে পাৰব …
এই চাহ বাগানে
হামদেৰ খুন আহে , পছীনা আহে…
হামদেৰ নাম আহে দুনীয়া মে……
তুই নাই ভুলতে পাৰবি
হামদেৰ বাগানেৰ নাম………”

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

admin

Leave a Reply