জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা
( যোৱা সংখ্যাৰ পাছৰ পৰা )

কেতিয়াবা পলাশীৰ কথা ভাবি ভাবিও মোৰ টোপনি নধৰে | আজি স্কুলত তাই ঘৰৰ কথা কৈ কৈ খুউব কান্দিলে | তাই কৈছিল——
——নম্ৰতা, মোৰ স্কুল এৰিবলগীয়া হ’ব যেন পাইছো | স্কুললৈ অহা বাবে আজিকালি দাদায়ে মোক ইমান পিটে ! মই কি কৰো নম্ৰতা ? কিয় যে মই সেইখন ঘৰত জন্ম ল’লো | তহঁতৰ ঘৰত মই জন্ম লোৱা হ’লে…..!!

তাইৰ কথাবোৰে মোৰ বুকুত খুন্দিয়ালে | তাইক ক’লো—–চিন্তা নকৰিবি পলাশী | দাদাই যদি তোক বিনাকাৰণত মাৰে, তই আমাৰ ঘৰলৈ গুচি আহিম বুলি কৈ দিবি | আমাৰ পিতাক তাৰ কথা কৈ দিম বুলি ভয় খুৱাই দিবি | মোৰ কথাখিনিয়ে পলাশীৰ মুখখন উজ্জ্বল কৰিলে | কিন্তু মই জানো তাই ককায়েকক এই কথা ক’ব নোৱাৰে | বৰ ভয় কৰে তাক | পলাশী মোৰ সহপাঠী | গতিকে তাইক সান্ত্বনা দিয়া মোৰ কৰ্ত্তব্য | তাইক মই বৰ ভাল পাওঁ | তাই বৰ ভাল আৰু পঢ়াশুনাতো চোকা | তাইৰ ঘৰখনৰ অৱস্থাৰ কথা সকলোৱে জানে, সেয়ে তাইক কোনেও তাইৰ মুখৰ আগত, তাই মনত দুখ পোৱাকৈ একো নকয় | মই তাইৰ লগতে থাকো | মই খেলোতে লৰি ঢাপৰি ফুৰোতে ক’ৰবাত যদি পৰি দুখ পাওঁ, তাই চিঞৰি বাখৰি হুলস্থুল লগাই দিয়ে | তাই মোৰ শুশ্ৰূষাত তত্পৰ হৈ উঠে | মোৰো দেখোন তাইৰ অন্তৰত, শৰীৰত আঘাত পোৱা কথা শুনিলে খুউব বেজাৰ লাগে | আচলতে আমি দুজনী মাথো শ্ৰেণীৰ সহপাঠীয়েই নহয় | আমি হয়তো অন্তৰৰ সখী | উষা-চিত্ৰলেখাৰ দৰে | মই ভাবি আচৰিত হওঁ যে তাইক ইমান ভালপাওঁ—অথচ তাইৰ ককায়েকক মই সমূলি দেখিব নোৱাৰো | কাৰণ, তাইৰ ককায়েকটো গুণ্ডাৰ দৰে | দেখিবলৈও ভয়ঙ্কৰ | নিজৰ ভনীয়েককনো ইমান মাৰিব লাগেনে সি ? বেয়া কাম কৰিলেহে, ভাল কথা ক’লে নুশুনিলেহে কেতিয়াবা আমাৰ মায়ে, দাদায়ে খং কৰে | গালি পাৰে | পঢ়িব নোৱাৰিলে পিটে | কিন্তু পলাশীৰ ককায়েক ভৱেশটো তেনে নহয় | মানুহ দুখীয়া হ’লেও হিংস্ৰ হ’ব নোৱাৰে | কিন্তু ককায়েক ভৱেশটো ঘৰৰ ভিতৰতে সঁচায়ে হিংস্ৰ | ঘৰৰ বাহিৰত মানুহক দেখুৱাই সি ব্যৱহাৰ পাতি ভাল কৰে | কাম-বনৰ ক্ষেত্ৰত ঘৰখনৰ বাবে সি একো কৰিব নোখোজে, নকৰেও | সি ক’ত, কি কাম কৰি ফুৰে পলাশীয়ে নাজানে | কিন্তু যেতিয়াই তেতিয়াই ঘৰলৈ আহি সি অশান্তিৰ সৃষ্টি কৰে | প্ৰায়ে নিশা আহি সিহঁতৰ বাঁহৰ দৰজাখন গুৰিয়াই ভাঙো যেন কৰে | পলাশীৰ ৰুগীয়া দেউতাকক ওভোত মাতেৰে টকা বিচাৰে | তাৰ পাছত চৰুৰ ভাত বিচাৰে | ভাত পালে গো-গ্ৰাসে খাবলৈ ধৰে আৰু নাপালে চৰু চেপেটা কৰে | কেতিয়াবা দেউতাকক মাৰো যেন কৰে | মাৰিবলৈ নাপালে দা লৈ বেৰ কাটে, নহ’লে বাৰীখনত উঠি অহা অমিতা গছ, তামোল পুলি একে ঘাপতে কাটি দুছেও কৰে | কেতিয়াবা খং উঠিলে পলাশী আৰু ভনীয়েক নীলাশীক মাৰিবলৈ খেদি ফুৰে | সিহঁত দুজনীয়ে ভয়তে হাবিলৈ দৌৰ মাৰে | গছৰ তলত বহি দুয়োজনীয়ে দেউতাকৰ সতে গোটেই ৰাতিটো কটাই দিয়ে | পলাশীয়ে তেতিয়া দেউতাকে কোৱা শুনে | উ: ভগৱান, মোক এনে সন্তান নালাগে | মাৰি নিয়া ভগৱান, মাৰি নিয়া | ককায়েকৰ উদ্ভণ্ডালি দেখিও দেউতাক কিয় নিৰ্বিকাৰ পলাশীয়ে ক’ব নোৱাৰে | ঠাণ্ডা আৰু ভয়ত সিহঁত দুজনী ঠক্ ঠক্ কৈ কঁপে | দুয়োজনীকে বুকুৰ মাজত সুমোৱাই দেউতাকে সাৱটি থাকে | পলাশীৰ তেতিয়া মাকলৈ মনত পৰে | কিন্তু, তাইৰ মাক যে মানসিক বিকাৰগ্ৰস্ত নাৰী | ঘৰত প্ৰায়েই নাথাকে | বাটে-পথে, হাবিয়ে-বননিয়ে, মন্দিৰ-মছজিদে ঘূৰি ফুৰে | কেতিয়াবা গছৰ তলত, কেতিয়াবা মানুহৰ ঘৰৰ বাৰাণ্ডাত, কেতিয়াবা মন্দিৰৰ বাকৰিত নিশাটো কটাই দিয়ে | বহুতে কয়, পলাশীৰ মাকজনী ‘পাগলী’ বুলি আৰু আন বহুতে কয় ‘বুঢ়া ডাঙৰীয়া লম্ভি আছে বোলে’ | কিন্তু নিশা হাবিয়ে বননিয়ে ঘূৰি ফুৰিলেও পলাশীৰ মাক ‘দানৱী’ নহয় ‘মানৱী’হে | সমাজত প্ৰতিফলিত হোৱা আজিৰ মানৱৰ অন্য ৰূপ | দাৰিদ্য, নিষ্পেষিত, নিপীড়িত, স্খলিত, সমাজৰ এটা ৰূপ | আকাশত থকা তৰাবোৰৰ মাজৰে পৰা পপীয়া তৰা খহি পৰাদি সপোনবোৰে খহি পৰাৰ অন্য এটা ৰূপ | ‘পাগলী’ হ’লেও পলাশীয়ে মাকক ভাল পায় | তাই আশা কৰে মাক ঘৰখনলৈ পুনৰ ঘূৰি আহক | নীলাশীক কোঁচত লৈ ওমলাওক | ৰাতি শুওঁতে নিচুকণি গীত গাৱক | বুঢ়ী আইৰ সাধু শুনাওক | কেইবছৰমান আগতে টুপুক-টাপাককৈ খোজ কঢ়া দুষ্টালি কৰা ভনীয়েকক ভাত খুৱাবলৈ হাতৰ মুঠিটোত ভাতটোপা লৈ খেদি ফুৰাৰ দৰে আজিও খেদি ফুৰক | মাকে আগৰদৰে সূতা কাটক | তাত বওঁক | ভাত ৰান্ধক | সুখৰ এসাঁজ ভাত ৰান্ধক | সন্ধিয়া ভগৱানক আৰতি কৰিবলৈ শিকাওক | কিন্তু…..| এইবোৰ কথাকে পলাশীয়ে ভাবি থাকে | এসময়ত মাকে কৰা সৰু-ডাঙৰ কামবোৰ আজিকালি প্ৰায়ে তাই কৰিবলৈ চেষ্টা কৰে | আকাশলৈ চাই তাই ভাবে, আকাশক তাই সোধে……এইবোৰ কি হ’ল ? কিয় হ’ল ? কিন্তু আকাশখনো তাইৰ মাকৰ দৰেই নিৰ্বিকাৰ | দেউতাকে হাতত গুজি দিয়া কিতাপ লৈ তাই স্কুললৈ যায় | তাই পঢ়ে | মনপুতি পঢ়ে | মোৰ সতে কথা পাতে | মই শুনো তাইৰ প্ৰতিটো কথা | আজি তাইৰ তেনে কথাত মোৰো চকুপানী ওলাল | স্কুল এৰিব লগা হ’লে তাইৰ কি হ’ব ? মোৰ দৰে তাইয়ো যে সপোন দেখে | আকাশৰ সপোন ! জোনবাইক তৰা এটি খোজাৰ সপোন | কিতাপৰ মাজতে তাইৰ সপোনটো জীয়াই আছে | নাই ! নাই ! পলাশীক স্কুল এৰিবলৈ দিব নোৱাৰি | এই কথাবোৰ মই আইক ক’ম | আয়ে নুশুনিলে পিতাক ক’ম | পিতায়ে নুশুনিলে মামাক ক’ম | ব্যস্ততাৰ মাজত কোনেও নুশুনিলে মামাই শুনিবই শুনিব | মামা অশিক্ষিত হ’ব পাৰে | অৰ্থাত্ উচ্চশিক্ষা নাথাকিব পাৰে | কিন্তু মামাই পঢ়াশুনাত ধাউতি ল’ৰা-ছোৱালী বুলিলে মৰম কৰি মৰিব পৰা মানুহ | মামাই প্ৰায়ে কোৱা শুনো……”আমি পঢ়াৰ পৰিবেশ নাপালো | পোৱাহেঁতেন আমিও পঢ়িলোহেঁতেন | খুউব পঢ়িলোহেঁতেন | কিন্তু আমাৰ ঘৰখনত তেনেকৈ পঢ়াৰ কোনো পৰিবেশ নাছিল | ”যদি তেনে পৰিবেশ যদি কাৰোবাৰ নাথাকে মই সহায় কৰিম |” মামাৰ সেই কথাখিনিয়ে মোক সাহস দিলে | সঁচাই মামা মোৰ প্ৰেৰণা | মই মামাক বুজাই ক’ম পলাশীৰ কথা | মামাই মোক এদিন এই কথাও কৈছিল….”অকল পৰিবেশেই নহয় মাইনী, পঢ়া-শুনাৰ ক্ষেত্ৰত মনৰ জোৰ লাগে | একাগ্ৰতা লাগে | সেই মনৰ জোৰত মই পঢ়া হ’লেও……মামা নীৰৱ হয় | এটি হুমুনিয়াহ কাঢ়ি তেওঁ মোক হাঁহি হাঁহি শুৱাই এইদৰে…….
আমাৰে মাইনা শুব এ
মনপুতি কিতাপ ল’ব এ
পঢ়িব, লিখিব আমাৰ মাইনী
ডাঙৰ হৈ ভাল মানুহ হ’ব
মাইনী টোপনি যাব…….!

আজি সেই ৰিণি ৰিণি সুৰ মোৰ হৃদয়লৈ বৈ আহিল | মই কেতিয়া টোপনি গলো ক’ব নোৱাৰিলো | মই নিচিন্তে টোপনি গ’লো |


পূবালী সূৰুযৰ কাঁচিয়লি ৰ’দত উক্-মুকাই উঠা মৰম মৌচুম পুৱাটোৱে সেউজপুৰ গাঁওখনক সৰৱ কৰি তুলিলে | দিচাং নৈখনে আমাৰ গাঁওখনিক মাকৰ মৰমেৰে সাৱটি ৰাখিছে | এনে লাগে যেন নৈখনক সুধিলেও আমাৰ গাঁৱৰ সকলো কথা কৈ দিব | নদীৰো সপোন থাকে | সভ্যতা গঢ়াৰ সপোন | সঁচায়ে প্ৰতিখন নদীয়ে সভ্যতা গঢ়ে | যুগে যুগে এক নতুন সভ্যতা নদীয়ে গঢ় দিয়ে | সভ্যতাই চিনাকি কৰাই দিয়ে প্ৰতিটো যুগৰ এখন এখনকৈ ছবি | দিচাং নৈখন আগতেও বৈছিল, এতিয়াও বৈ আছে আৰু আগলৈও বৈ থাকিব | এই নদীখনৰ বুকুতে কতৰ কিমান স্মৃতি জড়িত হৈ আছে, সেয়া কেৱল দিচাঙে জানে | মোৰ ককাৰ সমাধি ক’ত ? মোৰ আইতাৰ সমাধি ক’ত ? মোৰ আত্মীয়ৰ সমাধি ক’ত ? দিচাঙে কৈ দিব; এই দিচাঙত মোৰ ককায়ে সাঁতুৰিছিল, আইতায়ো গা ধুইছিল, আজিকালি আমি ধোওঁ | সেইকথা দিচাঙৰ থিয় গৰাইহে দেখি আছে | পিতাহঁতে কয়, সেউজপুৰ গাওঁখন ককাহঁতে গঢ়িছিল | গছ-গছনি, হাবি-জংঘলেৰে সেউজীয়া হৈ থকা এখনি মৰমলগা গাওঁ | দিচাঙৰ কুলু কুলু সুৰে মতলীয়া কৰা গাওঁ | বহল পথাৰৰ সোণালী ধানেৰে মোহনীয়া কৰা গাওঁ | দ’ বহল পথাৰৰ সিমূৰত থকা নীলা নীলা পাহাৰৰ মাদকতা অনা গাওঁ | গাওঁখনৰ একাষে থকা সেউজীয়া চাহ বাগিছাৰ এটি কলি দুটি পাতে মোহাচ্ছন্ন কৰা গাওঁ | মুঠতে যি গাঁৱত থকাৰ সোৱাদ জন্মৰ পৰাই পোৱা নাই, তেওঁ পৃথিৱীৰ প্ৰকৃত সুখৰ পৰা বঞ্চিত | বোকাৰ গোন্ধও যে কিমান মিঠা হ’ব পাৰে সেয়া কেৱল মাটিৰ প্ৰেমিকে বুজি পায়, চিনি পায় | তেওঁৱেই পৃথিৱীৰ আদিম প্ৰেমিক | তেওঁক মই ভাল পাবলৈ শিকিলো | ভালপাওঁ মোৰ আইৰ চিনাকি গোন্ধ | মোৰ মাটিৰ গোন্ধ | কেতিয়াবা পথাৰৰ প্ৰেমত পৰে দিচাং নদী | তাই বাৰিষা দুদিন-তিনিদিনৰ বাবে লৰি আহে পথাৰলৈ | এবোজা পলস যাঁচি উভতি যায় নিজৰ বাটলৈ | শান্ত, সমাহিত হৈ পুনৰ বৈ যায় ব্ৰহ্মপুত্ৰলৈ, ব্ৰহ্মপুত্ৰৰ পৰা সাগৰলৈ, সাগৰৰ বহল বুকুলৈ |

সেউজপুৰ গাঁৱলৈ যি এবাৰ আহে, সি উভতি যাব নোৱাৰে | কিবা মোহ লাগে হেনো | প্ৰথমতে নিজা গাওঁ বাবে মই এই কথা উপলব্ধি কৰা নাছিলো | কিন্তু স্কুলৰ গৰম বন্ধত মোৰ সম্বন্ধীয় ককাইদেউৰ ল’ৰা ৰণীৰ কথাৰ পৰাহে এইকথা মই উপলব্ধি কৰিলোঁ | মোতকৈ সি দুবছৰ ডাঙৰ যদিও সমনীয়াৰ দৰে | ৰণীয়ে গাওঁ ভাল পায় | গৰম বন্ধৰ গোটেই মাহটোত সেউজীয়া কঠিয়ানিৰ মাজে মাজে আমি দৌৰি ফুৰোঁ | কণ কণ জিঞাবোৰ খেদি ফুৰোঁ | কঠিয়া তোলো | বোকা খচকো | মাছ ভৰি থকা বিলখনত কলগছৰ ভূঁৰ বনাই আমি পৰীক্ষা কৰো কেনেকৈ নাও চলাব পাৰি | কেতিয়াবা ৰণীয়ে কোৱা কথাবোৰ মোৰ ডাঙৰ মানুহে কোৱা কথাবোৰৰ দৰে লাগে | কিতাপৰ পোক ৰণীৰ সান্নিধ্যতে সাৰ পাই উঠিল মোৰ অনন্য জীৱন | অবাবত সময় নষ্ট নকৰা জীৱন | সি কয় পৃথিৱীৰ কথা | কেতিয়াবা আকাশৰ মই ভাবি থকা তৰাটো তাৰ বুকুতে সোমাই থকা যেন লাগে | সি কিন্তু আকাশৰ কথা নকয় | পৃথিৱীৰ কথাহে কয় | লেনিনৰ কথা কয়, ৰুছোৰ কথা কয় | সি হেনো চহৰত থকা অংকুৰ লাইব্ৰেৰীয়ে যোগান ধৰা ছোভিয়েট ৰাছিয়াৰ কিতাপ পঢ়ি ভাল পায় | মই তাৰ কথাবোৰ শুনি থাকোঁ | এদিন সিয়েই মোক অসমখনিত থকা দুৰ্নীতিৰ কথা ক’লে | সি ক’লে —–
—–মাইনী, তই বাতৰি কাকত পঢ়নে ?
—–পঢ়ো,
—–তাত অসমত ঘটি থকা ঘটনাবোৰ কেনে লাগে ?
—–বৰ ভয় লাগে, বৰ দুখ লাগে ৰণী | হঠাত্ বহুতদিন কাক সুধিম, কাক সুধিম বুলি ভাবি থকা কথাটো মই তাক সুধি পেলালো |
—–মানুহে মানুহক কেনেকৈ মাৰিব পাৰে ৰণী ? সি অলপ মোলৈ চাই নদীখনত চকু থৈ ক’লে—-
—–নাজানো মাইনী কেনেকৈ মাৰিব পাৰে ? কিন্তু মাত্ৰ জানো কিয় মাৰিব পাৰে | সৃষ্টিৰ বাবে হেনো ধ্বংসৰ প্ৰয়োজন | আৰু ডাঙৰ হ’লে হয়তো ভালকৈ বুজিব পাৰিম | তয়ো তেতিয়া বুজিব পাৰিবি | তাৰ পাছত হঠাত্ মনত পৰাৰ দৰে ক’লে—–সৰুতে ”দেশতকৈ মোমাই ডাঙৰ নহয়” নামৰ লেচনটো পঢ়া নাছিলি জানো ?
—–ওঁ পঢ়িছিলো | কিয় ?
—–তাত লাচিতে নিজৰ মোমায়েকক কাটিব পাৰিছিল | কিয় পাৰিছিল ?? লাচিতে জানো নিজৰ মোমায়েকক ভাল পোৱা নাছিল ? তথাপিও কিয় পাৰিছিল কাটিবলৈ ? তাৰ পিছত সি দৃঢ়ভাৱে ক’লে—–দেশৰ কাৰণে পাৰিছিল | দেশখনক হিয়া উজাৰি ভালপোৱাৰ কাৰণে পাৰিছিল | দেশখনক ৰক্ষা কৰিবৰ কাৰণে কৰ্তব্যক অৱহেলা কৰা মানুহক লাচিতে ঘিণ কৰিছিল | মোমায়েকক সেই সময়ত তেনে ৰূপত দেখিছিল বাবেই কাটিব পাৰিছিল হয়তো !
ৰণীৰ কথাবোৰ ৰ’ লাগি শুনিছিলো | হীৰুদাৰ কবিতাটি সি গোৱা শুনিছিলো—–
দেশ বুলি ক’লে আদেশ নালাগে |
মোৰ তুমৰলি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা !


গোটেই গৰম বন্ধটো থাকি ৰণী গ’লগৈ | ৰণীৰ সান্নিধ্যতে এমাহত বহুত ডাঙৰ হ’লো যেন লাগিল | কিন্তু বহুত কথা মোৰ বাবে সাঁথৰ হৈ ৰ’ল | পঢ়িলে শুনিলে মানুহ জ্ঞানী হয়, শিক্ষিত হয় | শিক্ষিত মানুহ দেশৰ গৌৰৱ হয় | কিন্তু কেৱল অভিযন্তাই নহয়, বহুত শিক্ষিত মানুহক, উচ্চপদস্হ চৰকাৰী চাকৰি কৰা মানুহক ”মুক্তিবাহিনীয়ে” কিয় মাৰিছে ? কিয় ? মোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ বেছি দিন নালাগিল | অৱশেষত এদিন–মটৰ চাইকেলত দুজন যুৱক আমাৰ ঘৰত উপস্থিত হ’ল | বিভিন্ন আলহীৰে পূৰ্ণ আমাৰ ঘৰখনত দাদা-বাইদেউৰ লগৰবোৰে মোক ভন্টি বুলি মৰম কৰে | মই তেওঁলোকক বঢ়িবলৈ ক’লো | এজনে ক’লে—–
—–”ভন্টী, আমি তোমাৰ দাদাৰ লগৰ |” মই শলাগিলো | মোৰ একমাত্ৰ দাদা তেতিয়া গুৱাহাটীৰ এখন কলেজৰ ভূতত্ব বিভাগত স্নাতক পঢ়ি থকা ছাত্ৰ |
—–তোমাৰ নামটো কি ? এজনে মৰমেৰে সুধিলে |
—–নম্ৰতা বৰুৱা |
আই- পিতায়ে পুত্ৰসম মৰম যাচি আলহীক শুশ্ৰূষা কৰিলে | তেওঁলোক সন্ধ্যা অহা বাবে সময় যথেষ্ট হ’ল | থাকিল আমাৰ ঘৰত | লাহে লাহে গম পালো দাদাৰ লগৰ এজনহে | আনজন লগৰজনৰ বন্ধু | ময়ে কথা-বতৰা পাতিছো | বহুতো সাধাৰণ জ্ঞানৰ প্ৰশ্ন সুধিলে তেওঁলোকে | উত্তৰ দিলো নম্ৰভাৱে | বহুতো জ্ঞান-বিজ্ঞানৰ প্ৰশ্ন আৰু বহুতো সাঁথৰ সুধিলে, ক’লো | দাদাৰ লগৰজন গুজৰাটৰ বৰোদাৰ পৰা ‘ফাইন আৰ্ট’ত প্ৰথম শ্ৰেণীৰ ডিগ্ৰী লৈ আহিছে | শিক্ষাৰ কথাৰ জৰিয়তে লাহে লাহে মই বহুতো প্ৰশ্ন কৰিব ধৰিলো | তেওঁলোকে উত্তৰ দিলে |
—–উগ্ৰপন্থী, মুক্তিবাহিনী এইবোৰক মই খুউব বেয়া পাওঁ, কিয় সিহঁতে ইমান ভাল ভাল ইঞ্জিনীয়াৰবোৰক মাৰিছে ? কিয় ভাল ভাল মানুহবোৰক হত্যা কৰি ফুৰিছে ? কিয় তেওঁলোকে অশান্তি কৰি ফুৰিছে ? কিয় কিয় ? মোৰ প্ৰশ্নত সিহঁত দুজনে পৰস্পৰে চোৱা-চুই কৰিলে | তাৰ পিছত দাদাৰ লগৰজনৰ বন্ধুজনে ক’লে—–
—–বুজিছা ভন্টী, তুমি এতিয়াও সৰু ছোৱালী হৈ আছা | সেয়ে কথাবোৰ ভুল বুজি আছা | ডাঙৰ হ’লে সকলো ভালদৰে বুজি পাবা | তাৰপিছত বৰ সৰলতাৰে দাদাজনে ক’লে—–
—–ভন্টী, মুক্তি মানে কি জানা ? স্বাধীন | স্বাধীন মানে আনৰ অধীন নোহোৱা | শুনা, তোমাৰ যদি ভাল কিবা এটা কৰিবলৈ মন থাকে | কৰিব পাৰা নহয় জানো ? কাৰণ তোমাক সেইবোৰ কৰিবলৈ দিছে ঘৰখনে | আকৌ ধৰা তোমাৰ ভাল প্ৰতিভা কিছুমান আছে, সেইখিনি কৰাৰ অধিকাৰ তোমাৰ আছে, তাৰ বিপৰীতে তোমাক তেনে কৰিবলৈ যদি ঘৰৰ কোনোবাই বাধা দিয়ে, তেতিয়া তোমাৰ কেনে লাগিব ? তোমাৰ দুখ লাগিব, খং উঠিব; তুমি তাৰ যুক্তি বিচাৰিবা, কাৰণ বিচাৰিবা, কিয় তোমাক কৰিবলৈ নিদিয়ে, নহয় জানো ?
—–ওঁ হয়, মই ভাবি ক’লো |
—–ঠিক সেইদৰে, আকৌ এনেদৰে ভাবাচোন, তোমাৰ পিতাৰাই তোমালৈ কিনি অনা চোলা বা কিতাপ এখন যদি কোনোবাই জোৰ-জবস্তি কাঢ়ি লৈ লয় তুমি জানো সেই চোলাটো নতুবা কিতাপখন পাবলৈ চেষ্টা নকৰিবা, তোমাৰ খং নুঠিব জানো ?
—–নিশ্চয় উঠিব | কিন্তু তেনে কাম কোনে কৰিব ? কোনেও নাইকৰা মোক ?
—–তোমাকহে নাইকৰা, তোমাক মই উদাহৰণ দিহে বুজাব খুজিছো | ধৰা, তোমালোকৰ ঘৰৰ বাৰীত বহুত কমলাটেঙা লাগি আছে, পকিছে | সেইবিলাক তোমালোকে বিক্ৰী কৰিব পাৰা | খাব পাৰা ইচ্ছামতে | অন্য কাৰোবাকো খাবলৈ দিব পাৰা, যদি তোমাৰ বাৰীৰ পৰা বেলেগ বা আন কোনো মানুহে হাকুটিয়াই যদি টেঙাবিলাক লৈ যায়; তোমালোকৰ কাৰো একো মাত নমতাৰ সুযোগ লৈ, সেইবিলাক সিহঁতৰ বুলি ভাবি যদি খায়গৈ, বিক্ৰী কৰেগৈ, তোমাৰ জানো ভাল লাগিব সেইবোৰ মানুহক ? তেনে মানুহবোৰৰ ওপৰত খং নুঠিবনে ?
—–কিয় নুঠিব দাদা ! এয়াতো অন্যায় | মই চিঞৰি উঠিলো |
—–তেন্তে তুমি কিয় বুজা নাই বুলি কৈছা; আজিৰ অসমত ঠিক এনেকুৱাই চলিছে; আমি পাব লগা সুবিধাখিনি আনে কাঢ়ি লৈ গৈছে | আমাৰ অসমীয়াই পাবলগীয়া চাকৰিবিলাক আন মানুহে অধিকাৰ কৰি লৈছে | অসমৰ যিটো চাহ উদ্যোগৰ প্ৰধান কাৰ্যালয়, সেইটো কলিকতাত আছে | অসমৰ চাহপাতৰ সকলো নিলাম তাত হয় | তেনে কেন্দ্ৰস্হল অসমত হোৱা হ’লে বহুতো অসমীয়া যুৱকে নিবনুৱা সমস্যাৰ সন্মুখীন নহ’লহেঁতেন, যিটো উদ্যোগত বঙ্গৰ বনুৱাইহে কৰ্মীৰূপে উপযুক্ত জীৱন কটাইছে | ভাৰত চৰকাৰে অসমীয়াক খেলৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে প্ৰায়ে | চাহপাতৰ পৰা পোৱা প্ৰাপ্য কৰখিনিও চৰকাৰে কমকৈ দিয়ে | কিন্তু আজিৰ অসমৰ ডেকাশক্তি বুৰ্বক হ’ব নোৱাৰে নহয় | সিহঁত ঐক্যমত হৈছে | অসমত হোৱা দুৰ্নীতি, অত্যাচাৰৰ বিপৰীতে সিহঁতে সংগ্ৰাম কৰিব | স্বাধীন অসম গঢ়াৰ উদ্দেশ্যেৰে সিহঁতে ভ্ৰষ্টাচাৰীক শাস্তি দিব | সিহঁতক প্ৰাপ্য অধিকাৰ লাগে | সেয়ে আলফাৰ সৃষ্টি হৈছে, সিহঁতে মদৰ মহলবোৰ ভাঙিছে | মদ খোৱা মানুহক শাস্তি দিছে | কু-সংস্কৃতিত সোমাই পৰা মানুহক উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে |
—–অ’ আই, ইমান ভাল কামবোৰ কৰিছে এই মুক্তিবাহিনীয়ে | মদ বন্ধ হৈ গ’লে যে কিমান ভাল হ’ব ? বিস্ময় মানিলো মই | ভাল লাগিছিল | প্ৰকৃততে মোৰ মনত এক দেশপ্ৰেমৰ ভাব জাগি উঠিল | যেতিয়া এই আন্দোলনকাৰীয়ে কঠোৰ শ্ৰম কৰি গাঁৱৰ মানুহৰ সতে এক হৈ খেতি কৰিলে | বানপানীত পীড়িত লোকক সহায়-সহযোগ আগবঢ়োৱাৰ উদ্দেশ্যে এক হৈ পুন: ভূঁই ৰুলে | চৰাইপুং বননিত, লক্ষীপথাৰ ধাননিৰ মাজে মাজে একত্ৰিত মানুহৰ হাতৰ পৰশ লাগি লহপহকৈ বাঢ়ি আহিল শস্য | থোকাথোকে ধান লাগিল | ৰাইজে নখ জোকাৰিলে নৈ বয় | ববই | দেশৰ সজ কামত ৰাইজৰ সঁহাৰি লাগে | লাগে একতা | একতাই আনে সাহস | সাহসে আনে জয়, প্ৰগতি | দাদাজনক মনে-প্ৰাণে ধন্যবাদ দিলো, মোক জ্ঞান দিয়াৰ বাবে | তাৰপাছত মনে মনে সংকল্পবদ্ধ হ’লো দেশৰ হকে আৰু মোৰ আই অসমীৰ হকে কিবা এটা ভাল কাম মই কৰিব লাগিব | প্ৰথমে নিজকে গঢ়িবৰ চেষ্টাত লাগিলো | শিক্ষাই জীৱনৰ জ্ঞানৰ দুৱাৰ মুকলি কৰে | হাতৰ আঙুলিত ধৰি শিক্ষাই শিকাই দিয়ে মানুহক মানুহ ৰূপে গঢ়ি তোলাত; অনন্ত বিশ্বক চিনাই দিয়াত শিক্ষাই মুখ্য ভূমিকা পালন কৰে | ই নিসঙ্গক সঙ্গ দিয়ে | বহল জগতখনৰ এই কথাবোৰ পলাশীক ক’ব লাগিব | মোৰ অকণমানি মনটোক, বিশ্বৰ প্ৰতি প্ৰান্তৰ পৰা যেন ৰিণি ৰিণি সুৰে কোনোবাই কয়………
”মা ফুলেষু কাদাচন;”
নয়নযুৰি মুদি মই সেই সদায় সন্ধ্যা কওঁ—–
অসতো মা সত্গময়্
তমসো মা জ্যোতিগময়্
মৃত্যু মা অমৃতংগময়্
ওম: শান্তি: শান্তি: শান্তি:………|


আগলৈ……

admin

Leave a Reply