জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা
( যোৱা সংখ্যাৰ পিছৰ পৰা )
মানুহ জীৱশ্ৰেষ্ঠ | মানুহৰ বাবেই যেন সুখ-দুখ, হাঁহি-কান্দোন | মানুহে কথা ক’ব পাৰে, গান গাব পাৰে, নাচিব পাৰে, ভাবিব পাৰে, খেলিব পাৰে, পঢ়িব পাৰে, লিখিব পাৰে, গাড়ী চলাব পাৰে, উৰিব পাৰে, নতুন নতুন সৃষ্টি কৰিব পাৰে | সৃষ্টিৰ অনাদিত মানুহ অভ্য়স্ত | ইচ্ছাই মানুহৰ হাতিয়াৰ | গতিকে মানুহে ভবাত আপত্তি নাই | সঁচাকৈ মানুহে মানুহৰ সকলো কাৰ্যত কোনোৱে বাধা দিব পাৰেনে ? হয়তো পাৰে | হয়তো নোৱাৰে | কিন্তু এজন মানুহে আন এজন মানুহক বাধা দিব নোৱাৰা এটাই বস্তু আছে, সেইটো হৈছে মনৰ অব্যক্তভাব আৰু চিন্তাবোৰ | কাকো অলপো আমনি নিদিয়াকৈ ভাবি যাব পাৰি; কোনে বাধা দিব ? কোনে জানিব কোনে কি কথাৰে মনৰ ভাববোৰক মনতে সজাই দূৰ-দিগন্ত পোৱাইছেগৈ | কোনে জানে কাৰ মনৰ ভাবে কি পাকচক্ৰত পৰি চাকনৈয়াৰ সৃষ্টি কৰি সোমাই আছে | কাৰোবাৰ ভাবেৰে সপোন সৃষ্টি কৰিছে | পিতাই যেতিয়া বাৰীত মনে মনে কাম কৰি থাকে, মই ভাবো পিতাই অকল কামটোতে মগ্ননে ? আন কথা ভাবি থকা নাইনে বাৰু ? যদি ভাবিছে কি ভাবিছে বাৰু ?? আয়ে যেতিয়া ভাত ৰান্ধি থাকে, মনে মনে পাচলি কুটি থাকে, আইৰ কাষলৈ গৈ অন্বেষণ কৰো | আয়ে কেৱল পাচলি কটাত মগ্ননে ? নাই, নাই আয়ে অকল পাচলি কুটি থকাৰ কথা ভবা নাই; অন্য এক ভাবত আই বিভোৰ | কিন্তু তথাপিও প্ৰতিটো কাম আয়ে চিজিল কৈ কৰি গৈছে | ক’তো খুঁত নাই | অথচ্ আয়ে আন কিবা ভাবত নথকাও নহয় | কিন্তু আয়ে ধৰা নিদিলে মোক | মোলৈ চাই সুধিলে—–

—–ভোক লাগিছে নেকি মাইনী ? আঞ্জা হ’বই এতিয়া | অলপ ৰ’ |
—–ওঁহো নাই লগা | বৰ ঠাণ্ডা লাগিছে | সেয়ে জুইৰ কাষলৈ আহিছো |

আচৰিত, আইৰ বাহিৰৰ ৰূপটো মই ঠিকেই দেখিলো | কিন্তু অন্তৰৰ ৰূপটো ? নেদেখিলো; হয়তো দেখা নাপামো কেতিয়াও | মই বাৰু কথাৰ অংশীদাৰ নহওঁ | কিন্তু, পিতা মাৰ কিমান কাষৰ, কিমান ওচৰ, ইজনৰ ওচৰত সিজন সমৰ্পণ | ইজন, সিজনৰ সুখ-দুখৰ সমভাগী | নিশা সপোন এটা দেখিলেও মাজৰাতি সাৰ পাই আইয়ে পিতাইক সপোনটো কয় আৰু পিতাইয়ে শলাগি শুনি যায় | কোনেও কাকো কথা লুকুৱাই নথয় | এক মধুৰ বুজা-পৰা সম্পৰ্ক | আয়ে বাৰু জানিব পাৰেনে পিতাইয়ে মৌন অৱস্থাত কি ভাবি থাকে, আৰু পিতায়ে শুনি পায়নে মাৰ অন্তৰ খনে কি ভাবেৰে কথা কৈ থাকে ? ইস, নাপায় নাপায়, পোৱাহেঁতেন কি হ’লহেঁতেন বাৰু ?

—–পলাশীহঁত বাহিৰত আছেনে ?
—–আছে আই | কিবা ক’ব নেকি ?

—–ওঁ, সিহঁতকো ভাত খাবলৈ কগৈ যা | অথনিৰে পৰা তোৰ লগত খেলি আছে, সিহঁতৰো ভোক লাগিব পায় | আইৰ কথা শুনি মই একেলৰে চুকুৰমণি আৰু পলাশীৰ কাষ পালোগৈ | সিহঁত দুজনীয়ে কথা পাতি আছিল | মই ভাত খোৱাৰ কথা কোৱাৰ লগে লগে দুয়োজনীৰ মুখত হাঁহি বিৰিঙিল | সেই হাঁহিত ময়ো যোগ দিলো | ভাত খাবলৈ পিতাক মাতিবলৈ গ’লো | পিতায়ে গৰুক পানী খুৱাই আছিল | হঠাত্ পদূলিত দেখিলো নয়নককাইদেউ আহি আছে |

—–নয়নকাইটি তোমাক দেখি প্ৰথমে চিনিবই পৰা নাছিলো | ভালনে ?
—–হয়নেকি মাইনী ? মই কিন্তু তোমাক দূৰৰপৰাই চিনি পাইছো |
—–ইছ্ তুমি মিছা কথা কৈছা |
—–নহয় মাইনী মই সঁচা কথা কৈছো | আৰু তোমাকনো সঁচা নকৈ পাৰোনে ? বাৰু কোৱাচোন তুমি মোক কিয় চিনি পোৱা নাছিলা ?
—–মুখত ইমানসোপা দাঢ়ি ৰাখিছা | কেনেকৈ চিনি পাম ? তুমি বৰ খীণাইছা ককাইটি |
—–ওঁ, বৰ কষ্ট হৈছে মাইনী | সেয়ে খীণাইছো |
আজি নয়ন ককাইটিক কিয় জানো মোৰ অচিনাকী মানুহ যেন লাগিছে | তাৰ মুখলৈ একেথৰে ৰ’ লাগি চাই থাকিলো | পিতায়ে গৰুক পানী খুৱাই আমাৰ কাষ পালেহি |
—–ছাৰ ভালনে ? সি পিতাক শ্ৰদ্ধাৰে সুধিলে |
—–অ’ নয়ন, ভাল; ভাল ! তোৰ কেনেকুৱা ?
—–ভালেই ছাৰ |
পিতায়ে সোধো নুসোধোকৈ সুধিলে—–
—–নয়ন তোৰ কথা এটা শুনিছিলো, সঁচানেকি ?
—–সঁচা ছাৰ, সি লাহেকৈ ক’লে |
পিতায়ে পুনৰ সুধিলে—–
—–হঠাত্ আই-পিতাহঁতক এৰি গুছি গলি ! কথাটো ভাল হ’ল জানো ?
—–নাজানো ছাৰ; নিজৰ কথা অকণো চিন্তা নকৰাকৈ গুছি গ’লো | ভাল হ’ব বুলিয়েই ওলাই গৈছো ছাৰ, আচলতে মনটোক বুজাব নোৱাৰিলো ছাৰ | সেয়ে……
—–মাইনী, বৰপিতাই, ভাত বাঢ়িলে | আয়ে মাতিছে | পলাশীয়ে চিঞৰিলে ঘৰৰ ভিতৰৰ পৰা |
—–অঁ গৈছো বুলি মই সঁহাৰি দিলো |
পিতায়ে গহীন স্বৰেৰে ক’লে—–
—–হওক | ঈশ্বৰে তহঁতৰ মংগল কৰক | মইনো কি ক’ম ?
—–ভাল ছাৰ; আহিছো | সি আৰু এক চেকেণ্ডো নৰ’ল | দীঘল দীঘল খোজ দি সি আঁতৰি গ’ল | এবাৰ উভতি চাব বুলি যোৱাৰ ফালে চাই থাকিলো | সি নাচালে | কিয় জানো মোৰ বুকুৰ কোনোবা একোণত দুখ এটাই চকুলৈ উজাই আহিল | বুজা-নুবুজাকৈ মই ৰৈ থাকিলো | পিতায়ে ক’লে—–
—–ব’ল আইজনী, ভাত খাওঁগৈ |


চুকুৰমণিয়ে ক, খ পঢ়িব নাজানে | আচলতে স্কুললৈ যাবলৈকে নাপালে | আমাৰ ঘৰৰ ওচৰতে সিহঁতৰ ঘৰখন | সিহঁতৰ ঘৰখনত ইটোৰ পাছত সিটোকৈ জন্ম হৈ থকা ভায়েক-ভনীয়েকক মাকৰ দৰে ডাঙৰ-দীঘল কৰি থাকোতেই তাইৰ স্কুল যোৱা নহ’ল, পঢ়া লিখা নহ’ল | স্কুলৰ পৰা আহি আবেলি সৰু বাইদেউৰ ওচৰত অংক শিকি থাকিলে জুৱেলক কোঁচত লৈ তাই আমাৰ পঢ়া চাই থাকে | তাইৰ চকুহালিক মোৰ খুউব ভাল লাগে | তাইৰ চেলাউৰিযোৰ বৈ পৰা | দীঘল দীঘলকৈ নোম থকা ডাঙৰ ডাঙৰ ক’লা চকু দুটাৰে বৰ আগ্ৰহেৰে তাই চাই থাকে | প্ৰায়ে তাই বৰ আলফুলে আমাৰ কলম দুটা চুই চায় | লিখি চাই | কি লিখে তাই বুজি নাপায় | আমিও নাপাওঁ | আমি হাঁহো, তাইও হাঁহে | আৰু এটা কাৰণত তাইক ভাল লাগে | তাইৰ কণ্ঠটো বৰ শুৱলা | বৰ সুৰীয়া মাতেৰে তাই ঝুমুৰ গীত গাই ভায়েকক ওমলাই থাকে | তাই বৰ সহজ-সৰলকৈ আহি সুধিলে—–

—–তহঁতি নেখেলিবি নেকি মাইনী ?
—–ওহোঁ নেখেলো | আমাৰ বছৰেকীয়া পৰীক্ষা পাইছেহি নহয় | সেয়ে পঢ়িব লাগে | চুকুৰমণি নিৰাশ হ’ল | এইখিনি সময়ত তাই আমাৰ সৈতে খেলিবলৈ আহিছিল বুলি মই বুজি পালো | কিন্তু এতিয়া আমি তাইক দিব নোৱাৰো | খেলা-ধূলাতকৈ পঢ়া-শুনাটোৱেই এতিয়া আমাৰ প্ৰধান কৰ্তব্য | পঢ়িব পৰা হ’লে এই সময়ত চুকুৰমণিয়েও আমাৰ সৈতে পঢ়িলেহেঁতেন | কিন্তু তাইতো পঢ়িব নাজানে | তাইক সুধিলো—–

—–চুকুৰমণি, তোৰ পঢ়িবৰ মন যায়নেকি ?
—–যায় ত’ |
—–কিয় স্কুললৈ যাব নুখুজিলি ? পলাশীয়ে সুধিলে |
—–ক’ত যাবি ৰে, মাই বাগান ভাই-ভনীগিলাক কোনে চাব | হামদেৰ মানুহগিলা অকল ছোৱাগিলা জনম দিব জানে | ছোৱাগিলাক ”পঢ়াম, লিখাম” এই কথাভী ভাবতে নাই পাৰে | কেতিয়াবা মোৰ খুব মনে লাগি জানি, তহঁতৰ নিচিনা স্কুল গুচি যাম | লিখা-পঢ়া কৰিম |
—–কিয় ? তহঁতৰ মানুহৰো বহুত ল’ৰা-ছোৱালী আমাৰ স্কুললৈ যায় ?

—–যায় ত’ মই জানি নহয় | হামদেৰ তো কপালে নাইখে ৰে’ | তাইৰ কথাখিনি শুনি মোৰ বেয়া লাগিল | তাইক মৰমেৰে ক’লো—–
—–চুকুৰমণি, তোক আমি আমি দুজনীয়ে আখৰ লিখিবলৈ আৰু পঢ়িবলৈ শিকাম | শিকিবি ?
—–শিকালে শিকিব ত’ | মোৰ নামটো লিখিব পাৰলে ভি বহুত ভাল লাগবেক্ | মোৰ নাম চুকুৰমণি, চুকুৰমণি উৰাং | তাই তাইৰ নামটো মুখত আওঁৰালে | চুকুৰমণি আমাৰ সমবয়সীয়া | দুজনী ভনীয়েক আৰু তিনিটা ভায়েক | তাইৰ মাক-বাপেকে চাহ বাগানত কাম কৰে | তাইক আমাৰ সৰু বাইদেউৱে বৰ মৰম কৰে | আমাৰ দুজনীক মৰম কৰাৰ দৰে |

এদিন সৰু বাইদেউৱে তাইক এখন চিলেট আৰু কেইডালমান পেঞ্চিল উপহাৰ দি ক’লে—–”মই তোক কিবা এটা কথা ক’লে আৰু কাম দিলে যে মন দি কৰ, সেইকাৰণে তোক মই এইখন দিছো |

চুকুৰমণিৰ চকুদুটা উজ্জ্বল হৈ উঠিল | চিলেটখন বৰ আবেগেৰে তাই বুকুত সাৱটি ল’লে | তাইৰ উজ্জ্বল চকুদুটাত আকাশৰ তিৰবিৰ তৰাটি মই খন্তেকৰ বাবে দেখা পালো | মই নিশ্চিত হ’লো চুকুৰমণিয়েও আজিৰ পৰা আকাশৰ সপোন দেখিব | সেই সপোন কেৱল তায়েই নেদেখে | তাইৰ ভায়েক-ভনীয়েকহঁতেও দেখিব | চুকুৰমণিয়ে সিহঁতক দেখুৱাব সেই সপোন |
ক্ৰমশ…..

admin

Leave a Reply