জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা

(যোৱা সংখ্যাৰ পিছৰ পৰা…)
স্কুলৰ পৰা আহি পলাশীৰ কথাটো আইক কোৱাৰ লগে লগে আয়ে খঙত দাং খাই উঠিল | প্ৰয়োজনতকৈ অধিক ধমক দি আয়ে ক’লে……
—–কি দৰকাৰ তই ইমানবোৰ কথা চিন্তা কৰাৰ | লোকৰ ঘৰত কি হৈছে ? কি খাইছে ? কি কৰিছে এইবোৰ খবৰ ৰাখিলে তোৰ পঢ়া-শুনা হ’বনে ? ইমান সৰু ছোৱালীজনীৰ ইমান ডাঙৰ ডাঙৰ কথা কিয় ? কোনো দৰকাৰ নাই এইবোৰত মজি থাকিবলৈ |

আইয়ে পিতাইক চিঞৰি চিঞৰি বকনি তুলিলে |
—–শুনিছেনে ? এই সৰু ছোৱালীজনীৰ পঢ়া-শুনা আধ্যা পৰিব যেন পাইছো | এজনীৰ লগ লাগি লৈছে নহয় | আঠা লগাদি | মাক পাগলী, ককায়েক গুণ্ডা | ভাল কামৰ ধান্দা নাই | ওপৰতে খাবলৈ লাগে | আগতে ৰুগীয়া বাপেকটোৱে আৰ ঘৰত তাৰ ঘৰত হাজিৰা কৰি তাৰে আকৌ ঘৰো চম্ভালিব ; মদো খাব | ঘৰখনৰ প্ৰতি কোনো দায়িত্ব নাই | লোকৰ ঘৰত মাহে মাহে চোমনি ৰাখিব | ঘৰখন কেনেকৈ চলে খবৰেই নাই | খোৱা-পিন্ধাৰে অনাটন | তাতে আকৌ ল’ৰা-ছোৱালীৰ পঢ়াৰ চিন্তা | ৰহিলাই এইবোৰ কথা চিন্তা কৰি কৰি পাগলী হৈ গ’ল | তথাপি তেনে এখন ঘৰৰ সমস্যা গোটেই গাঁৱৰ মানুহবোৰে ‘হাঁ’ কৰি চাই আছে, একো নাই | তই কি কৰিব পাৰিবি হুঁ | অনবৰত পলাশী পলাশী বুলি বলিয়া যে | আইয়ে খঙত অগ্নিশৰ্মা হৈ মোক খেদি অহাৰ দৰে কৰিলে | আইৰ এনে ৰূপ মই পিতাইৰ মদ খাওঁতেহে দেখো | আইৰ ৰুদ্ৰমূৰ্ত্তি দেখি ভয়তে মই পিতাইৰ কাষ পালোগৈ | আইয়ে এইবাৰ পিতাইক উদ্দেশ্যি ক’লে—–

—–শুনিছেনে এইৰ কিবা এটা ব্যৱস্থা কৰক | এনেকৈ চাই থাকিলে নহ’ব | তাৰপিছত মোক উদ্দেশ্যি ক’লে—–
—–আৰু তয়ো শুন ! তই তাইৰ লগ লবৰ দৰকাৰ নাই | যি হয় হৈ থাকক | গজ্ গজ্ কৈ ডেকা ককায়েকটো থাকোতে তাইৰ একো চিন্তাই থাকিব নালাগিছিল | পঢ়াই-শুনাই ইমান ভাল ছোৱালীজনীক বাপেক-ককায়েকেই মূৰটো খাইছে; তই কি কৰিব পাৰি ? শুন, আজিৰ পৰা যদি বেছি লগ হোৱা দেখো পিতাৰেও তোক বচাব নোৱাৰে কৈ দিছো | পিতাইৰ কোঁচত সোমায়েই সাহসেৰে আইক ক’লো—–
—–আই, পলাশীক বাপেকে বৰ মৰম কৰে | তাইক স্কুললৈ পঠায় নহয় !

—–পঠালে কি হ’ব ? পুতেকৰ ওপৰত কিবা শাসন আছে জানো ? বাপেকে তাৰ ভয়ত, তাৰ বেয়া কামত মাত এটাকে নামাতে | তেনে ল’ৰা ওভতগোৰে নানাচি কাৰ ল’ৰা নাচিব ? তাৰ ভয়ত সৰু ছোৱালী কেইজনী হাবিত থাকিব লাগে | আচৰিত ! আচৰিত ! এনেকুৱা যুগ হ’ল ঐ, ইছ ! ইছ ! শুনিছেনে ? ভৱেশক গাঁৱৰ ডাঙৰ মানুহসোপাই বুজাবগৈ নোৱাৰেনে বাৰু ? মৰমেৰে নুবুজিলে ঠিকছে বেটাই দিব লাগে | ঠিক হৈ যাব | কিমান দিনৰনো ল’ৰা এইটো ? নিজৰ পঢ়া গলেই ভনীয়েককো স্কুল এৰুৱাবলৈ আহে……| ৰহিলাই কম কষ্ট কৰি তুলিছিলনে সিহঁতক, এতিয়া তাই পাগলী হ’ল বুলিহে | নহ’লে নেখায়ো খুৱালেহেঁতেন তাই ! এই মতা মানুহবোৰে মাইকী মানুহবোৰৰ দুখ নুবুজে নহয়; পাইছে এতিয়া মজাটো |

আইয়ে সমস্ত ক্ষোভ মতা মানুহৰ ওপৰত জাপি দিয়াত মই আইলৈ ভেবা লাগি চাই থাকিলো | পিতালৈ চাই দেখিলো মুখত এমোকোৰা গুৱা লৈ পিতাই চিন্তিত হৈ পৰিছে | মোক তেনেকৈ থকা দেখি আয়ে চিঞৰিলে—–
—–মোৰ কথা তই কি ইমান ভেবা লাগি শুনিব লাগে | যা, যা, ভালে ভালে কিতাপ লগৈ | তহঁতৰ ভালৰ চিন্তা কৰি কৰি মই কষ্ট কৰি মৰিছো | তহঁতি আকৌ লোকৰ চিন্তা এসোপা সুমোৱাই মূৰ গৰম কৰি ফুৰ | কেৱল পঢ়াৰ চিন্তা কৰ | এতিয়া নিজৰ চিন্তা কৰ | পলাশীৰ কথা চিন্তা কৰিবলগীয়া হ’লে আমি কৰিম | তই নহয়, বুজিলি ?

আইৰ পকাই পেলোৱা ডাঙৰ চকু দুটালৈ মোৰ ভয় লাগিল | আইৰ কথাবোৰ মই বুজিব পৰা হৈছো | কিন্তু কেতিয়াবা বুজিব নোৱাৰা হৈ যাওঁ | কিয় এনে হয় ? আয়ে কিয় পলাশীক মোৰ দৰে ভাবিব নোৱাৰে ? কিন্তু পলাশীটো আমাৰ ঘৰলৈ আহিলে আইয়ে খুউব মৰম কৰে, পঢ়া-শুনাৰ আদি কৰি খোৱা-বোৱাৰো খবৰ লয় | খাবলৈও ইটো-সিটো বস্তু বান্ধি দি পঠায় | আনকি আমাৰ কাপোৰ-কানিলৈকে তাইলৈ আৰু নীলাশীলৈ দি পঠায় | তেন্তে ? সেই একেজনী মানুহে কেনেকৈ দুটা কথা এনেকৈ ক’ব পাৰে ? নাই ! নাই ! আইক দুখ দি মই পলাশীৰ কথা চিন্তা নকৰো | কিন্তু….? স্কুল এৰিবলগীয়া হ’লে কি হ’ব তাইৰ ? জ্ঞানীসকলে কয় পঢ়িলে ‘মানুহ’ হ’ব পাৰি | পলাশী মানুহ হ’ব নোৱাৰিব নেকি ? ভাবৰ সাগৰত সাঁতুৰি মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলো | মোৰ বুকুখন বিষাই উঠিল | নিৰ্বিকাৰ পিতাক মই আৰু একো ক’ব নোৱাৰো | আকাশখনলৈ নীৰৱে চাই পঠিয়ালো | ইমান বিশাল মানুহৰ মনবোৰো যদি আকাশৰ দৰে বিশাল হ’লহেঁতেন !!! মোৰ এনে লাগিল সেই বিশাল আকাশৰ পৰা যেন মই বিচাৰি ফুৰা তৰাটি হেৰাই গৈছে !
এক মূক বেদনাত মোৰ চকুহাল ভৰি উঠিল | দুগাল তিয়াই চকুপানীবোৰ সৰসৰাই ওলাই আহিল | মূৰত কাৰোবাৰ কোমল স্পৰ্শ |
—–পিতা !
—–আইজনী, ব’ল ভিতৰলৈ ব’ল | পিতায়ে মোৰ মূৰটো বুকুত সুমোৱাই ল’লে |

হৃদয়ে সেহাই ক’লে
আহ, বুকুৰ মাজলৈ আহ !
কলিজাৰ একোণত লাগি আছে নেহা |


নীলা আকাশলৈ চাই বগলীবোৰ উৰি যোৱা দেখিলো | ময়ো যদি বগলী হলোহেঁতেন নিজৰ ইচ্ছামতে বিশাল আকাশত উৰি ফুৰিব পাৰিলোহেঁতেন | কিমান ভাল লাগিলহেঁতেন | আকাশেদি উৰি যোৱা বগলীবোৰ চাই চাই মই, পলাশী, চুকুৰমণিয়ে প্ৰায়ে গাওঁ—–বগলী বগা ফুট দি যা / বগলী বগা ফুট দি যা / বগলী এ / বগা ফুট দি যা / —–আজি বগলীক উদ্দেশ্যি মই চিঞৰি চিঞৰি বগা ফুট খুজিব নোৱাৰিলো | মোৰ মনটো অলপো ভাল লাগি থকা নাই | কালিৰেপৰা পলাশীক দেখা পোৱা নাই | খেলিবলৈ মোৰ ওচৰলৈ অহা নাই | স্কুললৈও যোৱা নাই | নঙলামুখৰ নঙলা এডালত বহি আলিটোৰ সিপাৰত থকা সন্মুখৰ সেউজীয়া পথাৰখনকে চাই আছো |

—–মাইনী, কি কৰিছা ? পদূলিয়েদি যাব ধৰা নয়ন ককাইটিক দেখি মনটো অজানিতে পুলকিত হৈ উঠিল |
—–নয়ন ককাইটি, ক’ৰপৰা আহিলা ?
—–বহুত দূৰৈৰ পৰা আহিলো; তুমি এইবাৰ কোন শ্ৰেণী পালাগৈ ?
—–চিক্সত আছো ককাইটি | কিমানদিনযে তোমাক দেখা নাই ? আজিকালি আমাৰ ঘৰলৈ কিয় নাহা ? তোমালোকৰ গাঁৱৰ মানুহবোৰে কোৱা শুনো নহয়, তুমি বোলে বহু দূৰৈত কাম কৰা |
—–কাম ? নয়ন ককাইটিয়ে বিস্ময়েৰে চাই ক’লে |
—–ওঁ সময়েই নাই অ’, চাওঁ কোঁচত লৈ চাওঁ তুমি বৰ ডাঙৰ এজনী হ’লা | নয়নৰ আপোন মাতত মই বিভোৰ হৈ পৰিলো | নঙলাৰ পৰা নয়ন ককাইটিৰ কোলাত জপিয়াই উঠিলো | তেওঁ মোক কোলাত লৈ চুমা এটি খাই খৰধৰকৈ গুচি গ’ল | ক’লে—–ভালকৈ পঢ়িবি দেই |

দ’লনি গাঁৱৰ এই ককাইটিক মোৰ খুউব ভাল লাগে | আগতে এইজন ককাইটিয়ে অঞ্চলটোৰ শ্ৰেষ্ঠ বিহুৱা আছিল | তেওঁ বজোৱা পেঁপা, বাঁহী, ঢোলত আমাৰ এই তিনিখন গাঁৱৰ নাচনীবোৰ নাচত বৰদৈচিলাজনী হৈ পৰিছিল | এই ককাইটি আমাৰ ডাঙৰ বাইদেউৰ সমনীয়া | তেওঁ এই অঞ্চলৰ প্ৰায়ভাগ উন্নয়নমূলক কামত ভাগ লৈছিল | কোনেও ভাল নোপোৱাকৈ থকা নাছিল নয়ন ককাইটিক | সৰুৰ পৰা ডাঙৰলৈকে সকলো ল’ৰা-ছোৱালীয়ে নয়ন ককাইদেউক ‘নয়নকাইটি’ বুলিছিল | বহাগত মোক আৰু পলাশীক বাইদেউহঁতে পিন্ধাই দিয়া ৰিহা-মেখেলা পিন্ধি ওৰেনিশা তিনিখন গাঁৱত বিহু মাৰিছিলো | ভাগৰ লাগিলে তেওঁ মোক কোঁচত লৈছিল | কিমান কণমাণিজনীৰ পৰা যে মই বিহু নাচ নাচিলো | এবাৰ বিহু উৰুৱা দিনাখন বিহু মাৰি উঠা মাননিখিনি কোঁচত লৈ নয়নকাইটিয়ে কৈছিল—–
—–মাইনীহঁত এইফালে আহচোন |
মই, পলাশী, ৰূপজ্যোতি, লক্ষিতা, বিতুমনিয়ে নয়নকাইটিৰ কাষ পাইছিলোগৈ | তেওঁ মৰমেৰে ক’লে—–
—–বৰ কষ্ট কৰিলি দেই তহঁতে | হুঁ তহঁতি প্ৰত্যেকে কলম এটা কিনি ল’বি আৰু চানা খাবি | আমাৰ প্ৰত্যেকেজনীক বিশ টকাকৈ দি নয়নকাইটিয়ে ক’লে—–
—–এই টকাখিনিৰে এইবাৰ স্কুলখনৰ আধা টিনপাত আনিম | ভাল হ’বনে বাৰু ? নয়ন ককাইদেউৱে নিজেই এক তৃপ্তিৰ হাঁহি মাৰিলে | নয়নকাইটিলৈ আমাৰ অঞ্চলৰ শ্ৰেষ্ঠ বিহুৱতী ৰশ্মিবাক জোকাইছিলো | নয়নকাইটি কিমান উদাৰ, কিমান বিশাল ! আৰু মই ?

এই আকাশ বৰ বিশাল
এই মাটি বৰ ৰসাল
তেও কিয় লাগে উকা………
জয়ন্ত হাজৰিকাৰ এই গীতটি কাণত একেৰাহে বাজি থাকিল | পিতা অনবৰত ঘৰৰ কামত, বাৰীৰ কামত ব্যস্ত হৈ থাকে | বাধ্য ছোৱালীৰ দৰে মই পঢ়াত বহিছো |
—–আইজনী
—–কি হ’ল পিতা ?
—–কলম লৈ দাঁত কামুৰি থাকিব নেপায় আইজনী | বেয়া অভ্যাস | তই পঢ়াত মন দিব পৰা নাই নহয় ?
—–দিছো পিতা |
—–মিছা কথা ক’বলৈ শিকিছ তই ? পিতাৰ কথাত মই আহত হ’লো | পিতাই পুনৰ ক’লে—–
—–তই পলাশীৰ কথাকে ভাবি আছ নহয় ? আয়ে কোৱা কথাবোৰকে ভাবি আছ হ’বলা | আইৰ কথাবোৰ মিছা নহয় | তই সৰু ছোৱালী হৈ আছ | ইমানবোৰ এতিয়াই বুজিব পৰা হোৱা নাই | ডাঙৰ হ’লে বুজিব পাৰিবি | আৰু ডাঙৰ হ’লেহে তই সমস্যাবোৰ সমাধান কৰিব পাৰিবি, কিন্তু অকল ডাঙৰ হ’লেই নহ’ব, যেতিয়া তই পঢ়ি-শুনি উপযুক্ত হবি, তেতিয়াহে পাৰিবি |
—–কিন্তু, পিতা পলাশী মোৰ সখী হয় ! তাইক ককায়েকে মাৰে, পঢ়িবলৈ নিদিয়ে | তাইৰ কি হ’ব পিতা ?
—–তাই কেতিয়াও স্কুল এৰিব নোৱাৰে | তাৰ ব্যৱস্থা মই কৰিম আইজনী, তই একো চিন্তা নকৰিবি | পলাশী তোৰ লগতেই ডাঙৰ হ’ব, স্কুলো যাব আৰু তোৰ লগতেই খেলিব | কিন্তু তহঁতে ভালকৈ পঢ়িব লাগিব | ভাল ছোৱালী হ’ব লাগিব কিন্তু |
—–পঢ়িম পিতা, ভালদৰে পঢ়িম | মোৰ মনটো আনন্দত গড্ গড্ হৈ উঠিল | পলাশী তেনে নিসঙ্গ নহয় | এতিয়া হয়তো মইও কেতিয়াও নিসঙ্গ নহম | পিতা মোৰ লগত আছে | পিতাই পুনৰ ক’লে—–
—–জান আইজনী | ভৱেশক মই বুজাইছো | সি মোক কোনোদিন মাতষাৰ নিদিয়াকৈ নাথাকে | বৰ নম্ৰতাভাৱে সোধে—–‘বৰপিতাই ভালনে ? বুলি’ | তাক দেখিলে তেনে কৰা যেন নালাগে | সেই ল’ৰাটোৱে ঘৰখনত যে ইমান উদ্ভণ্ডালি কৰে তাক বিশ্বাস কৰিবলৈ টান লাগে |

পিতাৰ কথাখিনিত মই গভীৰ প্ৰশান্তি অনুভৱ কৰিলোঁ | পিতাইয়ে হয়তো ভৱেশক বুজালে | পলাশী এইকেদিন স্কুল গৈছে | কোনো বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱা নাই | তাই মনপুতি পঢ়িব পাৰিছে |

আমাৰ ঘৰৰ কাষতে আইতাজনীয়ে মুক্তা বিড়ি খায় | পিতাৰ খুৰীয়েক | ধান মেলি থোৱা চোতালত দীঘল ডাং এডাল লৈ বেতৰ চকী এখনত বহি আইতাই ধান খাবলৈ অহা হাঁহ-কুকুৰাবোৰ ”ছু-আ” ”ছু-আ” কৈ চিঞৰি খেদাই থাকে | আইতাৰ মাথো বহি থকাই কাম যদিও আগবাঢ়ি প্ৰায়বোৰ কামতেই ভাগ ল’ব খোজে | বন্ধৰ দিনত মোৰ এটা প্ৰধান কাম হয়—-আইতাৰ মূৰত থকা চুটি চুটি পকা চুলিবোৰ ধান এটাৰ সহায়ত কাঢ়ি দিয়া আৰু ওকণি চাই দিয়া | আইতাৰ পকা চুলিবোৰৰ মাজত ওকণি নাপালেও আইতাৰ মৰমলগা সোলী মুখৰ ওঁঠেদি ওঁঠ তিয়াই তিয়াই কোৱা শুৱলা মাতৰ বুঢ়ী আইৰ সাধু শুনাৰ লোভতে মই আইতাৰ পকা চুলি কাঢ়ো আৰু শোটোৰা শোটোৰ কোমল ছালবোৰ চুই থাকো | আইতাই মোৰ সঙ্গ কেনে পায় নাজানো কিন্তু আইতাক মই ভালপাওঁ | কিন্তু আইতাই বিড়ি খালে মই ভাল নাপাওঁ | যেতিয়াই তেতিয়াই আইতাই কয়—–
—–মাইনী, ভিতৰৰ পৰা বিড়ি এটা আঙঠাত জ্বলাই লৈ আনিবি যাচোন | জ্বলাই অনা বিড়িটো লৈ আইতাই যেতিয়া হোপা মাৰে, আইতাৰ এবাৰ সোমাই যোৱা, এবাৰ ওলাই যোৱা গাল দুখন দেখি মোৰ বৰ হাঁহি উঠে | বিড়ি খাই তেওঁ কি তৃপ্তি পায় নাজানো | কিন্তু; শব্দ কৰি মই চক্ খাই যোৱাকৈ মৰা কাহটো শুনিলে মোৰ এনে লাগে আইতাই যেন খুউব কষ্ট পাইছে, মোৰ পুঠাদেউতাৰ দৰে | মোৰ পুঠায়ে কাঠৰ চিলিমত ভাং খোৱা দেখিছো | ভাং খাই কাহি কাহি অসুখীয়া হোৱা দেখিছো | পুঠায়ে উঠিব-লৰিব নোৱাৰা অৱস্থাত জুহালতে বাঁহৰ চুঙা এটাৰ আঙঠা ফুঁৱাই ফুঁৱাই কাহি কাহি বহি নাৰিকল টেমা এটাত ফুটছাই লৈ তাতে ঘিণলগা ‘খেকাৰ’বোৰ পেলায় | সদায় ৰাতিপুৱা সেইবোৰ এনায়ে পেলাব লাগে | প্ৰথমতে মই টেমাটোত খেকাৰ পেলায় বুলি জনা নাছিলো | এদিনাখন এটা ঘটনা ঘটিছিল | পুহমহীয়া ঠাণ্ডাত কঁপি থকা এটা দিন | এনাইয়ে চোতালত ডাঙৰ জুই একুৰা জ্বলাবলৈ লৈছিল | মোক ক’লে—–
—–মাইনী, যাচোন জুহালৰ কাষতে জুইশলা এটা আছে লৈ আনিবি | মই চিধা জুহাল পালোগৈ | প্ৰায়ে আন্ধাৰ হৈ থকা জুহালত সন্ধ্যা বেছি আন্ধাৰ হৈছিল | নুমাবলৈ ধৰা জুইকুৰাৰ আঙঠাৰ পৰা ওলোৱা ঢিমিক্ ঢামাক্ পোহৰত জুইশলা খেপিয়াই ফুৰিলো | এবাৰ কিবা এটাত হাত দি দেখোঁ এঠা এঠা কিবা এটা মোৰ চাৰিটা আঙুলিত লাগি ধৰিছে |
—–এনাই অঁ টেমা এটাত কি আছিল ? বৰ এঠা এঠা, পিছল পিছল লাগিছে |
—–ছিঃ ছিঃ ! হাত চাবোনেৰে ধুব লাগিব | ৰ, সেইখিনি পুঠাৰৰ খেকাৰ আছিল | এনাইৰ কথা শুনি মই কান্দিবলৈ ধৰিলো | এনে ঘিণ লাগিল চাবোন মাৰি ঘঁহি ঘঁহি হাতখন ধুৱাই দিয়াৰ পাছতো মোৰ মুখত থু বাৰে বাৰে জমা হৈয়েই থাকিল | মই ভাত খাব নোৱাৰিলো সেইদিনা | আজিও আইতাৰ ওচৰত থাকি মই তাকেই ভাবিলো | আইতাই কিয় বিড়ি খাব লাগে | অকল আইতাই কিয় মোৰ পিতাইয়ো বিড়ি খায়, চিগাৰেট খায় | মোৰ বৰ বেয়া লাগে | বিড়ি হোপি থকা আইতাক চাই চাই মই ক’লো—–
—–আইতা, তুমিযে বিড়ি খোৱা সেইকাৰণে তোমাৰ মুখখন খুব বেয়া গোন্ধায় |
—–হয়নে, তইনো কেনেকৈ গোন্ধ পাৱ ?
—–কিয় সাধু কওঁতে আক’ | তুমি কুহুৰ কুহুৰ কাহি থকা কাৰণো একেটাই |
—–তইনো কেনেকৈ জানিছ এইবোৰ ?
—–মই ডাঙৰ হৈছো নহয় আইতা, মই দেখি বুজিছো, পঢ়ি বুজিছো | এই গাঁৱৰ বহুতক বিড়ি খোৱা দেখিছো | মোৰ নিজৰ আইতায়ো ছাগে খাইছিল |
—–তুমি মোৰ আইতাক বিড়ি খোৱা দেখিছিলানে ?
—–দেখিছিলো |
—–অ’ সেইকাৰণে মোৰ পিতাইও বিড়ি, চিগাৰেট খাবলৈ শিকিলে | আইতালৈ মোৰ অভিমান হ’ল |
—–আইতা, তুমি বিড়ি খাবলৈ এৰা |
—–কিয়নো এতিয়া এই বয়সত এৰিব লাগে ?
—–আৰু বুঢ়ী হৈ গ’লে বৰ কষ্ট পাবা | তুমি এৰিবই লাগিব | হঠাতে আইৰ মুখখন মোৰ চকুলৈ ভাহি আহিল | আয়ে মদ খায় | এদিন বিড়ি খাব | যদি খায় কি হ’ব | মই উচ্চস্বৰে আইতাক ক’লো—–
—–আইতা, তুমি বিড়ি এৰা | নহ’লে মোৰ আয়েও খাবলৈ শিকিব | বিড়িটোৰ পেকেটত লিখি থোৱা কথাষাৰি মনলৈ আহি থাকিল—–
ধূমপান স্বাস্থ্যৰ পক্ষে হানিকৰ ! হানিকৰ !

admin

Leave a Reply