ঐতিহ্যমণ্ডিত শালমৰাৰ মৃৎশিল্প

বিশ্বজিৎ ভূঞা, মাজুলী।

মাজুলী৷ অসমীৰ হিয়া জুৰুৱা এধাৰ বাখৰুৱা মদলী৷ প্ৰাকৃতিক সৌন্দৰ্য্যকে মূখ্য কৰি অন্যান্য সংস্কৃতিৰে পয়োভৰ মাজুলীৰ সুবাসৰ আমন্ত্ৰণক উপেক্ষা কৰিব মৌ-লোভী অলিৰ দৰে ইয়াৰ থানে থানে ভিৰ কৰেহি দেশী-বিদেশী পথিক পৰ্যটকে৷ অতিতৰে পৰা সত্ৰীয়া সংস্কৃতি, মূখা শিল্প, নাও শিল্প আৰু শালমৰাৰ মৃৎ শিল্পই মাজুলীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে ৷

হিন্দু সকলৰ যিকোনো ধৰ্মীয় কৰ্মত ব্যৱহৃত বন্তিগছীৰ পৰা বিবাহৰ ধৰ্মঘট লৈকে মাটিৰেই নিৰ্মান কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱে নিজে জুখ দি কপিলীপাৰৰ জগন্নাথ কুমাৰৰ দ্বাৰা খোলৰ ডিমা আৰু শালমৰাৰ বদীয়া কুমাৰৰ হতুৱাই চোলাই তেৰাই নিজে ঘূণ দিছিল৷

মাজুলীৰ শালমৰা কুমাৰ গাওঁ, দক্ষিণ পাট কুমাৰ গাওঁ, চিনাতলি কুমাৰ গাওঁ, বগৰীগুৰি, বিৰিণাবাৰী, ভেকুলীমাৰি কুমাৰ গাওঁ, মুদৈবিল কুমাৰ গাওঁ, কমলাবাৰী বনগাওঁ ধৌৱাচ’লা আদি অঞ্চল সমুহত বহুতো কুমাৰ মানুহ সিঁচৰতি হৈ আছে যদিও চিনাতলিআৰু শালমৰাৰ কুমাৰ সকলেই প্ৰধান।

শালমৰাৰ শিল্পী সকলে নদীৰ কাষৰ 20 -225 ফুট গাঁত খান্দি কুমাৰ মাটি সংগ্ৰহ কৰে৷ মাটি সংগ্ৰহ পুৰুষ সকলে কৰে৷ মহিলা সকলে এই মাটি খিনি নিৰ্দিষ্ট অনুপাতত বালি মিহলাই খচে৷ আৰু নিৰ্মান কাৰ্য্যৰ বাবে উপযোগী কৰি তুলে৷ ইয়াক চেনা বুলি কোৱা হয়৷ বিশেষ শৈল্পিক কৌশলেৰে শিল্পী সকলে মাটিৰ পাত্ৰ সমুহ তৈযাৰ কৰে৷ ইয়াৰ বাবে তেওঁ লোকে বিভিন্ন পৰম্পৰাগত সজুলি ব্যৱহাৰ কৰে৷

এটি কলহ বনাবলৈ তেওঁলোকে নিৰ্দিষ্ট পৰিমানৰ মাটি লৈ তাক (কলহৰ প্ৰথম ৰূপ) খোলনি দিয়া হয়৷ খোলনি হলে ইয়াত শেলাই (খোলনিটো ডাঙৰ হবলৈ লগোৱা মাটি) লগোৱা হয়৷ তাৰ পাছত ইয়াক ‘আফৰি’ত (কলহৰ ডিঙি বনাবলৈ ব্যৱহাৰ কৰা এবিধ মাটিৰ সজুলি) পুণ কঢ়ন(ডিঙি খুওৱা কাৰ্য) দি ৰ’দত দিয়া হয়৷ ৰ’দত! দিয়া কলহ বলিয়া (মাটিৰ এক গোলাকাৰ সজুলি) আৰু পিটন (বাঁহেৰে নিৰ্মিত এবিধ চেপেটা সজুলি) ব্যৱহাৰ কৰি কলহটোৰ নিৰ্দিষ্ট আকৃতি দিয়ে৷ ইয়াৰ পাছত মাটিৰে নিৰ্মিত এবিধ বুৰুজে (মাজনি) মাজি মাজি নিমজ কৰি কলহৰ পুৰ্ণ ৰূপ দিয়ে৷ নিৰ্দিষ্ট সংখ্যক কলহ তৈয়াৰ হোৱাৰ পাছত এইবোৰ পেঘালি (ভোটা) লৈ নিয়া হয়৷ পেঘালিত বিষেশ ভাৱে তৰপে তৰপে জাপি মাজত পোৰোণ (ৰস যুক্ত খৰি) ভৰাই ওপৰত খেৰ দি তাৰ ওপৰত বোকা মাটিৰ লিপি দিয়া হয়৷ ভাটি টোত শাৰি শাৰিকৈ কিছু ধোঁৱা ওলোৱা ছিদ্ৰ দিয়া হয়৷ তাৰ পাছত ‘ভোটা’ জ্বলোৱা হয়৷ প্ৰায় ৭-৮ ঘণ্টামানৰ অন্তত এই কাৰ্য সম্পূৰ্ণ হয়৷ এই পকা কলহবোৰ ‘টমাল’ৰে বান্ধি জাপি জাপি থাক কৰি নাৱত ভৰাই বিক্ৰীৰ কাৰণে অসমৰ বিভিন্ন ঠাইলৈ নিয়া হয়৷ এই শিল্পৰ লগত শালমৰাৰ প্ৰায় ৫০-৮০ শতাংশ লোক জড়িত আছে৷ বাকী মানুহখিনিয়ে অনান্য ব্যৱসায়, চাকৰি ইত্যাদিৰ লগত জড়িত হৈ আছে৷ ইমান এটা ফলপ্ৰসূ, মানৱ সভ্যতাৰ হাতলিগিৰা স্বৰূপ ঐতিহ্যমণ্ডিত শিল্প বৰ্তমান শালমৰাত বিলুপ্তিৰ পথত…৷ যিহেতু কোনো কোনো ক্ষেত্ৰত বাতৰি কাগজ, আলোচনী আদিত বহুতো ভিত্তিহীন মন্তব্য প্ৰকাশ হোৱাৰ কাৰণে প্ৰশাসন বা অনান্য বিভাগীয় কৰ্তৃপক্ষই কেঁচামাল আহৰণত বাধাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে শালমৰাৰ শিল্পীসমূহে নদীৰ কাষৰ চৰ চাপৰি(পৰিয়া)তহে মাটি খান্দে৷ সেই মাটি নাখান্দিলেও বাৰিষা কালত নদীয়ে খহাবই৷ গতিকে বুজাবুজিৰ মাজেদি খহনীয়া নিবাৰণৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই উপযুক্ত ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰা শালমৰাৰ মৃৎশিল্প সংক্ৰান্তত প্ৰচাৰিত আৰু প্ৰকাশিত উৰা বাতৰিসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰাৰ লগতে এই শিল্পীসমূহৰ সমস্যা নিৰ্মূলৰ ব্যৱস্থা কৰা অতি প্ৰয়োজনীয়৷ যদিহে এইক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষই কোনো ভূমিকা নলয় তেন্তে জননী জন্মভূমিৰ বুকু উদং কৰি চিৰদিনলৈ লুপ্ত হ’ব এই শিল্পটি ৷

সদৌ শেষত শালমৰাৰ ‘বিশ্বকৰ্মা’ সদৃশ শিল্পী মণ্ডলীক নানা ধৰণে সহায়-সহযোগ, দিহা-পৰামৰ্শ দি যাতে মৃৎ শিল্পটিৰ ধাৰা অক্ষুণ্ণ ৰাখি ধৰ্মীয় কৰ্মৰ আধ্যাত্মিকতাৰ উদ্ভাষিত প্ৰতীক বন্তিগছিৰ নিৰ্মাণ কাৰ্য্য চলি থাকে তাৰ আশা কৰা হ’ল আৰু বাহনাস্থিত ‘মাজুলী’ৰ উদয়ন ঐক্য ছাত্ৰ গোটৰ সমূহ সদস্য সদস্যাই শালমৰাৰ শিল্পীসমূহৰ পৰমপিতা পৰমেশ্বৰৰ ওচৰত উজ্বল ভৱিষ্যত কামনা কৰিছো, যাতে অধিক উন্নত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰি অধিক উপাৰ্জনেৰে শালমৰা এখন আদৰ্শ গাওঁৰূপে পৰিগণিত হয় ৷

admin

Leave a Reply