এটা সন্ধিয়াৰ সৈতে আলাপ

গীতিকা কলিতা নাথ, ৰঙিয়া

বালিমাহী
কিসুৰেৰে মতলীয়া কৰিলি মোৰ যৌৱন
মই ষোল্ল বছৰীয়া চঞ্চলামতী
তোৰ গীতৰ সুৰে
মোৰ বুকুত সপোন জগাই
মাক নোসোধাকৈয়ে বাৰীৰ পিছফালে দি
বিৰিণা ফালি ফালি
তোক চাবলৈ যাওঁ
এপাক নাচিও আহো তোৰ সুৰৰ তালে তালে

বালিমাহী
তই মোৰ আজন্ম প্ৰেমিক
তোৰ গীতত মই নিচুকাওঁ
মোৰ আমেজৰ টোপনিক
নৈৰ পানী শুকালে মাতিবি
তোৰ বাবে গগনা এটি চিকুণাইছো
পলাশৰ ডালত বহি
দীঘলকৈ সুহুঁৰি এটা দিবি
হুমুনিয়াহ বোৰ এৰি চাদৰৰ আঁচলত বান্ধি নিম
ককাইদেউতাৰ ৰেকৰ্ডাৰটো
আমাৰ সন্ধিয়াৰ আলাপবোৰ ৰাখি থম তাত
সময় উলিয়াই তাৰ আমেজ লম মাজে মাজে ……।

বালিমাহী
তোৰ সোণবৰণীয়া পাখিত হেঁপাহ বান্ধি
ভ্ৰমি ফু’ৰ প্ৰেমিক ৰ হৃদয়ত
তোৰ বাবেই মতলীয়া হয়
তই অহাৰ বাতৰি পালেই উত্তাল হৈ উঠে
নৈপৰীয়া হাবিতলি

বালিমাহী
আজি মোৰ সখীৰ বিয়া
মোৰ বুকু উদং কৰি তাই গাব মাহ হালধীৰ গান
গানটো ভাল যদিও ভাল নালাগিব মোৰ
তই আহিবি সন্ধিয়া তোৰ সৈতে অলপ আলাপ কৰিম…..

admin

Leave a Reply