উৰণীয়া মন

 

✍ মোহন পাচনি,

গহপুৰ ।

“ঢোলৰ গুম্-গুমনি মাকোৰ খিট্-খিটনি
নুশুনাকৈয়ে বহুকাল গ’ল,
বিধাতাই কপালত কিনো লিখিলে ঐ লাহৰি
বিহুৱান এখনো দিওঁতা নহ’ল ।”

গুণ-গুণাই আছিলোঁ যদিও শেষৰ সুৰকণ মুখৰপৰা ডাঙৰকৈয়ে ওলাল । সেই সময়তে শ্ৰীমতী আহক হাতত চাহকাপ লৈ । “য’তেই বাঘৰ ভয় তাতেই ৰাতি হয় ।” সেইয়াই হ’ল । যোৱা দিন-দিয়েকৰ অসহিষ্ণু শ্ৰীমতীৰ অসহিষ্ণুতা অধিক বাঢ়িল । আগ্নেয়গিৰিৰ উদ্গীৰণৰ সময়ত অসহায় দৰ্শক যেন মই !

“ঠিকেই সন্দেহ কৰি থাকোঁ । দুটাকৈ মত্-গজ্ ডেকা ল’ৰাৰ বাপেকী হ’লা যদিও চেঙেলীয়া মনটো এতিয়াও নাতৰিলে । দেহ-মনৰ পিৰ্-পিৰণি এতিয়াও মাৰ যোৱা নাই যদি যোৱা গাঁৱলৈ । এজনী চপাই লোৱা । দেহৰ পোৰণিও মৰিব আৰু যিমান পাৰে বিহুৱানো বৈ দিব পাৰিব ।”

মৌন হৈ থকাই শ্ৰেয় বুলি ভাবিলোঁ । চাহকাপ থেকেচা মাৰি ভিতৰ সোমাল ।
বিত্তীয় বৰ্ষৰ শেষৰ মাহটোত অফিচৰ কামৰ হেঁচা বাৰুকৈয়ে বাঢ়ে । বাঢ়ে অভাৱনীয় বাহিৰা আৰ্জন আৰু ঠিকাদাৰবোৰে আগবঢ়োৱা লোভনীয় পাৰ্টিৰ আয়োজন । কামৰ পিছত নিশাৰ পাৰ্টিৰ জুতি লৈ ঘৰ সোমাওতে বহু ৰাতি হয় । খোজবোৰ সঠিককৈ নপৰে আৰু কথাৰো লাগ্-বান্ধ্ নাথাকে । শ্ৰীমতীৰ অসহিষ্ণুতাৰ কাৰণো সেয়াই । তেওঁৰ লগত লাগি মই ৰণ জিকিব নোৱাৰোঁ । ই ধুৰূপ । সন্ধিৰ উপায় চিন্তিলোঁ । পালোঁ । কামত সহায় কৰাৰ চলেৰে তেওঁৰ কাষলৈ গৈ আলুৰ বাকলি গুছোৱাত লাগিলোঁ । তেওঁক শুনাই গুণ-গুণালোঁ …..

 

“কথাৰো নুবুজা পাক ঐ লাহৰি
ৰাতিও নেভাবা শুই,
তামোলো নহওঁ মই ফালি যেন দেখুৱাম
অন্তৰৰ কি কুৰা জুই ।
মেঘ নাতৰিল । উচাট্ মাৰি শ্ৰীমতীহে আঁতৰিল । কাষ চাপি গৈ লাহে লাহে ক’লো, “কিয়নো এনেকুৱা কৰা ? জানাইচোন মাৰ্চ মাহত কামৰ বোজা কিমান বাঢ়ে । ওপৰরালা আৰু পাৰ্টি সকলোকে সন্তুষ্ট কৰিব লাগে । সেইকাৰণেইতো ইমানখিনি কৰিব পাৰিছোঁ । দৰমহাৰ পইচাকেইটাত হাত নিদিয়াকৈ এইবাৰ তোমাৰ বাবেই নতুন বিলাসী গাড়ীখন ল’ব পাৰিছোঁ । তুমি পছন্দ কৰি অহা শেহতীয়া মডেলৰ হীৰাৰ হাৰডালো আজিয়েই আনিম বুলি ভাবিছোঁ । মুখখন যদি এনেকুৱা গোমোঠা কৰি ৰাখা হাৰডালে জানো ডিঙিত শুৱাব ? ভাবিছোঁ আৰু কেইখনমান বিল পাছ কৰাব পাৰোনেকি । তেতিয়া মই যাব নোৱাৰিলেও ল’ৰাহালৰ সৈতে তুমি বিহুৰ বন্ধতে চিমলাৰপৰা ফুৰি আহিব পাৰিবা ।”

গালত উমাল পৰশ এটিৰ উমান পালোঁ । বুজিলোঁ, ডাৱৰ আৰু নাই ।  সুহুৰিয়াই সুহুৰিয়াই গেৰেজৰপৰা নতুন গাড়ীখন উলিয়ালোঁ । নিৰ্দিষ্ট জুৱেলাৰীখনৰ দিশে ষ্টিয়েৰিং ঘূৰালোঁ । দামী ৰত্নখচিত আঙঠি পিন্ধা আঙুলিকেইটাই ষ্টিয়েৰিঙত বেসুৰীয়া হ’লেও যেন এক সমলয় তুলিলে । মনেও ডেউকা মেলি অতীতলৈ উৰা মাৰিলে ।
“কিনো কাপোৰখনি ফুলে জকেমকি
উৰি যায় বতাহৰ লগত,
নেখাই চাৰি সাজি থাকিব পাৰোঁ মই
ব’হাগৰ বিহুৰে লগত ।”

চাকৰিত যোগ দিয়াৰ পাছৰেপৰা গাঁৱৰ লগত যোগাযোগ সেৰেঙা হৈছিল । চাকৰি, সংসাৰৰ ব্যস্ততা আৰু নগৰীয়া বতাহে গাঁৱৰ সহজ-সৰল, পাহুৱাল বিহুৱা ডেকাটোক সলনি কৰি পেলাইছিল । ছাঁৰ দৰে আজীৱন থকাৰ প্ৰতিশ্ৰুতি দিয়া এসময়ৰ শয়নে-সপোনে লগ নেৰা সেউতীৰ প্ৰতিচ্ছবিও মনৰপৰা লাহে লাহে আঁতৰি গৈছিল । সেই ঠাই অধিকাৰ কৰিলেহি শ্ৰীমতীয়ে । আমাৰ সংসাৰখনৰ তেওঁ যেন একছত্ৰী সাম্ৰাজ্ঞীহে । গাঁৱৰ লগত সঘনাই যাতায়ত কৰিব নোৱাৰাৰ আন এটা কাৰণ শ্ৰীমতীৰ ৰঙা চকুলৈ মোৰ অহেতুক ভয় । হ’লেও গাঁৱৰ চেগা-চোৰোকাকৈ গাঁৱৰ খবৰবোৰ মই পাই থাকোঁ ।
ভাবিছোঁ এইবাৰ বিহুৰ বন্ধতে ল’ৰাদুটাৰ লগত শ্ৰীমতীক চিমলালৈ পঠিয়াই মই গাঁৱৰ ঘৰলৈ যাম । বেমাৰী গিৰিয়েকটো ঢুকুৱাৰ পিছত সেউতীয়ে একমাত্র জীয়েকজনীক বহু কষ্টৰে তুলি-তালি পঢ়ুৱাইছে । শুনিছোঁ এই ব’হাগতে জীয়েকৰ বিয়া । এইবাৰ যিকোনো উপায়েৰে আনে নজনাকৈ সেউতীক লগ কৰিম । তাইৰ লগত মুখামুখি হ’বলৈ মোৰ সাহস হ’বনে নাই নাজানোঁ । টকা-সিকা অলপমানেৰে তাইক সহায় কৰাৰ হাবিয়াস এটা বহুদিনৰ আগৰ পৰাই আছিল । তাইৰ সন্মুখীন হ’বলৈ সাহসহে গোটাবপৰা নাছিলোঁ মই । জীয়েকৰ বিয়া বুলি সোণৰ আঙঠি এটাৰ সৈতে টকা কেইহাজাৰমানেৰে সহায় কৰি আহিম । জানো, তাই সহজে গ্ৰহণ নকৰিব । বৰ আত্মাভিমানী তাই । হ’লেও জীয়েকৰ হাততেই গুজি আহিম । মোমায়েকে দিয়া উপহাৰ বুলি গ্ৰহণ নকৰিবনে ?
সততে অপৰাধবোধ ভাৱ এটাই গধুৰ কৰি ৰখা মনটো সম্ভাৱ্য আশাৰ ৰেঙনি অকণ দেখি পাতল যেন লাগিল । মনটো উৰি গ’ল গাঁৱৰ বিহুতলীলৈ…
“দূৰৈত শুনিলোঁ সুৰতে বুজিলোঁ
মোৰ সোণে গগনা বায়,
কিনো অমাতৰ মাতে মোৰ লাহৰি ঐ
বুকেদি সৰকি যায় ।

bipul bora

Leave a Reply