আপোচবিহীন সংগ্ৰামী কীৰ্তিকমল গগৈ

ৰণজিৎ ফুকন,
নাজিৰা, শিৱসাগৰ ৷

কীৰ্তিকমল গগৈ নিজস্ব কীৰ্তিৰে উজ্জ্বল এক ব্যক্তিত্ব । গলগলীয়া মাতেৰে দেখাত কঠোৰ অথচ কোমল অন্তৰৰ মানুহজন ধেমাজি জিলাৰ ব্যক্তি নহয় যেন এক অনুষ্ঠান । ফ্ৰিলান্সাৰ ফটো সাংবাদিকতাৰ পৰা আৰম্ভ কৰি সাহিত্য, দুৰ্নীতি বিৰোধী আন্দোলন আদিলৈ প্ৰসাৰিত তেওঁৰ কৰ্মজীৱন । পেচাত তেওঁ এজন শিক্ষক হৈ তেওঁ কেৱল ছাত্ৰ ছাত্ৰীৰে দায়িত্ব লোৱা নাই, দায়িত্ব ল’লে সমাজৰ । চৰকাৰী দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্রামী তেওঁ । এইজনা বিৰল ব্যক্তিৰ জীৱনৰ চমু আলখ্য লিখা আমাৰ বাবে সম্ভৱ নহয় । মাত্ৰ এটা তেওঁৰ চমু পৰিচয় দিব বিচাৰিছোঁ এই লেখাৰ মাজেদি ।

বৰ্তমান ধেমাজি নগৰৰ বাসিন্দা গগৈৰ জন্ম হয় তেতিয়াৰ লক্ষীমপুৰ জিলাৰ ধেমাজি মহকুমাৰ খলিহামাৰী গাঁৱত । তেওঁৰ পিতৃ স্বৰ্গীয় কালোবৰ গগৈ, মাতৃ কলিদৈ গগৈ । অভাৱে গৰকা পৰিয়ালৰ সন্তান হোৱাৰ বাবেই কলেজীয়া শিক্ষা লব নোৱাৰিলে । সুকীয়াকৈ হিন্দী ভাষা অধ্যয়ন কৰি মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক হ’ল । খেতিয়কৰ ঘৰৰ ল’ৰা, পিতৃ পেচাত ম’হগোৱাল । অভাৱ অনাটনৰ মাজেৰে ডাঙৰ হোৱা বাবেই হয়তো বুজি পালে সাধাৰণ মানুহৰ দুৰ্দশা । সেয়ে তেওঁ নিজকে গঢ়িলে এজন সমাজসেৱক হিচাবে । শিক্ষকতা বৃত্তিৰ লগতে সমান্তৰালকৈ চলাই গ’ল সামাজিক আন্দোলন । জড়িত হ’ল বিভিন্ন সমাজ তথা শৈক্ষিক সংগঠনৰ সৈতে । অক্লান্ত, আপোচবিহীন সংগ্ৰামী নেতাৰ ভূমিকা ল’লে ক্ষেত্ৰখনত । তেওঁ নিষ্ঠাৰে দ্বায়িত্ব লোৱা সংগঠন কেইটাৰ নাম ল’লেই আমি তেওঁৰ কৰ্মপৰিসৰৰ উমান পাব পাৰোঁ ।

১/ ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ আজীৱন সদস্য
২/ ধেমাজি জিলা বান সাহায্য ও পুনৰ সংস্থাপন সমন্বয় পৰিষদৰ সম্পাদক (১৯৯০ৰ পৰা )
৩/ ধেমাজি জিলা ভূমি ম্যাদী পট্টন দাবী সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০)
৪/ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ পঞ্জীকৃত প্ৰচাৰক ।
৫/ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ ব্যৱস্থাপক সভাৰ সদস্য (১৯৮১ -১৯৮৫ আৰু ১৯৮৬-১৯৯০) । ১৯৮১-১৯৮৫ চনলৈ ৰাষ্ট্ৰভাষা বিদ্যালয় পৰিদৰ্শক আৰু বিদ্যালয় মঞ্জুৰী উপ-সমিতিৰ সদস্য ।
৬/ অসম ৰাষ্ট্ৰভাষা সেৱক সংঘৰ ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সভাপতি (২০০৮-২০১০)
৭/ অসম ৰাষ্ট্ৰভাষা সেৱক সংঘৰ ধেমাজি জিলা সমিতিৰ বৰ্তমানেও সভাপতি ।
৮/ ধেমাজি জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক (১৯৮১-১৯৮২)
৯/ ধেমাজি জিলা শিক্ষক সংস্থাৰ সভাপতি (১৯৮৪-১৯৯০, ১৯৯৩-২০০৬) ।
১০/ অসম শিক্ষক -কৰ্মচাৰী সমন্বয় সমিতি, ধেমাজি জিলা শাখাৰ মুখ্য সভাপতি (১৯৯৯ পৰা ২০১২ চনলৈ )
১১/ ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি (২০০৮ পৰা ২০১২ চনলৈ )
১২/ ধেমাজি ভূমি উপদেষ্টা সমিতিৰ সদস্য (১৯৯৭চন ) ।
১৩/ ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি (১৯৯৩-৯৫আৰু ২০০৮ ৰ পৰা বৰ্তমানলৈকে )
শিক্ষক সংগঠক হিচাপে বলিষ্ঠ ভূমিকা লৈ তেওঁ সতীৰ্থ শিক্ষকসকলৰ অভাৱ অভিযোগ কৰ্তৃপক্ষৰ ওচৰত সজোৰে দাঙি ধৰিছিল আৰু সমাধানো আনিছিল । কেৱল শৈক্ষিক সংগঠনেই নহয়, ধেমাজি জিলাৰ কৰ্মচাৰী পৰিষদৰো দায়িত্ব লৈছিল তেওঁ । বান ক্ষতিগ্ৰস্তসকললৈ বানসাহায্যৰ ব্যৱস্থা কৰিছিল আৰু ভূমিহীন কৃষকলৈ ভূমি পট্টাৰ ব্যৱস্থা কৰিছিল । বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে তেওঁ কেৱল বিদ্যালয়তে সোমাই থকা নাছিল । সমগ্র ধেমাজি জিলাখনত হিন্দী ভাষা শিক্ষাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা লৈছিল । এইবিলাকৰ ঊৰ্ধত তেওঁ আছিল দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ সংগ্রামী । সাংবাদিক হিচাপে তেওঁ জিলাখনত সংঘটিত বহু দুৰ্নীতি ফাদিল কৰিছিল । লগে লগে এইবিলাকৰ বিৰুদ্ধে আৰম্ভ কৰিছিল আন্দোলন । তেওঁৰ উদ্দাত্ত ভাষণে দুৰ্নীতি বিৰুদ্ধে হাজাৰ হিচাপে মানুহ উলিয়াই আনিছিল ৰাজপথলৈ । সাধাৰণ সাংবাদিকৰ দৰে তেওঁৰ সংগ্ৰাম কেৱল কেমেৰাৰ লেন্সত বা কলমতে সীমাবদ্ধ নাছিল । নেতৃত্ব প্ৰদানেৰে তেওঁ ৰাজপথলৈ নামিছিল । কাৰণ তেওঁক সমাধান লাগে । জিলাখনৰ প্ৰতিটো বিভাগৰ তেওঁ আছিল চিৰ শত্ৰু আৰু ৰাইজৰ জাগ্ৰত প্ৰহৰী । আৰ্তজনৰ বাবে তেওঁ আছিল সদায় সমভাগী । অসম চৰকাৰৰ অনিয়মৰ ফলত বহু শিক্ষকে বছৰ ধৰি দৰমহা নোপোৱাকৈ আছিল, ফলত তেওঁলোকৰ পৰিয়াললৈ নামি আহিছিল অমানিশা । এই দুৰ্যোগৰ সময়ত গগৈদেৱ তেওঁলোকৰ কাষত অভিভাৱকৰ দৰে থিয় হৈছিল । আবেদন-নিবেদন, আন্দোলন অথবা ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াই তেওঁ বহু দূৰ্ভগীয়া শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিছিল । যাৰ বাবে এইসকলে তেওঁক আজিও অভিভাৱক জ্ঞান কৰে। শিক্ষক হিচাপেও তেওঁ আছিল দক্ষ । সুব্যৱস্থাৰে পৰিচালনা কৰি তেওঁ বিদ্যালয় জিলিকাই ৰাখিছিল । কেৱল পুথিগত শিক্ষাই নহয়, তেওঁ সহশিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিছিল অধিক । সংগঠনৰ মাজেৰে তেওঁ সতীৰ্থ শিক্ষক সকলকো উৎসাহিত কৰিছিল নিজ দ্বায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ । শিক্ষাৰ অবিহনে যে সমাজ নহয়, এই কথা অনুধাৱন কৰিছিল তেওঁ । সেয়ে ডেকাকালতে তেওঁ গাঁৱৰ আধাতে বিদ্যালয় এৰা ছাত্ৰসকলৰ বাবে এখন নৈশ বিদ্যালয়ও খুলিছিল । প্ৰতিকুল পৰিস্থিতিত সফল নহ’ল । কিন্তু কাৰ্যটোৱে মানুহজন যে এক বহল মনৰ আৰু সাহসী তাৰ অনুমান কৰিব পাৰি ।
কীৰ্তিকমল গগৈদেৱে সাংবাদিকতাৰ লগতে সাহিত্যতো হাত দিছে, ঘাইকৈ ব্যংগৰচনাত । তেওঁৰ কলম বৰ তীক্ষ্ণ । ধেমাজিৰ পৰা প্ৰকাশিত এসময়ৰ ভাকুট কুট নামৰ জনপ্ৰিয় ব্যংগ আলোচনীখনৰ তেওঁ নিয়মীয়া লেখক, একাধিক ছদ্ম নামত তেওঁ ব্যংগ কবিতা আৰু লেখাৰে আলোচনীখন সমৃদ্ধ কৰিছিল । সামাজিক ব্যভিচাৰ, দুৰ্নীতি আছিল তেওঁ লেখাৰ বিষয়বস্তু । ব্যংগৰ মাজেৰে তীক্ষ্ণ ঢাৰে আক্ৰমণ কৰিছিল সমাজৰ অপশক্তিক। তেওঁ এটি ব্যংগ কবিতাৰ জৰিয়তে এজন অসাধু চৰকাৰী বিষয়াৰ বদলিকৰণ হৈছিল । ই এক বিৰল উদাহৰণ । ইয়াৰ উপৰিও অসমত হিন্দী ভাষাৰ প্ৰসাৰৰ বাবে কাম কৰা গগৈদেৱে দেখিছিল হিন্দী ব্যাকৰণ গ্ৰন্থৰ অভাৱ, এই অভাৱ পূৰণ কৰিবলৈ তেওঁ নিজে লিখি উলিয়ালে সুবোধ ব্যাকৰণ পৰিচয় হিন্দী, সাহিত্য চৰ্চাৰ লগতে গ্ৰন্থ প্ৰকাশতো হাত দিয়ে গগৈদেৱে । সংবাদ যোগান আৰু ফটো সাংবাদিকতাৰ ক্ষেত্ৰত গগৈদেৱ আছিল সফল । আমাৰ অসম, আজিৰ অসম, নতুন দৈনিক, জনমভূমি, সপ্তাহিক ৰংপুৰ, সপ্তাহিক আজিৰ অসম কাকতৰ সৈতে তেওঁ জড়িত । লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ তেওঁ এজন সংবাদসেৱক । সৎসাহসী বিশাল ব্যক্তিত্বৰ গগৈদেৱ মানৱদৰদী । সততে অসহায়জনক সহায় কৰিবলৈ আগবাঢ়ি আহে নিজ স্বাৰ্থ পৰিহাৰ কৰি । কাকো যেন বিপদত পৰিবলৈ নিদিব । মানুহজনৰ ভিতৰখন উমান লবলৈ আমি তেখেতৰ সুযোগ্যা সহধৰ্মীনি শিক্ষয়ত্ৰী তিলোত্তমা চাংমাই গগৈৰ এটি উদ্ধৃতি আনিছোঁ – “তেখেত নিয়মৰ ভিতৰত নপৰা কাম মিছাৰ আশ্ৰয় লৈ সঁচা কৰিবলৈ বিচৰা বিধৰ মানুহ নহয় । পৰিয়ালবৰ্গ, ল’ৰা-ছোৱালী, ককাই-ভাই, ভতিজা-ভতিজী সকলোৱে তেখেতক এইকাৰণেই সমীহ কৰে । তেখেত পৰোপকাৰী হোৱা হেতু ঘৰখনত যিমান অনাটন চলি থাকিলেও যদি কোনোবাই দুখ কৰি নিজৰ অভাৱ-অনাটনৰ কথা প্ৰকাশ কৰে, তেখেতে ঘৰৰপৰা হ’লেও সহায় কৰিবই । তেনেদৰে অথন্তৰত পৰি কিবা কাম কৰিব নোৱাৰি, তেখেতৰ ওচৰত কোনোবাই এই বিষয়ে সোধা-পোছা কৰিবলৈ আহিলে তেখেতে শুনাৰ লগে লগে তেখেতক দায়িত্বহে অৰ্পণ কৰিবলৈ আহিছে বুলি ভাবি গোটেইখিনি মূৰ পাতি লৈ ভাত-পানী এৰি মানুহৰ গ্লানি শুনি হ’লেও কামখিনি কৰি দিয়ে । এনেদৰে সহায় কৰাৰ পাচতো বহু কথা শুনিব লগাতো পৰে তথাপি আগ নবঢ়াকৈ নাথাকে । তেখেতে ভগৱানত বিশ্বাস ৰাখিয়েই আজিলৈকে তেনেদৰেই আনৰ তথা সমাজৰ কামতেই ব্যস্ত হৈ থাকে । খোৱা-বোৱাৰ ৰুচি বিশেষ তেনেকৈ নাই । যি ৰন্ধনেই জুতি লগাই ৰান্ধি দিয়া হয় তাকেই খাই ভাল পায় । ঠিক তেনেদৰে পিন্ধা-উৰাতো বিশেষ চখ নাই। যি থাকে তাকেই পিন্ধি ওলাই যায় । কেতিয়াও নিজৰ বাবে এযোৰ কাপোৰ বা এযোৰ ভাল চেণ্ডেল কিনি নিপিন্ধে । অৱসৰৰ পাছত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত গগৈদেৱ ৷ দুবাৰ কৈ স্ট্ৰোকৰ সন্মুখীন হৈছে ৷ কিন্তু আপোচবিহীন অক্লান্ত সৈনিক তেওঁ ৷ এতিয়াও মটৰ চাইকেলত ঘুৰি ফুৰে ধেমাজি নগৰত ৷ একেই আছে মানসিক শক্তি ৷ এইজনা কৰ্মযোগী সাহসী ব্যক্তিৰ জীৱন উত্তৰ পুৰুষৰ বাবে আদৰ্শ ৷ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কমনা কৰিছোঁ ।

kkg

bipul bora

Leave a Reply