অসমীয়া মানুহ এলেহুৱা

আকাশজ্যোতি গগৈ, বাংগালোৰ |
অসমীয়া ৰাইজ এলেহুৱা, নিষ্কৰ্মা, আনৰ দয়াত থাকি ভাল পায় ইত্যাদি। এই কথাষাৰ বিশ্বাস কৰিলে সৰ্বপ্ৰথমে মই মোৰ দেউতাক অপমান কৰা হয়।

মোৰ দেউতা অতি সৰু হৈ থাকোতে তেখেতৰ দেউতাক, মোৰ ককা, দেহান্ত হৈছিল আৰু তেতিয়াৰ পৰা পুৱা পোহৰ হোৱাৰ লগে লগে খেতি পথাৰ যোৱা আৰম্ভ কৰিছিল। খেতি পথাৰত কাম কৰি পঢ়াশালি আহিছিল। যেতিয়া শিৱসাগৰ চৰকাৰী বালক বিদ্যালয়ত ভৰ্তি হৈছিল পুৱা খেতি পথাৰত হাল বোৱাৰ পাছত ৩ নে ৪ মাইল খোজ কাঢ়ি বিদ্যালয় গৈছিল। এনেকৈ জীৱন অতিবাহিত কৰি AEC ‘ত প্ৰথম Electrical Br মুকলি কৰোতে ভৰ্তি হৈছিল তথাপিও সময় পালে খেতি পথাৰত হাল বোৱা কাম কৰি আনন্দ পাইছিল ।

মই বৰ্তমান বাংগালোৰত থাকো। ইয়াত NE বা অসমৰ লগ পোৱা ৰাইজৰ বেচি সংখ্যক লোকৰ কৰ্ম Defence বা security ‘ত | মই নিজে IT industry ‘ত । প্ৰায় দহ বছৰ হল গম পোৱা যে IT industry ‘ৰ কামত অসমীয়া লোকৰ অকল ভাৰততে নহয় বাহিৰতো প্ৰশংসা পায়। যি সকলে অসমৰ পৰা নোৱাৰাত ওলাই আহিছে তেখেত সকলে কয় বোলে অসমত পৰিৱেশৰ খেতি নোহোৱা হৈছে।

অসমীয়া ৰাইজ এলেহুৱা, নিষ্কৰ্মা, আনৰ দয়াত থাকি ভাল পায় ইত্যাদি জন্ম কেনেকৈ হল কোৱাৰ আগতে প্ৰথম তিনিটা সময়ৰ কথা এটা জনাই লব খুজিছো —

ক) চাহাব অহাৰ আগতে

Shihabuddin Talish, the Persian Waqia Navis of the Mughal Emperor Aurangzeb, তেখেতে লিখিলে ,

“the King neither allows foreigners to enter the land nor permits any subject to go out of it… If this country were administered like the imperial dominions it is very likely that 40-45 lakhs of rupees would be collected as revenue.” Talish also noted the insignificant difference between towns and villages and that no food items except betal-nut was sold on the streets.

Shihabbudin Talishq commented in 1660-65, “the only traders in the bazaar are the betalnut sellers. It is not their practice(of the Assamese) to buy and sell food articles in the market-place. The inhabitants store in their houses one years supply of foods of all kinds and are under no necessity to buy or sell any food articles.”

অকল নিমখ NE ‘ৰ বাহিৰৰ পৰা আনিছিল আৰু হালধি জাতীয় মছলা পাহাৰৰ লোকৰ পৰা লৈছিল Barter প্ৰথাৰে | বাকী সকলো নিজে উৎপাদন কৰিছিলে।

খ) চাহাব যোৱাৰ সময়ত — ১৯৫০ – ১৯৫১ চনত অসমৰ ৰাইজৰ জনমূৰি আয় ভাৰতৰ বাকী ৰাজ্যৰ গড়তকৈ ৪% বেচি আছিল।

গ) বৰ্তমান — ব্ৰতমান অসমৰ ৰাইজৰ জনমূৰি আয় ভাৰতৰ বাকী ৰাজ্যৰ গড়তকৈ বহুগুণে কম।

অৰ্থাৎ চাহাবে ঠগিছিলে কিন্তু তাতকৈ বহুগুণে বেচি ঠগন দি আছে আধুনিক সকলে in that name of Name।

অসমীয়া ৰাইজ এলেহুৱা, নিষ্কৰ্মা, আনৰ দয়াত থাকি ভাল পায় ইত্যাদিৰ জন্ম কেনেকৈ হল বহু মানুহে জানে যি সকলে অসমৰ Peasant Revolt in Assam কথাবোৰ ভালকে জানে।

বৃটিছে প্ৰথম উজনি অসমত ‘Paik’ আৰু ‘Khel’ system আৰু নামনি অসমৰ ‘Pargana’ system কেইবা দশক একো সলনি কৰা নাছিল কাৰণে ৰাইজৰ একো আপত্তি নাছিল।

বৃটিছে যেতিয়াই জমিদাৰ প্ৰথাৰ নিয়ম অসমত প্ৰৱৰ্তন কৰিব খুজিছিল বা তামোল পাণ বা গছ গছনিতো কৰ লগাব বুলি কৈছিল ৰাইজে অদ্ভুত পালে আৰু প্ৰথম ৰাইজৰ বহি প্ৰকাশ হৈছিল ১৮৬১ চনত the Phulaguri Dhawa was the first agrarian revolt in Assam ।

১৭ ছেপ্টেম্বৰ ১৮৬১ চনত কিছু ৰাইজে তামোল পাণত কৰ লগাব বুলি গম পাই নগাও জিলাৰ District Commissioner ‘ক দুখ প্ৰকাশ কৰিবলৈ গৈ এদিনৰ কাৰণে fined আৰু detained হল। তাৰ পাচত ৰাইজ মেল পাতি ঠিৰাং কৰিছিল যে ১৫ অক্টোবৰৰ পৰা চাহাবক কৰ নিদিয়ে। ১৮ অক্টোবৰত চাহাবে senior officer J.B. Singer ‘ক পঠাইছিল ৰাইজৰ পৰা তামোল পাণৰ কৰ সংগ্ৰহ কৰিবলৈ কিন্তু ৰাইজে ওলোটাই মাৰপিট কৰি Lieutenant Singer ‘ক The End কৰি কলং নৈলৈ দলি মাৰি দিছিল।

২০১১ চনৰ নগাও Deputy commissioner M. Angamuthu ‘এ The Telegraph reporter শৰত শৰ্মা’ক কৈছিল —
the fact-finding committee would prepare a detailed history of the Phulaguri uprising, including the “hidden causes” and the sentiments of the “agitated” farmers leading to the point when they lynched the British official. তাৰ মানে আমাৰ দেশে জানেও আৰু নাজানেও।

আমি যিয়ে কৰো কিন্তু এই ১৮ অক্টোবৰ ১৯৬১ চন আমাৰ কাৰণে মনত ৰখা বা গৌৰৱৰ দিন। ইয়াৰোপৰি Rangia and Lachima Revolt , Patharughat Uprising হৈছিল, সদ্যহতে Peasant Revolt in Assam কথাখিনি দীঘলীয়া নকৰো, পাছত কম।

কেৱল Phulaguri ঘটনাৰ কাৰণে তেতিয়া বৃটিছে বাহিৰৰ পৰা মানুহ ইয়ালৈ আগতকৈ অতি বেছিকৈ আনিব আৰম্ভ কৰে আৰু প্ৰথম বাহিৰৰ লোকক ক’ব আৰম্ভ কৰিছিল যে অসমীয়া মানুহ এলেহুৱা কানি খাই লেং খাই পৰি থাকে আমাৰ মানুহক Demoralize কৰিবলৈ।

আজিকালি যি সকল অসমীয়া মনুহে কয় আমাৰ ৰাইজ এলেহুৱা তেখেত সকলৰ ব্ৰিটিছৰ hang over এতিয়াও আছে।

যোৰহাট শিৱসাগৰ নিচিনা জিলাত এতিয়াও বাংলাদেশী বেচি নাই | তাৰ মানে ইয়াৰ ৰাইজে গাঁৱত কঠাল খাই জীয়াই নাথাকে | বতৰৰ ফল বতৰত খাবা, আৰু যি ঠাইলৈ বাংলাদেশী আহিবলে সুবিধা কাৰণে বাংলাদেশী বেচি তাৰ অৰ্থ এইতো নহয় যে সেই ঠাইৰ অসমীয়া গাঁৱৰ ৰাইজে একো কাম নকৰে।

যি সকল অসমীয়া মনুহে কয় আমি এলেহুৱা বা নিষ্কৰ্মা তেখেত সকলে প্ৰথম নিজকে সুধিব লাগে তেখেত সচাকৈ নিজে এলেহুৱা বা নিষ্কৰ্মা নেকি, যদি নহয় উত্তৰতো আপুনি নিজে আৰু যদি হয় আমাৰ জাতি বা সমাজ খনক আপোনাৰ নিচিনা বুলি কোৱাৰ অধিকাৰ নাই ।

অসমীয়া লৰা ছোৱালীৰ সৰ্ব ভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত প্ৰদৰ্শন যেনে তেনে —

আহক ৰাইজ, প্ৰথমে আমি আমাৰ এজন মহান ব্যক্তিয়ে উচ্চ শিক্ষাৰ যুদ্ধলৈ যোৱা ভ্ৰমণৰ কথা পঢ়ি লও –

১৮৪১ চনত দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি আনন্দৰাম ঢেকিয়াল ফুকনক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়। সেই সময়ত ভাপ-নাও, বা ৰেল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে ব’ঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। কলিকতাৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে হিন্দু কলেজত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰি ১৮৪৪ চনত গুৱাহাটীলৈ উভতি আহে। উভতি আহিও তেখেতে সুধী বৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে, উৰ্দু আৰু ফাৰ্চী ভাষাৰো শিক্ষা গ্ৰহন কৰে।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু তাৰ ৩ বছৰৰ পাচত ১৮২৯ চনত সেনেট অফ শ্রীৰামপুৰ কলেজ (বিশ্ববিদ্যালয়) ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়-মৰ্যাদা প্ৰাপ্ত শিক্ষাপ্ৰতিষ্ঠান বুলি ঘোষণা কাৰ হয়। এইখন স্থাপনৰ উদ্দেশ্য আছিল ভাৰতৰ সকলো বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে কলা আৰু বিজ্ঞানৰ শিক্ষা দিয়া আৰু ভাৰতত চাৰ্চৰ কাম পৰিচালনাৰ প্ৰশিক্ষণ দিয়া ।

১৯৪৭ – ১৯৬০ :

প্ৰথম বিশ্ববিদ্যালয় স্থাপনৰ ১০০ বছৰৰ অধিক পাচত উত্তৰ পূৰ্বাঞ্চলত ১৯৫০ চনত প্ৰথম গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হয় আৰু ক’বলৈ গলে তেতিয়াহে ৰাইজৰ কাৰণে উচ্চ শিক্ষাৰ দ্বাৰখন খোল খাই।

১৯৫০ চনৰ আগত যিসকল অসমীয়া মানুহে উচ্চ শিক্ষা বা শিক্ষা গ্ৰহণ কৰিছিল তেখেত সকলৰ সকলোৱে কিবা নহয় কিবা কৰা অৱদানৰ কাৰণেহে আজি আমাৰ স্থান ভাল (ব্যক্তি বিশেষ ইয়াত নজনাও, বেলেগকৈ জনাব লাগিব আৰু কিছুমানৰ ইতিমধ্যে জনোৱা হৈছে )।

১৯৫0 পাচতো ৰাইজৰ অৱদান আছে কিন্তু আধুনিক যুগৰ ভেটি আগৰ সকলে বনাই থৈ যোৱা। যদি তেখেত সকলে ৰাইজৰ বা জাতিৰ কথা নাভাবি নিজৰ career ‘ৰ কথা ভবা হলে এতিয়া পৰিস্থিতি নিশ্চয় বেলেগ হল হয় । ১৯৫০ চনৰ আগত শিক্ষিত সকলক দুটা সংস্থাৰ লগত সম্পৰ্ক প্ৰায় সকলোৰে পাব – অসম সাহিত্য সভা আৰু শিক্ষকতা | যেনে – গুৱাহাটীত তৰুণ ৰাম ফুকনৰ অনুৰোধক্ৰমে গোপীনাথ বৰদলৈয়ে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে । সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, সত্যনাথ বৰা উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিলে। ১৯১৭ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে ।

১৯৫০ – ১৯৫১ চন ভাৰতত মুঠ ১ কৌটি ৯০ লাখ ছাত্ৰ ছাত্ৰী প্ৰাইমাৰী স্কুল আৰু হাইস্কুল ৩০ লাখ আছিল।

১৯৫০ চনত অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৯ লাখ ৩৪,০০০ জন আৰু ১৯৬৫ চনত ৩১ লাখ ৫৪,০০০ জন আছিল।

১৯৫০ চনত অসমত কলেজ আৰু বিশ্ববিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৮,৬০১ জন, ১৯৫৫ চনত ১৪,৫৯৫ জন, ১৯৬০ চনত ২৮,২২৬ জন আৰু ১৯৬৫ চনত ৪৫,৩৮৭ জন।

আপুনি যদি The Assam Tribune কাগজৰ archive পৰা ১৯৪৭ চনৰ কাগজ পঢ়ে আৰু আন যি পাই পঢ়ে তেতিয়া গম পাব আমাৰ মানুহে “মানৱতাৰ খাতিৰত” তেখেত সকলক আহিব দিছিল আৰু সমান্তৰালকৈ লাহে লাহে ভুলবোৰ দেখিছিল আৰু প্ৰকাশ হৈছিল কাগজত | ১৯৫০ চনত কেন্দ্ৰীয় চৰকাৰে বাধ্য হৈ ১৯৫০ চনৰ PM of India আৰু PM Pakistan এখন চুক্তি কৰিছিল আৰু তাৰ পাছৰ পৰা এতিয়া লৈকে চুক্তিৰ পাচত চুক্তি কৰিয়েই আছে।

১)
Natun Assamiya, Gauhati, 18 August, 1947 :

Assam-Bengal Association এ কলে Bengalis were in majority in Assam and it would not take long to have Bengali as an accepted state language of Assam।

২)
Natun Assamiya, Gauhati, September 10, 1947, The Assam Tribune, Gauhati, September 29, 1947 :

Sri Ambikagiri Roy Choudhury, the President of Assam Jatiya Mahasabha, submitted a memorandum to Sri Gopinath Bordoloi, then Chief Minister of Assam.

The main demands incorporated in the memorandum were (1) the influx of outsiders must be stopped (2) full representation of Assamese interest in all departments of central government should be given, (3) Assamese language should be given full recognition in every sphere of governmental activities including all the Central departments, (4) Assamese must be declared as the medium of instruction in all educational institutions.

৩)
The Assam Tribune, Gauhati, 5, 9, 15 July, 1950 :

The Refugee problem being an all India problem, these people should be distributed equitably among all the states in the Indian Union.

তাৰ পাচত আমাৰ ৰাইজ , বিষেশকৈ ছাত্ৰ ছাত্ৰী সমাজ এতিয়ালৈকে তাৰিখৰ পিছত তাৰিখ ফালি আছে আৰু মাজে মাজে দহ বছৰীয়া অধিৱেশন পাতে, ১৯৬০-৬১, ১৯৭১, ১৯৭৯ ইত্যাদি ।

১৯৫০ চনৰ PM India – PM Pakistan ‘ৰ চুক্তিৰ পাছৰ পৰা ১৯৬০ চনৰ ৰাজ্যভাষা আন্দোলনৰ কাৰণবোৰৰ in brief খবৰ এই বিলাকত পাব :

Amrit Bazar Patrika, Calcutta, 8 July, 1950
The Assam Tribune, Gauhati, 31 March, 1955
The Assam Tribune, Gauhati, 4 April, 1955.
The Statesman, Calcutta, 14 April, 1955.
Assam Assembly Debates, Part VI, 17 November, 1955.
Sarma, S.C., On Language Statistic of Assam Censuses, Assam Govt. Press, Shillong, 1955, p. 61.
Chaudhary,A, Mukhar Basha Buker Rudher (in Bengali), Calcutta, 1972, p. 24, Chaudhary, N, Asamer Bhasa Danga (in Bengali), Calcutta, 1973, p. 17.

Amrit Bazar Patrika, Calcutta, 1 July, 1960.

দুখ লাগে যেতিয়া এনেকুৱা খবৰ পঢ়ো

One of the slogan was “Assamese is a donkey’s Language”, Refer. The Assam Tribune, Gauhati, 24 April, 1960:

It was at this stage that large scale violence erupted in certain parts of Assam in the months of May, 1960 when the non-Assamese speaking residents of Shillong staged a demonstration at which provocative slogans against the Assamese language and also against the A.P.C.C. resolution were shouted.

বৰ্তমান :

আচৰিত কথা ১৯৪৭ চনৰ পৰা ১৯৫৫ চনলৈ ৰাইজে যিবিলাক দাবীৰ কথা কৈছিলে, আজিলৈকে দুটামান কম হল আৰু চনটোৰ বাহিৰে বাকীবোৰৰ এটাও শব্দ সলনি হোৱা নাই ।

প্ৰথমৰ পৰাই ছাত্ৰ ছাত্ৰী সকল সামাজিক, অৰ্থনৈতিক সমস্যাবোৰৰ কাৰণে সামাজিক কাম কৰি থকাৰ প্ৰধান কাৰণ আছিল তেতিয়া আমাৰ শিক্ষিত মানুহ কম আছিল।

কথাটো হৈছে কেতিয়াৰ পৰা আমাৰ শিক্ষিত মানুহ বেচি হ’ল সেইটো নহয় , কথাটো হৈছে বৰ্তমান আমাৰ শিক্ষিত মানুহ যথেষ্ঠ | এতিয়া অন্তত আমাৰ শিক্ষাৰ সমাজ খনক কেনেকৈ ভাল পৰিৱেশ কৰি উচ্চ মানদণ্ডৰ শিক্ষা পাই তাকেহে কৰিব লাগে।

আমাৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সমস্যাবোৰ ৰাইজে নিজৰ হাততলৈ ছাত্ৰ ছাত্ৰী সকলক ভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত দপদপাই থাকিবলৈ মুক্ত কৰি দিব লাগে | মই কেইজনমান ছাত্ৰ ছাত্ৰীৰ কথা কোৱা নাই, কৈছো ছাত্ৰ ছাত্ৰীৰ সমাজখনৰ কথা। ১০ বা ১৫ বছৰ Max পঢ়াৰ পৰিৱেশ দিয়ক, দপদপাই দেখুৱাই দিব |

admin

Leave a Reply