অবাধ্য শৰীৰ

শ্ৰী অজিত কুমাৰ বৰদলৈ, সচিব, অসম চুক্তি ৰূপায়ণ বিভাগ ৷

দেহটো অপাৰেচনৰ টেবুলত
এনাষ্ঠেচিয়াক গতাই
মই ওলাই আহিছো
বহু অনৰ্থৰ মূল দেহাটো
বয়সো বাঢ়িছে
বেমাৰবোৰ গোটাই-পিটাই
সি ক্ৰমে অবাধ্য হৈছে
সেয়ে কিবা এটা কটা-ছিঙাৰ মুখত পৰিছে ।

দেহৰ সৈতে বিচৰণৰ পৰিসীমা এৰি
মই যেন যামগৈ,
বৰ পাতল পাতল লাগিছে,
মুকলি সময়
কোনেও মোক চুব নোৱাৰে
চাব খুজিলে চকুৰে নমনে
বিচৰণৰ শিহঁৰণে আৱৰিছে মোক ।

দেহ-জঁকাৰ মানুহবোৰ দেখিছো
নিজৰ লগতে আন দুই এক
কথা আৰু চিন্তাৰ মাজত ডুবিছে
কাৰো আজিৰ নাই
মোৰ এতিয়াৰ দৰে ।

মই ঘূৰি যাম নে নেযাম ?
এনাষ্ঠেচিয়াই ওলাই অহাৰ পৰত
কাণে কাণে কৈছিল
মোৰ সময়খিনি পাৰ হোৱাৰ পৰত
তুমি আহিব লাগিব,
দেহৰ ৰিপেয়াৰিঙৰ বাবে হেনো মোক
আঁতৰাই পঠোৱা হৈছে,
আকৌ দেহভাৰী হব লাগিব
স্বত্ত্বটো ডাক্তৰ বাবুৰ তাত
বাধ্যত পৰি মই মানি অহাতো সঁচা ।

bipul bora

Leave a Reply