অন লাইন পূজা

অন লাইন পূজা

পদূলি শুঙা বৰুৱা ৷

প্ৰতি বছৰে দেৱী দূৰ্গা মৰ্ত্যলৈ আহে ৷ তেওঁৰ নিজা পূজা ভাগ ল’বলৈ ৷ বৰ কষ্ট হয় আহোতে ৷ কেতিযাবা হাতী, কেতিয়াবা ঘোঁৰা, নাও ইত্যাদিৰে ৷ সেই পুৰণা, আহুকলীয়া বাহনবোৰত বাৰু কিমান কষ্টৰে যাতায়ত কৰিব ৷ তাতে আজিকালি পূজা মণ্ডপৰ সংখ্যাও অসমত বাংলাদেশী বঢ়াদি বাঢ়িল ৷ মৰ্ত্যৰ ভক্তসকলে হাৱাতে যাব পৰা আধুনিক বাহনত আহে ৷ তেওঁ দেৱী হৈও সেই পূৰণা বাহন ৷ বৰ লাজৰ কথা ! পতি ভোলানাথক এবাৰ কৈছিলেও কথাষাৰ ৷ অসমৰ মূখ্য মন্ত্ৰীজনক ক’লেই দেখোন পতককৈ গাড়ী এখনৰ ব্যৱস্থা কৰি দিব ৷ কথা শুনি ভোলানাথ জাঙুৰ খাই উঠিছিল ৷ দেৱী হৈ সৰগৰ সংস্কৃতি বিসৰ্জন দিব নোৱাৰিব ৷ আধুনিকতাৰ বতাহ সৰগত প্ৰৱেশ কৰিব দিব নোৱাৰি ৷ কথা সিমানতে শেষ ৷

যাতাযতৰ কথা বাদেই পৃথিৱীত ভক্ত সকলৰ আচৰণেও তেওঁক কম নগুৰ নাকতি কৰেনে ৷ আগৰ ভক্ত নাই ৷ এতিয়া পুৱাতে সেইটুপি নধৰিলে ভক্তৰ হাত কঁপে ৷ আহুতি, দক্ষিণা আদি উফৰি ক’ৰবাত পৰেগৈ ৷ গতিকে দেৱীৰ মৰতলৈ আহিবৰ ইচ্ছা নোহোৱা হৈছে ৷ কিবা বিকল্পৰ সন্ধান কৰিব নোৱাৰি নে ৷

বিকল্প আছিল ৷ কেইবছৰ মানৰ পৰা পৃথিৱীত দেৱীয়ে কম্পিউটাৰ, ইন্টাৰনেট, অনলাইন চ’পিং আদিৰ কথাবোৰ বৰকৈ শুনিছে ৷ মৰ্ত্যত এতিয়া সকলোবোৰ কাম অনলাইনত হয় ৷ e-mail, e-shoping, e-paper, e-magazine, e-government ইত্যাদি ইত্যাদি ৷ আনকি দৈৱ শাস্ত্ৰ বেদ, উপনীষদ, গীতা আদিও অনলাইনত উপলব্ধ হ’ল ৷ মৰ্ত্যৰ মানুহে এতিয়া বুটাম টিপিলেই বিচৰা বস্তু মুখৰ আগত পাই ৷ সেয়া আগতে দেৱতা সকলৰ বাবেহে সম্বৱ আছিল ৷

গতিকে দেৱীয়ে ভাবিলে, ইমান বোৰ কাম যেতিয়া অনলাইন হৈছে, তেওঁৰ পূজা ভাগও দেখোন অনলাইন হ’ব পাৰে ৷ ভবা মতে কাম ৷ পতিৰ লগত আলাপ কৰি বিশ্বকৰ্মাক মতাই আনিলে ৷ অনলাইন পূজাৰ বাবে কাৰিকৰী ব্যৱস্থাটোৰ দায়িত্ব তেওঁ ল’ব লাগিব ৷
বিশ্বকৰ্মাৰ সৈতে বৈঠকত বহিল দুইয়ো পতি -পত্নী ৷ দেৱীয়ে ইন্টাৰনেট আৰু অনলাইন ব্যৱস্থাৰ বিষয়ে বহলাই বক্তব্য ৰাখি অনলাইন দূৰ্গা পূজাৰ প্ৰস্তাৱ দিলে ৷ কথা শুনি বিশ্বকৰ্মা চকু টিপ নমৰাকৈ হাঁ কৰি দেৱীৰ মুখলৈ চাই থাকিল ৷ মহাদেৱে গল হেকাৰি এটা মাৰি দিয়াতহে সম্বিত ঘূৰি আহিল বিশ্বকৰ্মাৰ আৰু মাত লগালে … “দেৱী মাতৃ, মই আপোনাৰ কথাখিনি বুজি পাইছোঁ যদিও একো উৱাদিহ পোৱা নাই ৷ আচলতে মোৰ বিভাগটো এতিযা প্ৰায় আউটডেটেড ৷ মই সেই তাহানিৰ কল-কব্জাৰ সৈতেহে জড়িত ৷ মৰ্ত্যৰ প্ৰযুক্তিৰ লগত মই ফেৰ মাৰিব পৰা নাই ৷ কেইবছৰ মানৰ আগতে কম্পিউটাৰ নামৰ যন্ত্ৰ ভাগিৰ কথা শুনিছিলো ৷ ইযাৰ বিশদ অধ্যয়ণৰ বাবে এখন অধ্যয়ণ কমিটিও গঠন কৰিছিলো ৷ পাঁচ বছৰ মান হ’ল কমিটিয়ে ৰিপৰ্ট দাখিল কৰিলে ৷ মইহে চাবলৈ সময় পোৱা নাই ৷ আজিয়েই মই ফাইলটো উলিয়াই চাম ৷ তাৰ পাছতহে আপোনাক কিবা সমিধান এটা দিব পাৰিম ৷”

কথা শুনি দেৱী নিৰাশ হ’ল মনটো মাৰি পেলালে ৷ পত্নীৰ নিৰাশ মুখন দেখি ভোলানাথৰ খং উঠিল ৷ বিশ্বকৰ্মালৈ চাই অলপ টানকৈ ক’লে… ”তুমি কামটো কৰিব পাৰিবানে নোৱাৰা তাৰ উত্তৰ মোক সোনকালে লাগে ৷ পাঁচ বছৰে পেলাই থোৱা ফাইলটো খুলি তুমি একেদিনাই কি কৰিবা ? মনুষ্য জাতি দেৱতাত কৈ আগবাঢ়িল, তুমি যোগ্যতা হেৰুৱাইছা ৷” বিশ্বকৰ্মাই ভয় খালে বাৰুকৈয়ে ৷ কিজানি চকীখন হেৰুৱাব লগা হয় ৷ ভয়ে ভয়ে তেওঁ কলে… ”ক্ষমা কৰিব প্ৰভু ৷ মোৰ কিছু দুৰ্বলতা আছে ৷ মই স্বীকাৰ কৰিছো ৷ এইবাৰ মই সৰ্ববপ্ৰকাৰে চেষ্টা কৰিম ৷ পিছে মোৰ মনলে আন উপায় এটাহে আহিছে ৷ প্ৰভুৱে দায় নধৰিলে বেকত কৰিব পাৰো ৷”

মহাদেৱে ইংগিতেৰে সঁহাৰি জনালে ৷ অভয পাই বিশ্বকৰ্মাই বেলেগ এটা প্ৰস্তাৱ দাঙি ধৰিলে… “এই কাম ভাগ প্ৰভুৱে আমাক অৰ্পণ কৰাৰ সলনি মৰ্ত্যৰ কোনোবা এজন মন্ত্ৰীক দায়িত্ব দিয়ক ৷ সাউতকৈ কৰি দিব ৷ আপুনি মাথো কথাষাৰ কলেই হ’ল, পাছৰ যোগাযোগ মোৰ বিভাগে কৰিব ৷ আই মাতৃৰ বৰ্ণনাৰ পৰা মই যি বুজিলো কামটোৰ বাবে তাৰ পৰা কোনো কাৰিকৰ সৰগলৈ অনাৰ প্ৰয়োজন নহ’ব ৷ সমস্ত কাম তাতে কৰিব পাৰিব ৷ মথো দেৱী মাতৃৰ বাবে কম্পিউটাৰ নামৰ যন্ত্ৰ এভাগি সৰগলৈ অনালেই হব ৷

এইবাৰ দেৱীৰ মুখখন উজলি উঠিল ৷ মহাদেৱেও স্বস্তিৰ নিশাহ এৰিলে ৷ এৰাতো কাম দেখোন পৃথিৱীতে হ’ব মিছাতে আউটডেটেড ব্যৱস্থা এটাৰ লগত সময় নষ্ট কৰা হ’ল ৷ তিনিও আলোচনা কৰি সিধান্ত ললে ৷ কৰিকৰী কাৰ্যটি এক প্ৰকাৰে সামাধা হ’ল ৷

এতিয়া কথা হ’ল মত্যৰ ভক্তসকলে বা প্ৰস্তাৱ টো কিদৰে গ্ৰহণ কৰে ৷ তেওঁ লোকে যদি অনলাইন পূজাৰ প্ৰস্তাৱটো মানি নলয ৷ তেওঁ লোকৰ মতামত হে আছল কথা ৷ প্ৰট’কল মতে শাৰদীয পূজা সমূহৰ ভিতৰত গণেশ পূজা আগত ৷ সেই মতে গণপতিৰ মৰ্ত্য গমন সদায় আগত ৷ গতিকে দ্বিতীয় প্ৰস্তাৱ মতে এইবাৰ দূৰ্গা পূজাৰ আগে আগে ভক্ত সকলৰ মাজত এখন বৈঠক আহ্বান জনোৱা হ’ব ৷ বৈঠকত সৰগৰ প্ৰতিনিধি হিচাপে গণপতি উপস্থিত থাকি অনলাইন পূজাৰ প্ৰস্তাৱটো উত্থাপন কৰিব ৷ প্ৰস্তাৱ গৃহীত হলে এইবাৰেই অনলাইন পূজা আৰম্ভ হ’ব ৷
যোৱাবাৰ পৃথিৱীৰ পৰা উভতি আহোতে দূৰ্গদেৱীয়ে মোবাইল ফ’ন এভাগী উপহাৰ স্বৰুপে পাইছিল ৷ বৰ্তমান সেইটোৰেই তেওঁ মৰ্ত্যৰ লগত যোগাযোগ ৰাখিছে ৷ প্ৰস্তাৱিত বৈঠকৰ সন্দৰ্ভত তেওঁ প্ৰতিখন পূজা কমিটিলৈ আগতীয়া বাৰ্তা whatsappত পঠাই দিলে ৷

মেছেজটো পাই কমিটি সমূহৰ নেতাৰ মাজত হুৱাদুৱা লাগিল ৷ সিহঁতৰ দেখোন পেটতে গোৰ পৰিব ৷ সাতামপুৰুষীয়া পূজাভাগ যদি অনলাইন হৈ যায় তেওঁ লোকৰ কাম নাথাকিব ৷ ভক্তই ঘৰে ঘৰে মোবাইল লেপ্টপ্ আদিত পূজা চলাই দিব ৷ তেওঁ লোকৰ বছৰটোৰ উপাৰ্জন বন্ধ হব ৷ পুৰোহিত সকলে মনে মনে বেযা নাপালে ৷ যেহেতো software টোত পূজাৰীৰ option টো থাকিবই গতিকে তেওলোকে একে সময়তে কেইবাঘৰত পূজা চলাব পাৰিব ৷ paymentটো যদি অনলাইন হয় তেনে সমস্যা আৰু কমি যাব ৷ কিন্তু মুখ খুলি ক’ব নোৱাৰে, পূজা আহি আছে কেনেবাকৈ সম্পাদকে গম পালে কন্ট্ৰেকটো হেৰাব পাৰে গণপতি আগমনৰ আগে আগে ৷ নেতাবোৰে ভাগে ভাগে গ্ৰুপ মিটিং আৰম্ভ কৰি দিলে ৷ যেনে তেনে গণপতিক সন্তুষ্ট কৰি প্ৰস্তাব টো নাকছ কৰিব লাগিব ৷

admin

1 comment

  1. অনলাইন পূজাৰ ৱেবচাইটত একাউন্ট খুলিবলৈ কি কি ডকোমেন্ট লাগিব বাৰু…… ইও ব্যৱসায়টো আৰম্ভ কৰোঁ বুলি ভাবিছো…….

Leave a Reply