অন্ধবিশ্বাস আৰু বিজ্ঞান

ড০ ৰাস্না ৰাজখোৱা
সহকাৰী অধ্যাপিকা, পদাৰ্থ বিজ্ঞান বিভাগ
ত্যাগবীৰ হেম বৰুৱা কলেজ
জামুগুৰিহাট, শোণিত্পুৰ ।

 

আধুনিক বিজ্ঞানৰ বাহ্যিক পৰিবৰ্তনে আমাৰ জীৱন ধাৰণৰ চেহেৰা সলনি কৰি পেলাইছে। যন্ত্ৰপাতি, উন্নত চিকিৎসা পদ্ধতি, যোগাযোগ ব্যৱস্হা, উন্নত ক‼ষি পদ্ধতি আদি বিজ্ঞানৰ এই বাহ্যিক ৰুপটোৰ বৰ্তমান জয়্জয়কাৰ অৱস্হা, আৰু মানুহে আজি ইয়াৰ ফল নিৰ্বিবাদে ভোগ কৰিছে। অৰ্থাৎ বিজ্ঞানে বৰ্তমান ভোগবাদী জীৱনৰ চাহিদা বাৰুকৈয়ে পূৰাবলৈ সক্ষম হৈছে। কিন্ত্ত বিজ্ঞানৰ এটা আভ্যন্তৰীণ দিশ আছে, যাৰ প্ৰতি সাধাৰণতে কম সংখ্যক লোকেহে চকু দিয়ে। ই আমাৰ জীৱনৰ চিন্তাধাৰাৰ পৰিৱৰ্তন সাধে, আমাক যুক্তিবাদী কৰি গiঢ় তোলে, আমাক অন্বেষণমুখী কৰে।
বহুতে আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক একাকাৰ কৰি এনে এক ধাৰণাৰ সৃষ্টি কৰে যেন বিজ্ঞানৰ দায়িত্ব আমাৰ প্ৰয়োজনীয় বস্ত্ত বাহনি মুখৰ আগত আনি দিয়াতেই শেষ হয়। কিন্ত্ত বিজ্ঞানীসকলৰ সত্য অন্বেষণৰ লগত প্ৰায়োগিক দিশটোৰ বিশেষ সৰ্ম্পক নাথাকে। তেনে হোৱা হ’লে আমি গেলিলিঅ’, নিউটন, আইনষ্টাইনৰ দৰে মহৎ বিজ্ঞানীসকলক নাপালোঁহেঁতেন। নিউটনৰ আৱিস্কাৰে আজি আমাক পৃথিৱী চেৰাই মহাকাশত খোজ দিবলৈ সক্ষম কৰি তুলিছে; কিন্ত্ত নিউটনে এই কথালৈ লক্ষ্য ৰাখি জ্ঞান অন্বেষণ কৰা নাছিল। অন্বেষণ হৈছে বিজ্ঞানীসকলৰ এক আন্তৰিক হেঁপাহ—ই সত্য অন্বেষণৰ হেঁপাহ—প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ হেঁপাহ। এই অন্বেষণ সাধাৰণ বিধৰ নহয়—ই প্ৰণালীৱদ্ধ, যুক্তিনিৰ্ভৰ; আৰু ইয়াক পৰিশেষত পৰীক্ষাৰদ্ধাৰা সাব্যস্ত কৰা হয়।

বিজ্ঞানৰ অন্বেষণত পৰ্য্যবেক্ষণ অতি জৰুৰী—তাৰ পিছতে আছে লব্ধ তথ্যসমূহৰ সাধাৰণীকৰণ আৰু সিদ্ধান্ত গ্ৰহণ।
বিজ্ঞানৰ তথ্য বা সিদ্ধান্তসমূহ পৰম নহ্য়; এইবোৰ পৰিৱৰ্তনশীল। বিজ্ঞানত কথাটো কোনে কৈছে সি ডাঙৰ কথা নহয়, কথাটো যুক্তিসিদ্ধ হয়নে নহয়, পৰীক্ষাৰদ্ধাৰা প্ৰমাণিত হয়নে নহ্য়, সেইটোহে প্ৰধান কথা। গতিকে, পৰীক্ষাৰদ্ধাৰা প্ৰমাণ নহ’লে কোনো প্ৰখ্যাত বিজ্ঞানীৰ ধাৰণাও বৰ্জন কৰা হ’ব। বৈজ্ঞানিক তথ্যৰ কেইটামান বিশেষ লক্ষণ আছে। যেনে—ইয়াৰ ফলাফল পৃথিৱীৰ সকলো ঠাইতে একে হ’ব লাগিব। কোনো এটা তথ্য বা সিদ্ধান্ত বহুবাৰ পৰীক্ষা কৰিলেও একেই ফলাফল পাব লাগিব। বিজ্ঞানে গুৰুবাদক মান্যতা নিদিয়ে। বিজ্ঞানৰ আন এক বৈশিষ্ট্য হৈছে—ই গোপন নহয়। বিজ্ঞানৰ তথ্য এটা আৱিস্কাৰ হোৱাৰ পাছতে ই সমগ্ৰ মানৱ জাতিৰ সম্পদ হৈ পৰে। বৈজ্ঞানিক অনুসন্ধানে আমাক এক বিশেষ মানসিকতা প্ৰদান কৰে। ইয়াক আমি সাধাৰণভাৱে বৈজ্ঞানিক মানসিকতা বুলি কওঁ। কিন্ত্ত চিন্তনীয় কথা যে বিজ্ঞানে আমাৰ বাহ্যিক জগতখন ৰহণীয়া কৰিলেও আমাৰ বহুতকে বিজ্ঞান মানসিকতা প্ৰদান কৰিব পৰা নাই। ফলত আমি বিজ্ঞানৰ সকলো অৱদান নি:সংকোচে লৈছোঁ, জীৱন স্বাচ্ছন্দ্যেৰে পূৰ্ণ কৰিছো কিম্বা অলৌকিক শক্তিৰ হাতত নিজকে অৰ্পণ কৰিছো। আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে কাৰ্য্য-কাৰণ নিৰ্ণয় কৰিবলৈ অক্ষম। ফলত আমি অন্ধবিশ্বাসত ডুব গৈছো, আমি কুসংস্কাৰত নিমজ্জিত হৈ আছোঁ।

শব্দগত অৰ্থৰ পৰা চালে ভিত্তিহীন বা অযুক্তিকৰ বিশ্বাসকে আমি অন্ধবিশ্বাস বুলি কওঁ। আমি মন কৰিলে দেখিম যে এটা বিশ্বাসৰ লগত কিছুমান আচাৰ অনুষ্ঠান জiড়ত হৈ থাকে। যদি এই বিশ্বাসটো অন্ধবিশ্বাস হয় তেন্তে তাৰ লগত জiড়ত আচাৰ অনুষ্ঠানবোৰো সেই বিশ্বাসৰ ভিতৰুৱা, আৰু সেইবোৰো ভিত্তিহীন। উদাহৰণ স্বৰুপে—বসন্ত ৰোগ হৈছে ভাইৰাছ্জনিত এবিধ বেমাৰ। আমাৰ সমাজত বসন্তৰ গুৰিতে ‘শীতলা আই’ আছে বুলি বসন্ত ওলালে শীতলা আইক সন্ত্তষ্ট কৰিবলৈ বিভিন্ন আচাৰ-অনুষ্ঠান কৰা হয়। সেই অনুষ্ঠানবোৰ অন্ধবিশ্বাসৰ ভিতৰুৱা। কিছুমান অন্ধবিশ্বাসৰ লগত আচাৰ অনুষ্ঠান জiড়ত হৈ নাথাকে। যেনে-কিছুমান মানুহক ৰাতিপুৱাই দেখা পালে অমংগল বুলি কৰা বিশ্বাসৰ লগত কোনো অনুষ্ঠান জiড়ত হৈ নাথাকে। আনহাতে সকলো লোকবিশ্বাস অন্ধবিশ্বাস নহয়। সেইবোৰৰ মাজত কিছুমান যুক্তিপূৰ্ণ বিশ্বাসো থাকিব পাৰে। গতিকে লোকবিশ্বাস মানেই আৱৰ্জনা বুলি ধৰি ললে লোককৃষ্টিৰ অধ্যয়নত ভয়ংকৰ আহুকালে দেখা দিব। উদাহৰণ স্বৰুপে—ইংলণ্ডৰ গ্ল’চেষ্টাৰ অঞ্চলত এটা লোকবিশ্বাস আছিল যে গো-বসন্তৰদ্ধাৰা আক্ৰান্ত মানুহক বসন্ত ৰোগে আক্ৰমণ নকৰে। এই লোকবিশ্বাসেই এডৱাৰ্ড জেনাৰক বসন্তৰ ছিটা উদ্ভাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল। জনজাতীয় লোকৰ মাজত এনে বহুতো যুক্তিপূৰ্ণ বিশ্বাস প্ৰচলিত হৈ থকা দেখা যায়।

অন্ধবিশ্বাস আৰু বিজ্ঞানৰ সাদৃশ্য আছে। দুয়োটাই কাৰ্য্যৰ কাৰণ নিৰুপণ কৰিবলৈ চেষ্টা কৰে। উদাহৰণ স্বৰুপে— দুজন মানুহৰ পেটৰ অসুখ হৈছে। দুয়োজনেই পেটৰ অসুখৰ কাৰণ দৰ্শাইছে। তাৰে এজনে কৈছে তেওঁৰ খোৱাৰ অনিয়ম হোৱাৰ কাৰণে পেটৰ অসুখ হৈছে আৰু আনজনে কৈছে তেওঁ খাই থাকোতে ‘মুখলগা’ ব্যক্তি এজন আহি তেওঁক দেখা বাবে পেটৰ অসুখ হৈছে। পিছৰজনে অনাহকতে এজন মানুহৰ দৃষ্টিক দোষাৰোপ কৰিছে আৰু আনজনে খোৱাৰ অনিয়মৰ সৈতে পেটৰ অসুখৰ সম্পৰ্ক স্হাপন কৰিছে। সেই কথাৰ বৈজ্ঞানিক ব্যাখ্যা আছে কিন্ত্ত আনজনৰ হাতত নাই। তেওঁ কি খাইছিল, কিমান খাইছিল খাদ্যখিনি বাহি আছিলনে কি, অখাদ্য আছিলনে কি, পৰিষ্কাৰ-পৰিচ্ছন্ন আছিলনে নাই—ইত্যাদি কথাৰ উল্লেখ নাই। অথচ সেই সকলো ফঁহিয়াই চাইহে পেটৰ অসুখৰ কাৰণ নিৰ্ণয় কৰিব পাৰি।

অন্ধবিশ্বাসৰ আন এটা নমুনা হ’ল জ্যোতিষ। ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে জ্যোতিষৰ জন্ম হৈছিল কৃষি কাৰ্য্য, দূৰ ভ্ৰমণ, সমুদ্ৰ যাত্ৰা আদিৰ বাস্তৱ প্ৰয়োজনত। কৃষিজীৱী মানুহৰ পানীৰ প্ৰয়োজন-তাৰ বাবে বৰষুণ আৰু নদীৰ চৰিত্ৰ নিৰ্ণয় কৰাৰ প্ৰয়োজন আছিল। আদিম মানুহে সূৰ্য্য নিৰীক্ষণ কৰি দেখিছিল যে ইয়াৰ লগত বতৰৰ সম্পৰ্ক আছে, বৰষুণৰ সম্পৰ্ক আছে। ফলত সূৰ্য দেৱতা হৈ পৰিল। এইদৰে পৰ্য্যবেক্ষণৰদ্ধাৰা তেওঁলোকে বিভিন্ন গ্ৰহ-নক্ষত্ৰক কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ লগত সাঙুৰি পেলাইছিল। শেষত মানৱ জীৱনকো গ্ৰহ-নক্ষত্ৰই নিয়ন্ত্ৰণ কৰে বুলি এক ধাৰণাৰ জন্ম হৈছিল। সেয়া আছিল জ্যোতিষৰ আৰম্ভণি।

জ্যোতিষৰ মতে প্ৰতিটো গ্ৰহ-নক্ষত্ৰৰ নেপথ্যত এগৰাকী উপকাৰী বা অনিষ্টকাৰী বা অমংগলীয়া দেৱতা থাকে। সেই দেৱতাইহে সকলো কথা নিয়ন্ত্ৰণ কৰে। তেওঁক সন্ত্তষ্ট কৰিবলৈ বা বিতুষ্ট নকৰিবলৈ যিবোৰ আচাৰ-অনুষ্ঠান কৰা হয় বা ব্যৱস্হা লোৱা হয়, সেয়ে জ্যোতিষ। ই এক অতি প্ৰভাৱশালী অন্ধবিশ্বাস। জ্যোতিষৰ জনপ্ৰিয়তাৰ গুৰিতে হ’ল: জ্যোতিষে ভৱিষ্যতৰ কথা কয় – সকলো মানুহৰে ভৱিষ্যতৰ বিষয়ে জানিবলৈ আগ্ৰহ থাকে। ই অতি দুৰ্বল মানসিক অৱস্হা। জ্যোতিষে তাতেই ৰমৰমীয়া বজাৰখন পাই যায়। জ্যোতিষে দেৱতাসমূহৰ স্হান নিৰ্ণয় কৰে, সেইসকলৰ বিভিন্ন প্ৰভাৱৰ কথা ব্যক্ত কৰে। দেৱতাৰ সুপ্ৰভাৱ থাকিলে মানুহজন উৎফুল্লিত হয়; কিন্ত্ত কুপ্ৰভাৱ থাকিলেও কোনো চিন্তাৰ কাৰণ নাই। কাৰণ তাৰ প্ৰতিকাৰ আছে, পাথৰ-আঙঠি-তাবিজ-মাদলী। ইয়াতো সেই আদিম মানুহৰ কাৰ্য্য-কাৰণ নিৰ্ণয় প্ৰক্ৰিয়া আৰু তাৰ প্ৰতিবিধান। জ্যোতিষত নৱগ্ৰহৰ কথা কোৱা হয়, কিন্ত্ত বাস্তৱ ক্ষেত্ৰত ৰাহু-কেতু নামৰ কোনো গ্ৰহ নাই। আনহাতে জ্যোতিষত ইউৰেনাছ, নেপছুন গ্ৰহৰ কথা উল্লেখ কৰা নহ্য়। আমি কিন্ত্ত এইবিলাক কথা আলোচনা নকৰো।

তাৰোপৰি, জ্যোতিষীয়ে যিবোৰ ভৱিষ্যৎবাণী কৰে তাৰ বহুতেই নিমিলে। কিন্ত্ত আমাৰ বহুতৰে জ্যোতিষ শাস্ত্ৰত বিশ্বাস ইমান হাড়ে-হিমজুৱে সোমাই আছে যে আমি সেইবোৰ সোনকালে পাহৰি যাওঁ। তাতোকৈ ডাঙৰ কথা, এবাৰ কেইবাজনো বিখ্যাত জ্যোতিষীক কিছুমান মানুহৰ জন্ম-পত্ৰিকা দিয়া হ’ল ভৱিষ্যৎবাণী কৰিবলৈ। তাত দেখা গ’ল, কুখ্যাত ব্যক্তিৰো মহৎ ব্যক্তি হোৱাৰ যোগ্যতা আছে। আকৌ এজন হস্তৰেখাবিদক বান্দৰৰ হাতৰ ৰেখাৰ ছাপ দিয়া হ’ল – ভাগ্য গণনা কৰিবলৈ। গণনাত বান্দৰেও বি এ, এম এ পাছ কৰিব বুলি সিদ্ধান্ত দিয়া হ’ল। এনে ভুৱাৰ অলেখ উদাহৰণ আছে। সেইবাবে ১৯৭৫ চনত বিশ্বৰ ১৮৬ জন বিজ্ঞানীয়ে (সেই সকলৰ ১৮ জন নবেল বঁটা বিজয়ী) জ্যোতিষশাস্ত্ৰৰ সাৰশূন্যতাৰ বিষয়ে ঘোষণা কৰা এখন ইস্তাহাৰত স্বাক্ষৰ কৰিছিল। গতিকে আমি এক গভীৰ মননশীল বিশ্লেষাত্মক দৃষ্টিভংগীৰে কথাবোৰ বিবেচনা কৰি নিজকে জ্যোতিষীৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব লাগিব; তেহে এই অন্ধবিশ্বাসেও সমাজৰ পৰা মেলানি মাগিব।
বিজ্ঞানৰ প্ৰক্ৰিয়াটো কঠিন, বিশ্লেষণাত্মক, পৰীক্ষাসিদ্ধ। আনহাতে, অন্ধবিশ্বাস বা কুসংস্কাৰজনিত কথাবোৰ সৰল বিশ্বাসজনিত—দায়িত্বহীন মন্তব্যৰ দৰে।

অন্ধবিশ্বাসবোৰ বহুবছৰ ধৰি বিশ্বাসৰ ভিত্তি কৰি চলি থাকে—তাৰ লগত আৱেগ-অনুভূতি জড়িত হৈ থাকে। সেইবাবে সেইবোৰ চলি থাকে। আমি সেইবোৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ প্ৰয়াস নকৰোঁ। বহুতে আনৰ অনুভুতিত আঘাত হানিব বুলিয়েই মনে মনে থাকে। আকৌ অন্ধবিশ্বাসৰ বিশ্লেষণৰ কাৰণে প্ৰচুৰ ধ্যান-ধাৰণাৰ প্ৰয়োজন-তাৰ বাবে বিজ্ঞানৰ প্ৰায় সকলো শাখাৰ জ্ঞানৰ উপৰিও, ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ প্ৰচুৰ জ্ঞানৰ প্ৰয়োজন। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, বিজ্ঞানৰ বুনিয়াদী ধাৰণাবোৰ নিজৰ আয়ত্তত থাকিব লাগিব আৰু তাৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব নালাগিব।

আপোচহীন বৈজ্ঞানিক মানসিকতাহে অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰাময় কৰিবলৈ আমাক সক্ষম কৰি তোলে।
অন্ধবিশ্বাসৰ ভিত্তি সুবিশাল। এইবোৰ অধ্যয়ন কৰি উদ্ধাৰ কৰাও সহজ নহয়। অন্ধবিশ্বাস সমাজৰ পৰা নিৰ্মূল কৰাটো সহজ নহয়। ইয়াৰ বাবে এক আন্দোলনৰ প্ৰয়োজন। কিন্ত্ত অকল অন্ধবিশ্বাস দূৰ কৰিম বুলি কৰা আন্দোলন এটা সফল নহ’বও পাৰে। আচলতে একোটা বিশেষ সমাজ ব্যৱস্হা সম্পূৰ্ণৰুপে সলনি কৰিব লাগিব। আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দৃষ্টিকোণৰপৰা সম্পূৰ্ণৰুপে বৈজ্ঞানিক বুনিয়াদত গঢ়ি উঠা আন্দোলনেহে অন্ধবিশ্বাস নিৰ্মূল কৰিবলৈ সক্ষম হ’ব। এনে সমাজ গঢ়িবলৈ যাওঁতে আন্দোলনৰ প্ৰতি ঢাপতে সু-বিশ্লেষণৰ দ্ধাৰা সঠিকভাৱে অন্ধবিশ্বাসবোৰ ফঁহিয়াই চাব লাগিব আৰু জণসাধাৰণৰ মাজত ব্যাপক সচেতনতা জগাই তুলিব লাগিব। জনগণক ব্যাপকভাৱে বৈজ্ঞানিক মানসিকতাৰে উদ্বুদ্ধ কৰিব লাগিব। আমি বিজ্ঞানৰ বাহ্যিক ৰুপত ভোল নগৈ বিজ্ঞানৰ অভ্যন্তৰীণ দৰ্শনৰদ্ধাৰা জীৱন চালিত কৰিবলৈ প্ৰলুব্ধ হ’ব লাগিব। জীৱনৰ চৌপাশৰ আচবাব আৰু আহিলাসমূহ বিজ্ঞানৰ পৰা গ্ৰহণ কৰিলেয় নহ’ব- আমি আমাৰ চিন্তাক বৈজ্ঞানিক দৃষ্টিভংগীৰে নিয়ন্ত্ৰণ কৰিবলৈ আখৰা কৰিব লাগিব। তেতিয়া হয়তো আমি এদিন অন্ধবিশ্বাস নিৰ্মূলৰ সংগ্ৰামত সফল হ’ব পাৰিম।

bipul bora

1 comment

Leave a Reply